India-Pakistan War Updates: অসমত বাতিল সকলো বিহুৰ অনুষ্ঠান, মুখ্যমন্ত্ৰীয়ে দিলে এই নিৰ্দেশ | All Bihu events canceled in Assam, CM himanta biswa Sharma made the announcement due to the wartime situation Assam news - Assam Tv9

India-Pakistan War Updates: অসমত বাতিল সকলো বিহুৰ অনুষ্ঠান, মুখ্যমন্ত্ৰীয়ে দিলে এই নিৰ্দেশ

Published: 

09 May 2025 09:38 AM

দেশত যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সিদ্ধান্ত। সতৰ্কতামূলক ব্যৱস্থা হিচাপে কাইলৈৰ পৰা অসমৰ সকলো বিহু অনুষ্ঠান বাতিল কৰাৰ দিছে নিৰ্দেশনা।

1 / 5অব্যাহত আছে ভাৰত-পাকিস্তানৰ মাজত সংঘাত। বৃহস্পতিবাৰে নিশা দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে। কিয়নো নিশা পাকিস্তানে পঞ্জাৱ, ৰাজস্থানৰ লগতে জম্মু-কাশ্মীৰত আক্ৰমণ কৰে।

অব্যাহত আছে ভাৰত-পাকিস্তানৰ মাজত সংঘাত। বৃহস্পতিবাৰে নিশা দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে। কিয়নো নিশা পাকিস্তানে পঞ্জাৱ, ৰাজস্থানৰ লগতে জম্মু-কাশ্মীৰত আক্ৰমণ কৰে।

2 / 5

এই যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে শিক্ষানুষ্ঠান বন্ধৰ সিদ্ধান্ত লৈছে। বৰ্তমান পাকিস্তানৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ বাহিৰেও পশ্চিমবংগ, পঞ্চকুলা আৰু চণ্ডীগড়ৰ বিদ্যালয়সমূহৰ বাবে বন্ধ ঘোষণা কৰিছে।

3 / 5

তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অসমত ১০ মে'ৰ পিছৰ পৰা সকলো বিহু অনুষ্ঠান বাতিল। যুদ্ধকালীন পৰিস্থিতিৰ বাবে এই ঘোষণা মুখ্যমন্ত্ৰীৰ।

4 / 5

ইতিমধ্যে উত্তৰপূৱ সীমান্তটো হাই এলাৰ্ট জাৰি কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কটকটীয়া হৈ পৰিছে নিৰাপত্তা বেষ্টনী।

5 / 5

সতৰ্কতা আৰু সমব্যথাৰ বাবে মুখ্যমন্ত্ৰীয়ে কাইলৈৰ পৰা অসমত সকলো বিহু অনুষ্ঠান বাতিল কৰিবলৈ এই নিৰ্দেশনা দিছে। X যোগে কিছুসময় পূৰ্বে এই কথা প্ৰকাশ কৰিছে।

আপুনি ফেটি লিভাৰত আক্ৰান্ত নেকি? উপশম পাবলৈ দৈনিক এই পানীয় সেৱন কৰক
যুৱৰাজৰ দৰেই বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ, পিছে যুৱৰাজতকৈ আগবাঢ়ি কেইবাটাও অভিলেখ দীপ্তিৰ
পিতৃ-মাতৃয়ে ভুলতো সন্তানৰ আগত কৰিব নালাগে এই ৩টা কাম! জানক...
শৰীৰৰ অতিৰিক্ত ওজন কমাবলৈ গ্ৰীণ টি কেতিয়া খালে দ্ৰুত ফলাফল পাব? জানক