মুখত থকা বেক্টেৰিয়া হ’ব পাৰে হাৰ্ট এটেকৰ কাৰণ, কেনেকৈ জানক….
শেহতীয়াকৈ কৰা এটা অধ্যয়নত প্ৰকাশ পাইছে যে আপোনাৰ মুখত থকা বেক্টেৰিয়াবোৰেও হাৰ্ট এটেকৰ কাৰণ হ'ব পাৰে। এই গৱেষণাৰ পৰা দেখা গৈছে যে কেৱল হৃদযন্ত্ৰ আৰু ইয়াৰ শিৰাবোৰৰ প্ৰতি নহয়, মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। এই বিষয়ে জানো আহক...

দ্ৰুতগতিত বৃদ্ধি পাইছে হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। হাৰ্ট এটেক প্ৰায়ে হঠাৎ হয় আৰু ইয়াৰ বহু কাৰণ থাকিব পাৰে, যেনে- উচ্চ ৰক্তচাপ, কলেষ্টেৰল, মেদবহুলতা, মানসিক চাপ আৰু অস্বাস্থ্যকৰ জীৱনশৈলী। মানুহে বিশ্বাস কৰে যে হাৰ্ট এটেক কেৱল প্ৰাপ্তবয়স্ক বা বৃদ্ধৰ ক্ষেত্ৰতহে হয়, কিন্তু এতিয়া সকলো বয়সৰ লোক ইয়াৰ চিকাৰ হৈছে।
কিন্তু শেহতীয়াকৈ কৰা এটা অধ্যয়নত প্ৰকাশ পাইছে যে আপোনাৰ মুখত থকা বেক্টেৰিয়াবোৰেও হাৰ্ট এটেকৰ কাৰণ হ’ব পাৰে। এই গৱেষণাৰ পৰা দেখা গৈছে যে কেৱল হৃদযন্ত্ৰ আৰু ইয়াৰ শিৰাবোৰৰ প্ৰতি নহয়, মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। এই বিষয়ে জানো আহক…
ফিনলেণ্ডৰ টাম্পেৰে বিশ্ববিদ্যালয়ৰ গৱেষক দলে ক’ৰ’নাৰী ধমনী ৰোগত আক্ৰান্ত ২০০ৰো অধিক ৰোগীৰ প্লেক বিশ্লেষণ কৰে। প্লেক হৈছে এক প্ৰকাৰৰ জমা বা চৰ্বি, যি হৃদযন্ত্ৰৰ সিৰাত জমা হৈ হাৰ্ট এটেকৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত অধ্যয়নত দেখা গৈছে যে মুখৰ বেক্টেৰিয়াৰ ডি এন এ প্লেকত উপস্থিত আছিল, য’ত ভিৰিডান্স ষ্ট্ৰেপ্ট’ক’চি গ্ৰুপৰ বেক্টেৰিয়া আছিল। এই বেক্টেৰিয়াবোৰ সাধাৰণতে মুখত থাকে, কিন্তু প্লেকৰ ভিতৰত জমা হৈ এটা স্তৰ অৰ্থাৎ বায়’ফিল্ম গঠন কৰে।
এই স্তৰটো শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই সহজে ধ্বংস নকৰে আৰু প্ৰদাহৰ সৃষ্টি কৰি থাকে। শৰীৰত অতিৰিক্ত চাপ বা সংক্ৰমণ হ’লে এই বেক্টেৰিয়াই হৃদযন্ত্ৰৰ সিৰাৰ বেৰ দুৰ্বল কৰি তুলিব পাৰে। ইয়াৰ ফলত প্লেক ফাটি যায় আৰু তেজৰ সোঁতত বাধা আহিলে হাৰ্ট এটেক হ’ব পাৰে। এই অধ্যয়নত স্পষ্ট হৈ পৰিছে যে মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্যৰ সৈতে হৃদযন্ত্ৰৰ সুৰক্ষাৰ প্ৰত্যক্ষ সম্পৰ্ক আছে।
মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ জৰিয়তে হৃদযন্ত্ৰৰ সুৰক্ষা
মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা কেৱল দাঁত আৰু আলুৰ যত্নত সীমাবদ্ধ নহয়, ইয়াৰ ফলত হাৰ্ট এটেকৰ আশংকাকো প্ৰভাৱিত কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে দৈনিক ব্ৰাছ, ফ্লাছ আৰু মাউথৱাছ ব্যৱহাৰ কৰা লোকৰ মুখত ক্ষতিকাৰক বেক্টেৰিয়া কম থাকে। ইয়াৰ ফলত হৃদযন্ত্ৰৰ সিৰাত প্লেক গঠন হোৱাৰ সম্ভাৱনাও হ্ৰাস পায়।
বিশেষজ্ঞসকলে কয় যে যদিহে মুখখন ভালদৰে চাফা কৰা নহয়, তেন্তে হৃদযন্ত্ৰৰ সিৰাৰ বেৰত বেক্টেৰিয়া জমা হৈ প্লেক ৰূপত বায়’ফিল্ম গঠন কৰে। এই বায়’ফিল্মৰ ফলত প্ৰদাহ হয়, যাৰ ফলত হৃদযন্ত্ৰৰ শিৰা দুৰ্বল হৈ পৰে আৰু প্লেকখন হঠাতে ফাটি যাব পাৰে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। এনে পৰিস্থিতিত সময়ে সময়ে দন্ত পৰীক্ষা কৰা, ব্ৰাছ কৰা আৰু ফ্লাছ কৰাটো অতি গুৰুত্বপূৰ্ণ।
এনেদৰে যত্ন লওক
- খাদ্যত ফলমূল, শাক-পাচলি, ওমেগা-৩ খাদ্য অন্তৰ্ভুক্ত কৰক।
- দৈনিক ৩০ মিনিট লঘু ব্যায়াম কৰক।
- ধ্যান বা যোগাসনৰ দ্বাৰা মানসিক চাপ কমাব।
- ধূমপান আৰু মদ্যপান পৰিহাৰ কৰক।
- ব্ৰাছ কৰা, ফ্লাছ কৰা আৰু দৈনিক মাউথৱাছ ব্যৱহাৰ কৰা।
- ৬ মাহত এবাৰ দন্ত পৰীক্ষা কৰাব লাগে।
লগতে পঢ়ক: গাড়ীত উঠিলেই বমি, মূৰ ঘূৰোৱা…আপোনাৰো আছে নেকি এনে সমস্যা? ঘৰুৱা উপায় জানক…