ছালত নপৰে বয়স বৃদ্ধিৰ প্ৰভাৱ, মাত্ৰ কৰক এই ৫ টা সহজ কাম…
সুস্থ-সবল হৈ থকাৰ লগতে সকলোৱে নিজৰ ছালখন ভালে থকাও বিচাৰে। কিন্তু বয়স বৃদ্ধিৰ লগে লগে ইয়াৰ প্ৰভাৱ মানুহৰ ছালতো পৰে। যাৰ বাবে চকু ক'লা পৰা বা আন সমস্যাই দেখা দিয়ে।

যোগাসন
বয়স বৃদ্ধি হোৱাৰ লগে লগে মানুহে বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। আনকি ছালতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। বয়স বৃদ্ধিৰ ফলত ছালৰ উজ্বলতা হ্ৰাস পোৱাৰ লগতে ছালত বয়সৰ প্ৰভাৱ, চকুৰ তলত ক’লা বৃত্ত গঠন, ছাল ঢিলা হৈ পৰা আদি সমস্যাই দেখা দিয়ে। বজাৰত বহু এনে সামগ্ৰী উপলব্ধ আছে যি ব্যৱহাৰ কৰি ইয়াৰ প্ৰভাৱ কিছু কমাব পৰা যায়। কিন্তু প্ৰকৃতগতভাৱেও আপুনি আপোনাৰ বয়সৰ প্ৰভাৱ কম কৰবি পাৰে। প্ৰাকৃতিগত ব্যৱস্থা গ্ৰহণ কৰিলে ছালৰ উজ্বলতা দীৰ্ঘদিনলৈ থাকে। ছাল ভালে ৰখাত সবাতোকৈ সহায় কৰে যোগাসনে।
যোগাসনে আপোনাৰ মুখৰ সৌন্দৰ্য্য আৰু যৌৱনৰ জিলিকনি বজাই ৰখাতো সহায় কৰে। তলত কেইটামান এনে সহজ যোগাসনৰ কথা উল্লেখ কৰা হ’ল যিয়ে আপোনাৰ ছাল সুন্দৰ কৰি ৰখাত সহায় কৰিব।
ভ্ৰামৰি আসন
মুখখনত ধুনীয়া কৰি ৰাখিবলৈ ভ্ৰামৰি প্ৰাণায়াম আসন ফলপ্ৰসূ। এই আসন কৰিবলৈ আপুনি শান্তভাৱে বহি চকু বন্ধ কৰি ৰাখক আৰু দীঘলকৈ উশাহ লওক। ইয়াৰ পাছত উশাহ এৰি দিয়াৰ সময়ত ‘হাম’ শব্দ কৰক। এই আসনে মানসিক চাপ দূৰ কৰে, মুখৰ ছাল শিথিল কৰে, মনক শান্ত কৰি ৰাখে, যাৰ ফলত মুখৰ ৰং উন্নত হয়।
ফিচ ফেচ
ছালখনক সুস্থ আৰু উজ্বল কৰি ৰাখিবলৈ ফিচ ফেচ আসন অতি ভাল। এই আসন কৰিবলৈ গাল দুখন ভিতৰলৈ টানি ওঁঠ দুটা মাছৰ দৰে কৰি লওক। কেইছেকেণ্ডমান এনেকৈ থাকক। এইদৰে ৫-১০ বাৰ পুনৰাবৃত্তি কৰক। ই গালৰ পেশীবোৰ টোন কৰে, বয়সৰ প্ৰভাৱ কমায় আৰু ছাল টান কৰি ৰাখে।
বিপৰীতকৰণ
মুখৰ বাবে শিৰ্ষাসন ফলপ্ৰসূ, কিন্তু ই কঠিন হ’ব পাৰে। এনে পৰিস্থিতিত বিপৰিতকৰণ আসন কৰিব পাৰে। ইয়াৰ বাবে মাত্ৰ পিঠিত শুই বেৰৰ সহায়ত ভৰি দুখন ওপৰলৈ তুলিব লাগে। ইয়াৰ ফলত ৰক্ত সঞ্চালন বৃদ্ধি পায়, যাৰ ফলত মুখখনক প্ৰাকৃতিক উজ্বলতা প্ৰদান কৰে আৰু ভাগৰুৱা ছালখনক নতুন শক্তি প্ৰদান কৰে।
কপাৰভাটি প্ৰণায়ম
এই আসন কৰিবলৈ উশাল বাহিৰলৈ কৰি পেট ভিতৰলৈ কৰক। আৰম্ভণিতে ৩০ বাৰ কৰক, পাছত ইয়াৰ পৰিমাণ বৃদ্ধি কৰিব। ইয়াৰ ফলত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰি যায় আৰু মুখখন পৰিষ্কাৰ কৰাত সহায় কৰে। ইয়াৰ ফলত মুখৰ উজ্বলতা বৃদ্ধি পায়।
সিংহ আসন
মুখখন সুস্থ আৰু টান কৰিবলৈ সিংহ মুদ্ৰা অন্যতম। এই আসন কৰিবলৈ আঁঠু লৈ বহি মুখ মেলি জিভা উলিয়াই হাহাহা শব্দ কৰিব লাগে।৫-৬ বাৰ এনে কৰিব লাগে। ইয়াৰ ফলত মানসিক চাপ কম হয় লগতে ছালত বয়সৰ প্ৰভাৱ নপৰে।
অন্য খবৰ পঢ়কঃ সুখী আৰু উন্নত জীৱন বিচাৰে নেকি? তেন্তে পুৱা কৰক এই ৫ টা কাম…