World Malaria day : কিমান বিপদজনক মেলেৰিয়া? ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক চিকিৎসকে কি কয়…

মেলেৰিয়া এক গুৰুতৰ ৰোগ। এই ৰোগৰ প্ৰতি মানুহক সজাগ কৰিবলৈ প্ৰতি বছৰে ২৫ এপ্ৰিলৰ দিনটো বিশ্ব মেলেৰিয়া দিৱস হিচাপে পালন কৰা হয়। মেলেৰিয়া ৰোগৰ সময়মতে চিকিৎসা কৰা দৰকাৰ।

World Malaria day : কিমান বিপদজনক মেলেৰিয়া? ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক চিকিৎসকে কি কয়...

জ্বৰ

Updated On: 

25 Apr 2025 15:28 PM

মহে কামুৰিলে মেলেৰিয়া ৰোগ হয়। এই ৰোগৰ চিকিৎসা কৰিব পাৰি কিন্তু, চিকিৎসাৰ ক্ষেত্ৰত গাফিলতি কৰিলে ই বিপদজনক লৈ পৰে। প্ৰতি বছৰে ৪ লাখৰো অধিক লোক মেৰিলায়ত আক্ৰান্ত হৈ প্ৰাণ হেৰুয়ায়। মাইকী এনোফিলিছ মহে প্লাজমোডিয়াম পৰজীৱী কঢ়িয়াই লৈ ফুৰে। গতিকে এই পৰজীৱী শৰীৰত প্ৰৱেশ কৰাৰ পাছত ই তেজত মিহলি হৈ যায়। এনেকৈয়ে মেলেৰিয়া হয়। মেলেৰিয়াৰ বিষয়ে জনতাক সজাগ কৰিবলৈ প্ৰতি বছৰে ২৫ এপ্ৰিলৰ দিনা বিশ্ব মেলেৰিয়া দিৱস উদযাপন কৰা হয়।

লক্ষণ

  • জ্বৰ
  • চৰ্দি
  • ডায়েৰিয়া
  • মূৰ বিষ
  • শৰীৰৰ বিষ
  • ভাগৰুৱা
  • বমি আদি

মেলেৰিয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ হ’ল চৰ্দি আৰু তীব্ৰ জ্বৰ। পাছত লাহে লাগে শৰীৰৰ উষ্ণতা স্বাভাৱিক হয়। গতিকে এজন ব্যক্তি মেলেৰিয়াত আক্ৰান্ত হ’লে প্ৰথমে ঠাণ্ডা অনুভৱ হয় আৰু তাৰ পিছত তীব্ৰ জ্বৰ হয়। ইয়াৰ পিছত ঘাম ওলোৱা আৰম্ভ হয় আৰু জ্বৰ কমিবলৈ আৰম্ভ কৰে। পাছত জ্বৰ কমা যে অনুভৱ হয় যদিও পুনৰ একেটা চক্ৰ আৰম্ভ হয়। ইয়াৰ লগতে মূৰৰ বিষ, শৰীৰৰ বিষ, অতি ভাগৰুৱা অনুভৱ, বমি আৰু ডায়েৰিয়া আদি হ’ব পাৰে। যদি আপুনি জ্বৰৰ লগতে আন লক্ষণসমূহো দেখিছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

মস্তিষ্কৰ মেলেৰিয়া

দিল্লীৰ আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ ইউনিট হেড ডাঃ সুভাষ গিৰীয়ে কয় যে মেলেৰিয়াৰ ভয়াৱহতাৰ বাবে মস্তিষ্কৰ মেলেৰিয়াও হ’ব পাৰে। ই গুৰুতৰ হৈ পৰিলে শৰীৰ দুৰ্বল হৈ পৰে আৰু ৰোগীয়ে উশাহ-নিশাহ লোৱাত কষ্ট পায়। ইয়াৰ লগতে শৰীৰত তেলজৰ পৰা মান আৰু চুগাৰৰ পৰিমাণ কমি যায়। মাজে মাজে ৰোগীৰ বিভ্ৰান্তি হ’বলৈও ধৰে।  বহু সময়ত ৰোগীৰ দেহত জণ্ডিচৰ  দৰে লক্ষণ দেখা দিয়ে। ইমানেই নহয়, বৃক্কৰ সমস্যা বা কেতিয়াবা বিকলো হয়।

কেনেকৈ ৰক্ষা পাব

এপ’ল’ স্পেকট্ৰা হাস্পতালৰ আভ্যন্তৰীণ চিকিৎসাৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ সঞ্চায়ন ৰায়ে কয় যে, মেলেৰিয়াৰ পৰা ৰক্ষা পাবলৈ সাৱধান হোৱা দৰকাৰ। ইয়াৰ বাবে শুৱাৰ সময়ত আঠুৱা ব্যৱহাৰ কৰিব লাগে। ঘৰ আৰু কৰ্মক্ষেত্ৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে। লেতেৰা পানীত মহৰ প্ৰজনন হয়। খাদ্যৰ যত্ন লওক।

যদি চৰ্দিৰ লগে লগে অবিৰতভাৱে জ্বৰ হৈ থাকে আৰু ঘাম ওলোৱাৰ পিছত জ্বৰ কমি যায়, তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক। আন কোনো লক্ষণ দেখা পোৱালৈ অপেক্ষা নকৰিব। যদি ভাগৰুৱা আৰু বমি আৰম্ভ হয় তেন্তে ই সংকটজনক হ’ব পাৰে। এনে পৰিস্থিতিত কোনো অসাৱধানতা অৱলম্বন নকৰি তাৎক্ষণিকভাৱে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।

 

অন্য খবৰ পঢ়কঃ পুৱাৰ সময়ত আজিয়েই ত্যাগ কৰক এই অভ্যাস! অন্যথা হ’ব ওজন বৃদ্ধি, জানক সকলো…

 

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension