শীতকালৰ ৰাতিপুৱা কাহে অশান্তি দিয়ে নেকি ? ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

শীতকালত কিয় কিছুমান লোকে ৰাতিপুৱা তীব্ৰ কাহ অনুভৱ কৰে? কিয় এনেকুৱা হয় আৰু যদি এই সমস্যাৰ সন্মুখীন হৈছে তেন্তে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে?

শীতকালৰ ৰাতিপুৱা কাহে অশান্তি দিয়ে নেকি ? ই কি কি ৰোগৰ ইংগিত দিব পাৰে?
Updated On: 

25 Nov 2025 22:28 PM

শীতকালত কিছুমান মানুহৰ ৰাতি বা পুৱা সাৰ পোৱাৰ লগে লগে কাহ বাঢ়ি যায়। ই গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ নেকি? কাহ বহু কাৰণত হ’ব পাৰে, তাৰ ভিতৰত এটা হ’ল প্ৰদূষণ বৃদ্ধি। এফালে প্ৰদূষণ আৰু আনফালে শীতকালত এই স্বাস্থ্যজনিত সমস্যাৰ আশংকা বৃদ্ধি পায়। শীতকালত কিয় কিছুমান লোকে ৰাতিপুৱা তীব্ৰ কাহ অনুভৱ কৰে? কিয় এনেকুৱা হয় আৰু যদি এই সমস্যাৰ সন্মুখীন হৈছে তেন্তে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে?

দিল্লীৰ জিটিবি হাস্পতালৰ চিকিৎসা বিজ্ঞানৰ অধ্যাপক ডাঃ কুলদীপ কুমাৰে কয় যে, ইয়াৰ দ্বাৰা ব্ৰংকাইটিছ, এচিড ৰিফ্লাক্স বা কিছুমান ক্ষেত্ৰত হাঁপানীৰ ইংগিত পোৱা যাব পাৰে। বিশেষজ্ঞসকলৰ মতে, শীতকালত ৰাতিপুৱা কাহ কেৱল চৰ্দিৰ বাবেই নহয়, ই আন স্বাস্থ্যজনিত সমস্যাৰ লক্ষণো হ’ব পাৰে। বিশেষজ্ঞসকলে কয় যে, যদি এই লক্ষণসমূহ দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শমতে চিকিৎসা আৰম্ভ কৰিব লাগে।

কাহ কিয় হয়?

বেছিভাগ মানুহেই কাহক স্বাস্থ্যজনিত সমস্যা বুলি গণ্য কৰে, কিন্তু সেয়া নহয়। আপুনি জানেনে যে, ই আমাৰ শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থা? যেতিয়াই শ্বাস-প্ৰশ্বাসৰ নলীত কোনো ধৰণৰ সমস্যা হয়, যেনে কফ, মলি, ভাইৰাছ বা বেক্টেৰিয়া, তেতিয়াই শৰীৰে কাহৰ দ্বাৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। যেতিয়া শৰীৰে বাহিৰ কৰিবলৈ চেষ্টা কৰে, তেতিয়া কাহ হয়। সহজ ভাষাত ক’বলৈ গ’লে এইটো এটা সংক্ৰমণ আৰু ইয়াক নিৰাময় কৰাত এন্টিবায়’টিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেৱল সংক্ৰমণ, কফ বা শ্লেষ্মাৰ বাবেই নহয়, এলাৰ্জীৰ ফলতো কাহ হ’ব পাৰে।

ঠাণ্ডা বতাহ বা বতৰৰ পৰিৱৰ্তনৰ বাবেও কাহ হ’ব পাৰে। ধূমপান আৰু এচিডিটিয়েও কাহত অৰিহণা যোগাব পাৰে। ভাইৰাছজনিত কাহ শুকান কাহৰ কাৰণ হ’ব পাৰে, বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত শ্লেষ্মা থকা কাহৰ কাৰণ হ’ব পাৰে, ৰাতি কাহৰ মূল কাৰণ হ’ব পাৰে হাঁপানী আৰু এচিডিটি। অধ্যাপক কুলদীপে কৈছে যে, যদি কাৰোবাৰ দুসপ্তাহতকৈ অধিক সময় কাহ হয়, তেন্তে তেওঁলোকে নিশ্চিতভাৱে হাওঁফাওঁ সম্পৰ্কীয় পৰীক্ষা কৰাব লাগে।

কাহ কমোৱাৰ ঘৰুৱা প্ৰতিকাৰ

মৌ আৰু আদা –যদি আপুনি আপোনাৰ কাহৰ পৰা প্ৰাকৃতিকভাৱে পৰিত্ৰাণ পাব বিচাৰে তেন্তে মৌৰ সৈতে প্ৰচুৰ এন্টিঅক্সিডেন্টযুক্ত আদা খাব। এই দুটা প্ৰাকৃতিক উপাদান বহু গুণেৰে ভৰপূৰ। আদা আৰু মৌয়ে ডিঙিৰ বিষ কমোৱাত সহায় কৰে।

জালুক – ভিটামিন চিৰ সমৃদ্ধ উৎস জালুক সকাহ প্ৰদান কৰাত ফলপ্ৰসূ। শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাই কাহকে ধৰি বহুতো স্বাস্থ্যজনিত সমস্যা দূৰ কৰাত সহায় কৰিব পাৰে। জালুক গুড়ি কৰি মৌৰ লৈতে মিহলাই পুৱা আৰু গধূলি সেৱন কৰিব পাৰে।

গৰম পানীৰ ভাপ – যদি আপুনি প্ৰাকৃতিকভাৱে বুকুৰ পৰা কফ বাহিৰ কৰিব বিচাৰে তেন্তে গৰম পানীৰ ভাপ সৰ্বোত্তম প্ৰতিকাৰ। গৰম পানীত তুলসীৰ দৰে সেউজীয়া পাতও দিব পাৰে।

হালধি গাখীৰ – ভাৰতত অতীজৰে পৰা হালধি বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ই এন্টিবেক্টেৰিয়েল, এন্টি-ইনফ্লেমেটৰী আৰু ইয়াত এন্টিঅক্সিডেন্ট থাকে। গতিকে হালধি গাখীৰ বা পানী খাব পাৰে।

আপোনাৰো আছে নেকি উচ্চ ৰক্তচাপৰ সমস্যা? পুৱা গঢ়ি তোলক এনে অভ্যাস, পাব সকাহ
প্ৰতিদিনে ৰাতিপুৱা এমুঠি তিয়াই থোৱা বুট খালে কি কি উপকাৰ হয়? জানক...
শীতকালত মাইগ্ৰেইনৰ পৰা কেনেকৈ বাছি থাকিব ? ৭ টা টিপছ...
কঠোৰ খাদ্যাভ্যাসৰ নাই প্ৰয়োজন ! এই ৫ টা অভ্যাসে চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব
জুবিন গাৰ্গৰ গীতক লৈ বিধানসভাত বিতৰ্ক...
জুবিন গাৰ্গক হত্যা কৰা হৈছিল: মুখ্যমন্ত্ৰী
বিৰোধীক কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ...
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ন্যায়াধীশ সূৰ্য কান্তৰ