শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ক্ষণিকতে পৰিষ্কাৰ হ’ব গধূৰ কম্বল! মাত্ৰ মানি চলক এইকেইটা সহজ টিপছ, পাব সুফল

কম্বল তথা লেপ পৰিষ্কাৰৰ বাবে কিছু লোকে ড্ৰাই ক্লিনিঙৰ পথ বাছি লয়। অৱশ্যে ইয়াৰ সমান্তৰালকৈ কিছুমান সহজ আৰু ফলপ্ৰসূ উপায়েৰেও দীৰ্ঘসময় ধৰি অব্যৱহৃত কম্বল তথা লেপ পৰিষ্কাৰ কৰিব পাৰে। চাওঁ আহক এনে কিছু সহজ টিপছ।

ক্ষণিকতে পৰিষ্কাৰ হ’ব গধূৰ কম্বল! মাত্ৰ মানি চলক এইকেইটা সহজ টিপছ, পাব সুফল
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 24 Oct 2025 18:12 PM

বতৰ ক্ৰমশঃ গৰমৰ পৰা এতিয়া ঠাণ্ডাৰ দিশে আগবাঢ়িছে। নিশা এতিয়া শোৱাৰ সময়ত সামান্য ঠাণ্ডা অনুভৱো আৰম্ভ হৈছে। সেয়ে এতিয়া অধিকাংশ লোকেই ঘৰত এচি আৰু ফেন ব্যৱহাৰ লাহে লাহে কমাই আনিছে। একাংশ লোকে গৰম কাপোৰ পিন্ধিবলৈও ইতিমধ্যে আৰম্ভ কৰিছে। হয়তো কেইদিনমানৰ পিছত কম্বল আৰু লেপ ব্যৱহাৰ কৰিবলগা হ’ব। পিছে কম্বল আৰু লেপ আদি বহু দিন ধৰি আলমাৰীত সোমোৱাই থোৱাৰ ফলত দুৰ্গন্ধ ওলাব পাৰে। গতিকে ব্যৱহাৰৰ পূৰ্বে প্ৰথমে চাফা কৰাটো অতি প্ৰয়োজনীয়।

পিছে গধূৰ কম্বল তথা লেপসমূহ পৰিষ্কাৰ কৰাত কিছু কষ্ট তথা অসুবিধা হ’ব পাৰে। কম্বল তথা লেপ পৰিষ্কাৰৰ বাবে কিছু লোকে ড্ৰাই ক্লিনিঙৰ পথ বাছি লয়। অৱশ্যে ইয়াৰ সমান্তৰালকৈ কিছুমান সহজ আৰু ফলপ্ৰসূ উপায়েৰেও দীৰ্ঘসময় ধৰি অব্যৱহৃত কম্বল তথা লেপ পৰিষ্কাৰ কৰিব পাৰে। চাওঁ আহক এনে কিছু সহজ টিপছ।

প্ৰথমে আপোনাৰ কম্বল আৰু লেপসমূহ এদিন বা দুদিন সূৰ্যৰ তাপত ৰাখক। ইয়াৰ ফলত দুৰ্গন্ধ আৰু আৰ্দ্ৰতা দূৰ হ’ব। কম্বল আৰু লেপৰ দুয়োফাল যাতে সূৰ্যৰ তাপ পৰে, তাৰ বাবে কেইমিনিটমানৰ মূৰে মূৰে ওলোটাকৈ ঘূৰাই দিব। ইয়াৰ পিছত ধূলি আঁতৰাবলৈ লাঠিৰে লাহে লাহে কোবাই দিব লাগে। গোলাপ জল আৰু পানীৰ মিশ্ৰণ স্প্ৰে কৰি সুগন্ধি লগাব পাৰে।

যদি আপোনাৰ কম্বলখনত কোনো দাগ দেখা পায়, নেমুৰ ৰস আৰু অলপ নিমখৰ পেষ্ট বনাই দাগ থকা ঠাইত লগাব লাগে। ১০ৰ পৰা ১৫ মিনিটৰ পিছত ব্ৰাছেৰে লাহে লাহে মোহাৰি লওক, তাৰ পিছত পৰিষ্কাৰ পানীৰে ধুই লওক। ইয়াৰ ফলত দাগ আঁতৰোৱাত সহায়ক হ’ব পাৰে।

বেকিং ছ’ডাই বেক্টেৰিয়া আৰু দাগ আঁতৰোৱাত সহায় কৰে। গতিকে, কম্বলখন ভালদৰে মেলি লৈ বেকিং ছ’ডা ছটিয়াই দিব। এইদৰে ২০ৰ পৰা ৩০ মিনিট ৰাখিব। শুকোৱাৰ পিছত শুকান কোমল ব্ৰাছেৰে মোহাৰি দিয়ক। ইয়াৰ দ্বাৰা আৰ্দ্ৰতাৰ ফলত হোৱা দাগ কমোৱাত সহায়ক হ’ব পাৰে।

যদি কম্বলখন বেছি গধুৰ নহয়, তেতিয়া মেচিনত ধুবও পাৰে। এইক্ষেত্ৰত কেইটামান কথা বিশেষভাৱে মনত ৰাখিব লাগে- ডিটাৰজেণ্ট মৃদু হ’ব লাগে, ধোৱাৰ পূৰ্বে কম্বলখন অলপ সময় শুকুৱাই লওক। ধোৱাৰ সময়ত কম্বলৰ লেবেলত দিয়া নিৰ্দেশনা অনুসৰণ কৰক।

কম্বলখন চাফা কৰাৰ সময়ত বা ধোৱৰ সময়ত সম্পূৰ্ণকৈ চেপি নিদিব, বৰঞ্চ লাহে লাহে হেঁচি পানীখিনি আঁতৰাই দিয়ক। উলৰ কম্বলৰ বাবে ঠাণ্ডা পানী ব্যৱহাৰ কৰিব লাগে। পানীত নিম পাত কেইখিলামান বা নিমৰ তেল কেইটোপালমান দিব পাৰে।