আপোনাৰ সঘনাই মিঠাই খাবলৈ মন গৈ থাকে নেকি ? ইয়াৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

এটা মানুহৰ মিঠাইৰ প্ৰতি লোভ বাঢ়ি যায়। প্ৰথম অৱস্থাত ইয়াক স্বাভাৱিক যেন লাগিব পাৰে, কিন্তু যেতিয়া এই হেঁপাহ বাঢ়ি গৈ থাকে, তেতিয়া ই চিন্তাৰ বিষয় হৈ পৰে।

আপোনাৰ সঘনাই মিঠাই খাবলৈ মন গৈ থাকে নেকি ? ইয়াৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
Published: 

26 Jan 2026 | 09:53 PM

প্ৰায়ে দেখা যায় যে, কিছুমান মানুহৰ মিঠাইৰ প্ৰতি লোভ বাঢ়ি যায়। পিছলৈ মিঠাই দৈনন্দিন প্ৰয়োজনীয় হৈ পৰে। কেতিয়াবা চাহ খাই, কেতিয়াবা আহাৰ খোৱাৰ পিছত কিবা মিঠাই নোখোৱালৈকে তৃপ্তি অনুভৱ কৰে। প্ৰথম অৱস্থাত ইয়াক স্বাভাৱিক যেন লাগিব পাৰে, কিন্তু যেতিয়া এই হেঁপাহ বাঢ়ি গৈ থাকে, তেতিয়া ই চিন্তাৰ বিষয় হৈ পৰে। মিঠাই শৰীৰক সাময়িকভাৱে মনৰ শান্তি আৰু শক্তি প্ৰদান কৰে, গতিকে মানুহে ভাগৰুৱা বা মানসিক চাপত থাকিলে ইয়াক পছন্দ কৰে। কিন্তু অত্যধিক সেৱনে শৰীৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে।

বহুতে মিঠাইৰ প্ৰতি থকা লোভ কেৱল সোৱাদৰ বাবেই বুলি কয় আৰু ইয়াক গুৰুত্বসহকাৰে নলয় যদিও এই অভ্যাসে ক্ৰমান্বয়ে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। মিঠাইৰ লোভ কিয় বাঢ়ি যায় আৰু ইয়াক নিয়ন্ত্ৰণৰ বাবে কি ব্যৱস্থা ল’ব পাৰি জানক।

কিয় মিঠাইৰ প্ৰতি লোভ বাঢ়ে?

লেডী হাৰ্ডিংজ হাস্পতালৰ চিকিৎসা বিভাগৰ সঞ্চালক ডাঃ এল এইচ ঘোটেকাৰে বুজাইছে যে, মিঠাইৰ প্ৰতি লোভ কেৱল সোৱাদৰ প্ৰতি থকা ভালপোৱাৰ বাবেই নহয়। বহু লোকৰ এই অভ্যাস শৰীৰৰ দৈনন্দিন কাম-কাজ আৰু জীৱনশৈলীৰ লগত জড়িত হৈ থাকে। অনিয়মিত খাদ্যাভ্যাস, দীৰ্ঘ সময় খালী পেট বা অত্যধিক জাংক ফুড সেৱনেও এই ক্ষেত্ৰত অৰিহণা যোগাব পাৰে। তদুপৰি মানসিক চাপ, টোপনিৰ অভাৱ, মানসিক ক্লান্তিৰ সময়ত মিঠাইৰ প্ৰতি লোভ বাঢ়ি যায়।

কিছুমান মানুহে সোনকালে ভাগৰুৱা অনুভৱ কৰিলে তৎক্ষণাত শক্তিৰ বাবে মিঠাইৰ প্ৰতি আকৰ্ষিত হয়। সময়ৰ লগে লগে এইটো এটা অভ্যাসত পৰিণত হয় আৰু মিঠাই নাথাকিলে তেওঁলোকে অস্থিৰ অনুভৱ কৰে। এই হেঁপাহ সময়মতে সমাধান নকৰিলে পিছত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

মিঠাই খোৱাৰ ফলত কি কি সমস্যা হ’ব পাৰে?

সঘনাই মিঠাই খোৱাৰ অভ্যাসে শৰীৰত বহুতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত দ্ৰুতগতিত ওজন বৃদ্ধি আৰু মেদবহুলতা হ’ব পাৰে। বেছিকৈ মিঠাই খোৱাৰ ফলত তেজত চুগাৰৰ পৰিমাণ ভাৰসাম্যহীন হৈ পৰে, যাৰ ফলত ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়।

ইয়াৰ উপৰিও দাঁতৰ ক্ষয়, দুৰ্বলতা, ভাগৰ আদি সমস্যাও হ’ব পাৰে। কিছুমানৰ ক্ষেত্ৰত পেটৰ সমস্যা আৰু ছালৰ সমস্যাও বৃদ্ধি কৰিব পাৰে। এই অভ্যাস দীৰ্ঘদিন ধৰি থাকিলে হৃদযন্ত্ৰৰ স্বাস্থ্যতো প্ৰভাৱ পেলাব পাৰে।

কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

মিঠাৰ লোভৰ পৰা আঁতৰি থাকিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সুষম খাদ্য গ্ৰহণ কৰা। সময়মতে খাদ্য গ্ৰহণ কৰক আৰু ভোক পৰিহাৰ কৰক। পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে আৰু দৈনিক পৰ্যাপ্ত পৰিমাণে টোপনি যাব লাগে।

মানসিক চাপ কম কৰিবলৈ যোগাসন বা লঘু ব্যায়াম কৰক। মিঠাইৰ সলনি ফলমূল, শুকান ফল বা স্বাস্থ্যকৰ জলপান বাছি লওক। ক্ৰমান্বয়ে মিঠাইৰ পৰিমাণ কমাই এই অভ্যাস নিয়ন্ত্ৰণ কৰিব পাৰি।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...