Blood Sugar: শীতকালত কিয় বাঢ়ে ব্লাড চুগাৰ? এইদৰে লওক ডায়েবেটিছ ৰোগীৰ যত্ন…

শীতকালত ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়। এই ঋতুত শৰীৰৰ পৰিৱৰ্তনক সহজভাৱে ল’ব নালাগে। কিয়নো ইয়াৰ ফলত স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। ডাঃ এল এইচ ঘোটেকৰৰ পৰা জানো আহক ঠাণ্ডাত তেজৰ চুগাৰ কিয় বাঢ়ে আৰু এই সময়ত ডায়েবেটিছ ৰোগীয়ে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে?

Blood Sugar: শীতকালত কিয় বাঢ়ে ব্লাড চুগাৰ? এইদৰে লওক ডায়েবেটিছ ৰোগীৰ যত্ন...

blood sugar rise in winter

Published: 

03 Nov 2025 06:41 AM

শীতকালত যেতিয়া তাপমাত্ৰা কমি যায় তেতিয়া শৰীৰটো গৰম হৈ থাকিবলৈ অধিক শক্তিৰ প্ৰয়োজন হয়। এই সময়ছোৱাত শৰীৰত কিছুমান বিশেষ হৰম’ন উৎপন্ন হয় যিয়ে তেজত চুগাৰ বৃদ্ধি কৰিব পাৰে। ঠাণ্ডাৰ সময়ত মানুহে প্ৰায় ঘৰৰ ভিতৰতে থাকে, যাৰ ফলত চলাচল কমি যায়। এই বতৰত কম পানী খোৱাটোও সাধাৰণ কথা, যাৰ ফলত চুগাৰৰ মাত্ৰা আৰু অধিক বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও শীতকালত তেলীয়া, মিঠা আৰু গধুৰ খাদ্যৰ প্ৰতি লোভ বৃদ্ধি পায়। এই কাৰণেই এই বতৰত চুগাৰ মাত্ৰা উঠা-নমা হয়।

শীতকালত শৰীৰে নিজৰ উষ্ণতা বজাই ৰাখিবলৈ আভ্যন্তৰীণ শক্তি বৃদ্ধি কৰে। ইয়াৰ ফলত শৰীৰৰ ভিতৰত গ্লুক’জৰ মাত্ৰা বাঢ়ি যায়, যিটো লিভাৰে শৰীৰক উষ্ণ কৰি ৰাখিবলৈ এৰি দিয়ে। স্বাভাৱিক ব্যক্তিৰ ক্ষেত্ৰত এই গ্লুক’জ সহজে নিয়ন্ত্ৰিত হয় যদিও ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ইনচুলিন সঠিকভাৱে কাম কৰিব নোৱাৰাৰ ফলত তেজৰ চেনিৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি পায়।

ইয়াৰ উপৰিও শীতকালত ভোক বেছি লাগে। পৰঠা, মিঠাই, ঘিউ, ভজা খাদ্য প্ৰচুৰ পৰিমাণে সেৱন কৰা হয়। সূৰ্যৰ পোহৰৰ অভাৱত ভিটামিন ডিৰ অভাৱ হ’ব পাৰে। ইয়াৰ ফলত শৰীৰত ইনচুলিনৰ কাৰ্যকাৰিতা হ্ৰাস পায় আৰু হাই ব্লাড চুগাৰৰ সম্ভাৱনা বৃদ্ধি পায়। টোপনিৰ ধৰণতো ব্যাঘাত জন্মিব পাৰে। এই সকলোবোৰ কাৰকে শীতকালত তেজৰ চুগাৰৰ পৰিমাণ বৃদ্ধিত অৰিহণা যোগায়।

ডায়েবেটিছ ৰোগীয়ে শীতকালত নিজৰ যত্ন কেনেকৈ ল’ব লাগে?

লেডী হাৰ্ডিং হাস্পতালৰ ডাঃ এল এইচ ঘোটেকৰে কৈছে যে, এই বতৰত ডায়েবেটিছ ৰোগীয়ে নিজৰ দৈনন্দিন কাম-কাজ শিথিল নকৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। সপ্তাহত কমেও ৩ৰ পৰা ৫ বাৰ, ৰাতিপুৱা খালী পেটত আৰু গধুৰ খাদ্য খোৱাৰ পিছত চুগাৰৰ পৰিমাণ পৰীক্ষা কৰক। দৈনিক ৮ৰ পৰা ৯ গিলাচ পানী খাব লাগে। ঘৰতে ২০ৰ পৰা ৩০ মিনিট মৃদু গতিৰে খোজ কঢ়া, ষ্ট্ৰেচিং, বা যোগাসন কৰাটো লাভজনক।

পাতল খাদ্য খাওক  আৰু ভজা খাদ্য সীমিত কৰক। ৰুটি, দাইল, শাক-পাচলি, চূপ, কমলা, মধুৰী , আমলখি আদি বতৰৰ ফল-মূল ভাল বিকল্প। ঔষধ আৰু ইনচুলিনৰ সময় সলনি নকৰিব। শীতকালত মানসিক চাপ পৰিহাৰ কৰি পৰ্যাপ্ত সময় টোপনি যাওক। সামঞ্জস্যপূৰ্ণ অনুশাসন বজাই ৰাখিলে শীতকালত চেনি নিয়ন্ত্ৰণ সহজ হৈ পৰে আৰু সুস্থিৰ স্বাস্থ্য অব্যাহত থাকে।

এইটোও মনত ৰাখিব:

  • ৰাতিপুৱা অলপ সময় ৰ’দত বহিব।
  • মেথি গুটি ৰাতি তিয়াই ৰাতিপুৱা পানীখিনি খাব লাগে।
  • ভৰি দুখন গৰম আৰু ঠাণ্ডাৰ পৰা সুৰক্ষিত ৰাখক।
  • হঠাতে চেনিৰ মাত্ৰা বৃদ্ধি বা কমি গ’লে চিকিৎসকৰ পৰামৰ্শ লওক।
আপুনি ফেটি লিভাৰত আক্ৰান্ত নেকি? উপশম পাবলৈ দৈনিক এই পানীয় সেৱন কৰক
যুৱৰাজৰ দৰেই বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ, পিছে যুৱৰাজতকৈ আগবাঢ়ি কেইবাটাও অভিলেখ দীপ্তিৰ
পিতৃ-মাতৃয়ে ভুলতো সন্তানৰ আগত কৰিব নালাগে এই ৩টা কাম! জানক...
শৰীৰৰ অতিৰিক্ত ওজন কমাবলৈ গ্ৰীণ টি কেতিয়া খালে দ্ৰুত ফলাফল পাব? জানক