Mood Swings during Periods: মাহেকীয়াৰ সময়ত কিয় মেজাজ পৰিৱৰ্তন হয়? জানক ইয়াৰ কাৰণ আৰু প্ৰতিকাৰ

ঋতুস্ৰাৱৰ সময়ত মহিলাসকলৰ দ্ৰুত মেজাজৰ পৰিৱৰ্তন হয়, যেনে হঠাতে খং কৰা, চকুলো ওলোৱা বা অস্থিৰতা। এইবোৰক ‘মুড ছুইং’ বোলা হয়। সাধাৰণতে ঋতুস্ৰাৱৰ পূৰ্বে হোৱা লক্ষণ বা ঋতুস্ৰাৱৰ পূৰ্বে হোৱা চিনড্ৰম (PMS)ৰ অংশ।

Mood Swings during Periods: মাহেকীয়াৰ সময়ত কিয় মেজাজ পৰিৱৰ্তন হয়? জানক ইয়াৰ কাৰণ আৰু প্ৰতিকাৰ
Published: 

30 Nov 2025 | 02:03 PM

প্ৰতি মাহৰ নিৰ্দিষ্ট দিনত মহিলাসকলে কিছু পৰিৱৰ্তন অনুভৱ কৰে। তেতিয়াই তেওঁলোকৰ মাহেকীয়া আৰম্ভ হয়। কেতিয়াবা পেটৰ বিষ, কেতিয়াবা খিংখিঙীয়া অনুভৱ কৰা। দৰাচলতে ঋতুস্ৰাৱৰ সময়ত মহিলাৰ মেজাজ যথেষ্ঠ সলনি হয়, যেনে হঠাতে খং উঠা, চকুলো বা অস্থিৰতা অনুভৱ কৰা। এইবোৰক ‘মুড ছুইং’ বুলি কোৱা হয় ৷ সাধাৰণতে এইটো ঋতুস্ৰাৱৰ পূৰ্বে হোৱা লক্ষণ বা ঋতুস্ৰাৱৰ পূৰ্বে হোৱা চিনড্ৰম (PMS)ৰ অংশ।

মেজাজৰ পৰিৱৰ্তন কিয় হয়?

মাহেকীয়াৰ আগতে আৰু মাহেকীয়াৰ সময়ত মেজাজৰ পৰিৱৰ্তনৰ মূল কাৰণ উল্লেখ কৰা হ’ল…

১) ইষ্ট্ৰজেন হৰম’ন হ্ৰাস : ঋতুস্ৰাৱৰ ঠিক আগতে ইষ্ট্ৰজেনৰ মাত্ৰা দ্ৰুতগতিত কমি যায়। ইষ্ট্ৰজেনে মগজুৰ চেৰ’টনিনৰ মাত্ৰাত প্ৰভাৱ পেলায় (যিটোৱে ভাল মেজাজ বজাই ৰখাত সহায় কৰে), যাৰ ফলত মেজাজ বেয়া হয়।

২) প্ৰজেষ্টেৰন হৰম’নৰ পৰিৱৰ্তনঃ ঋতুস্ৰাৱৰ আগতে প্ৰজেষ্টেৰন হৰম’নটোও হঠাতে কমি যায়। এই হৰম’নটো শান্তিৰ অনুভূতিৰ লগত জড়িত। ইয়াৰ অভাৱত উদ্বিগ্নতা বা অস্থিৰতা বৃদ্ধি পায়।

৩) চেৰ’টনিন হ্ৰাসৰ প্ৰভাৱঃ চেৰ’টনিন হৈছে এবিধ গুৰুত্বপূৰ্ণ স্নায়ুসংবহনকাৰী যিয়ে মেজাজ, টোপনি আৰু ভোক নিয়ন্ত্ৰণ কৰে। যেতিয়া হৰম’নৰ পৰিৱৰ্তনৰ বাবে ইয়াৰ মাত্ৰা কমি যায় তেতিয়া হতাশা আৰু খিংখিঙীয়াতা দেখা দিয়ে।

৪/ পিএমএছ বা পিএমডিডি: বেছিভাগ ক্ষেত্ৰতে মেজাজৰ পৰিৱৰ্তন পিএমএছৰ এটা অংশ। কিন্তু গুৰুতৰ ক্ষেত্ৰত ই প্ৰিমেনষ্ট্ৰুৱেল ডিছফ’ৰিক ডিছঅৰ্ডাৰ (PMDD) হ’ব পাৰে, যাৰ বাবে চিকিৎসাৰ প্ৰয়োজন হয়।

৫) শৰীৰৰ ভাগৰ আৰু বিষ: মাহেকীয়াৰ সময়ত ক্ৰেম্প, মূৰৰ বিষ, ক্লান্তিৰ ফলত মেজাজৰ পৰিৱৰ্তন আৰু বেছিকৈ হ’ব পাৰে। শাৰীৰিক অস্বস্তিয়ে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে।

৬) ষ্ট্ৰেছ হৰম’ন (Cortisol) বৃদ্ধি : শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতাই ষ্ট্ৰেছ হৰম’ন কৰ্টিছলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত উদ্বেগ আৰু অস্থিৰতা বৃদ্ধি পায়।

৭) ৰক্ত শৰ্কৰাৰ তাৰতম্যঃ বহু মহিলাৰ মাহেকীয়াৰ আগতে মিঠাই খোৱাৰ প্ৰৱণতা বাঢ়ি যায়। তেজত শৰ্কৰাৰ তাৰতম্যই প্ৰভাৱ পেলাব পাৰে।

৮) টোপনিৰ অভাৱ: যেতিয়া হৰম’নৰ পৰিৱৰ্তনৰ বাবে টোপনিৰ ব্যাঘাত বা অনিদ্ৰা হয় তেতিয়া মেজাজ নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে।

৯) থাইৰয়ড বা অন্যান্য স্বাস্থ্যজনিত সমস্যাঃ কিছুমান ক্ষেত্ৰত থাইৰয়ড বা আন এণ্ডক্ৰাইন গ্ৰন্থিৰ সমস্যাৰ বাবে এই হৰম’নৰ উঠা-নমা আৰু বেছিকৈ বৃদ্ধি পাব পাৰে।

মেজাজৰ সৈতে মোকাবিলা কৰাৰ বাবে টিপছ –

এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ যিকোনো মহিলাই ল’ব পৰা পদক্ষেপ

  • নিয়মিতভাৱে ব্যায়াম কৰক: এৰোবিক ব্যায়াম বা যোগাসন কৰক। ই এণ্ড’ৰ্ফিন হৰম’ন নিৰ্গত কৰে, যিয়ে আপোনাক ভাল মেজাজত ৰাখে।
  • স্বাস্থ্যসন্মত খাদ্যাভ্যাসঃ প্ৰচেছড খাদ্য, অতিৰিক্ত নিমখ আৰু চেনি পৰিহাৰ কৰক। ফলমূল, শাক-পাচলি আৰু গোটা শস্য বেছিকৈ খাব লাগে।
  • কেফেইন আৰু মদ্যপান কম কৰক: মাহেকীয়াৰ আগতে চাহ, কফি, মদ্যপান সীমিত কৰক, কিয়নো এইবোৰে উদ্বেগ বৃদ্ধি কৰিব পাৰে।
  • পৰ্যাপ্ত টোপনিঃ প্ৰতি নিশা ৭-৮ ঘণ্টা নিৰৱচ্ছিন্নভাৱে টোপনি যাব লাগে।
  • পানী খোৱাঃ পৰ্যাপ্ত পৰিমাণৰ পানী খাই শৰীৰক হাইড্ৰেটেড কৰি ৰাখক।
  • মানসিক চাপ ব্যৱস্থাপনা: ধ্যান, গভীৰ উশাহ-নিশাহৰ ব্যায়াম বা প্ৰিয় চখৰ জৰিয়তে মানসিক চাপ কমাব লাগে।
  • ভিটামিন পৰিপূৰক: চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছত ভিটামিন বি ৬, মেগনেছিয়াম, বা কেলচিয়ামৰ পৰিপূৰক গ্ৰহণ কৰিব পাৰে।
  • ডায়েৰী লিখা: আপোনাৰ মেজাজৰ পৰিৱৰ্তন আৰু লক্ষণসমূহ ডায়েৰীত লিখি থওক, যাতে আপুনি সমস্যাটো বুজিব পাৰে।
  • পেছাদাৰী সহায়: যদি মেজাজৰ পৰিৱৰ্তন ইমানেই তীব্ৰ যে ই আপোনাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাইছে (পিএমডিডিৰ এটা লক্ষণ) তেন্তে মনোৰোগ বিশেষজ্ঞ বা স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওক।

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...