শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পুৰুষতকৈ মহিলাৰ এলঝেইমাৰ ৰোগৰ আশংকা কিয় বেছি? চিকিৎসকৰ পৰা জানক…

এলঝেইমাৰ হৈছে এনে এক ৰোগ যিয়ে মগজুক ক্ৰমান্বয়ে দুৰ্বল কৰি তোলে, যাৰ ফলত মানুহৰ স্মৃতিশক্তি আৰু চিন্তা ক্ষমতা হ্ৰাস পায়। এই ৰোগে পুৰুষ আৰু মহিলা উভয়কে আক্ৰান্ত কৰে যদিও আচৰিত কথাটো হ’ল যে বিশ্বজুৰি এলঝেইমাৰ ৰোগীৰ প্ৰায় দুই তৃতীয়াংশই মহিলা। কিয় এনেকুৱা হৈছে? কিছুমান মূল কাৰণ বুজি লওঁ আহক।

পুৰুষতকৈ মহিলাৰ এলঝেইমাৰ ৰোগৰ আশংকা কিয় বেছি? চিকিৎসকৰ পৰা জানক…
এলঝেইমাৰImage Credit source: Getty images
trishna-kalita
Trishna Kalita | Updated On: 21 Sep 2025 14:40 PM

আজি ২১ ছেপ্টেম্বৰত বিশ্ব এলঝেইমাৰ দিৱস উদযাপন কৰা হৈছে। এলঝেইমাৰ ৰোগ হৈছে মগজুৰ এক গুৰুতৰ সমস্যা যিয়ে ক্ৰমান্বয়ে স্মৃতিশক্তি, চিন্তাশীলতা, দৈনন্দিন কাম-কাজ সম্পাদন কৰাৰ ক্ষমতাত প্ৰভাৱ পেলায়। এই ৰোগ পুৰুষ আৰু মহিলা উভয়কে আক্ৰান্ত কৰিব পাৰে, কিন্তু গৱেষণাৰ পৰা দেখা গৈছে যে মহিলাৰ এই ৰোগৰ আশংকা অধিক।

পৰিসংখ্যা অনুসৰি এলঝেইমাৰ ৰোগীৰ প্ৰায় দুই তৃতীয়াংশই মহিলা। ড° কুনাল বাহৰণি (ক্লিনিকেল ডাইৰেক্টৰ – নিউৰ’লজী, মাৰিংগো এছিয়া হাস্পতাল, ফৰিদাবাদ)ৰ পৰা কিছু গুৰুত্বপূৰ্ণ তথ্য জানো আহক।

বয়স একমাত্ৰ কাৰক নহয়

বাৰ্ধক্যক এলঝেইমাৰ ৰোগৰ আটাইতকৈ সাধাৰণ কাৰণ বুলি গণ্য কৰা হয়। সাধাৰণতে মহিলাসকল পুৰুষতকৈ বেছি দিন জীয়াই থাকে, আৰু বয়সৰ লগে লগে এই ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। কিন্তু এইটোৱেই একমাত্ৰ কাৰক নহয়।

গৱেষণাৰ পৰা দেখা গৈছে যে মহিলাৰ হৰম’নৰ পৰিৱৰ্তনেও মুখ্য ভূমিকা পালন কৰে। ৰজোনিবৃত্তিৰ পিছত হঠাতে ইষ্ট্ৰজেনৰ মাত্ৰা কমি যায়। ইষ্ট্ৰজেনে মগজুৰ স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায় আৰু যেতিয়া এই হ্ৰাস ঘটে তেতিয়া মগজুৰ কোষবোৰ অধিক সংবেদনশীল আৰু স্মৃতিশক্তি হেৰুৱাৰ বাবে দুৰ্বল হৈ পৰিব পাৰে।

মানসিক স্বাস্থ্য আৰু জীৱনশৈলীৰ প্ৰভাৱ

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত হতাশা আৰু উদ্বেগ বেছি। দুয়োটা অৱস্থাই মগজুত নেতিবাচক প্ৰভাৱ পেলায় আৰু সময়ৰ লগে লগে জ্ঞান ক্ষমতা হ্ৰাস কৰিব পাৰে।

ইয়াৰ উপৰিও সামাজিক আৰু সাংস্কৃতিক কাৰকসমূহো গুৰুত্বপূৰ্ণ। আগতে বহু মহিলাৰ উচ্চ শিক্ষা বা মানসিকভাৱে উদ্দীপক চাকৰিৰ সুযোগ কমকৈ লাভ কৰিছিল। ফলস্বৰূপে তেওঁলোকৰ মগজুৰ “কগনিটিভ ৰিজাৰ্ভ” অৰ্থাৎ মগজুৰ নিজকে মেৰামতি কৰি নতুন কথা শিকিব পৰা ক্ষমতা দুৰ্বল হৈ পৰিল, যাৰ ফলত এলঝেইমাৰ ৰোগৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পাব পাৰে।

গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত APOE ε4 নামৰ জিনৰ প্ৰভাৱ বেছি প্ৰবল হ’ব পাৰে, যাৰ ফলত তেওঁলোকৰ এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি।

চিকিৎসা আৰু নতুন আশা

বৰ্তমান এলঝেইমাৰ ৰোগৰ কোনো স্থায়ী নিৰাময় নাই যদিও ঔষধ আৰু চিকিৎসা পদ্ধতিয়ে ইয়াৰ লক্ষণসমূহ কিছু পৰিমাণে পৰিচালনা কৰাত সহায় কৰিব পাৰে। বহুতো ঔষধে স্মৃতিশক্তি আৰু চিন্তা ক্ষমতা পৰিচালনা কৰাত সহায় কৰাৰ লগতে আচৰণ আৰু মানসিক লক্ষণসমূহ হ্ৰাস কৰে।

শেহতীয়াকৈ নতুন ধৰণৰ চিকিৎসা পদ্ধতি (ৰোগ পৰিৱৰ্তনকাৰী চিকিৎসা)ৰ ওপৰত গৱেষণা চলি আছে। ইয়াৰ ভিতৰত মনোক্ল’নেল এন্টিব’ডিৰ দৰে ঔষধো আছে, যিয়ে মগজুত অস্বাভাৱিক প্ৰ’টিন গঠন হোৱাত বাধা দিব পাৰে। প্ৰথম অৱস্থাত এইবোৰে ৰোগৰ অগ্ৰগতি লেহেমীয়া কৰাৰ আশাৰ সঞ্চাৰ কৰে।

প্ৰতিৰোধৰ বাবে অত্যাৱশ্যকীয় পদক্ষেপ

  • এলঝেইমাৰৰ আশংকা সম্পূৰ্ণৰূপে এৰাই চলিব নোৱাৰি যদিও সজাগতা আৰু জীৱনশৈলীৰ পৰিৱৰ্তনে এই আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে।
  • মহিলাসকলে ৰজোনিবৃত্তিৰ সময়ত হৰম’নৰ পৰিৱৰ্তন আৰু মগজুৰ স্বাস্থ্যৰ বিষয়ে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
  • নিয়মিত ব্যায়াম, পুষ্টিকৰ খাদ্য, পৰ্যাপ্ত টোপনিয়ে মগজুক শক্তিশালী কৰি ৰাখে।
  • নতুন কথা শিকিলে, পঢ়া, মানসিকভাৱে সক্ৰিয় হৈ থাকিলে জ্ঞানমূলক সংৰক্ষণ বৃদ্ধি পায়।
  • মানসিক চাপ আৰু হতাশাৰ পৰা আঁতৰি থকাটোও সমানেই গুৰুত্বপূৰ্ণ।

লগতে পঢ়ক: এলঝেইমাৰ ৰোগ কিমান বিপজ্জনক, ইয়াৰ প্ৰধান কাৰণ আৰু লক্ষণসমূহ জানেনে?