শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পানীৰ নামত পান কৰিছে নেকি বিহ! কাঁচ, প্লাষ্টিক নে ধাতুৰ বটল, কোনবিধে ৰক্ষা কৰিব কেঞ্চাৰৰ পৰা?

পিছে বহু সময়ত দেখা যায়, একাংশ লোকে একেটা প্লাষ্টিকৰ বটলকে দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি থাকে। কিন্তু শেহতীয়া আন্তৰ্জাতিক গৱেষণা আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) ৰিপৰ্টে এক ভয়ংকৰ সতৰ্কবাণী শুনাইছে।

পানীৰ নামত পান কৰিছে নেকি বিহ! কাঁচ, প্লাষ্টিক নে ধাতুৰ বটল, কোনবিধে ৰক্ষা কৰিব কেঞ্চাৰৰ পৰা?
পানীৰ বটল
Monjit Dutta
Monjit Dutta | Updated On: 16 Jan 2026 23:13 PM

বৰ্তমানৰ ব্যস্ত চহৰীয়া জীৱনত প্লাষ্টিকৰ বটলৰ পানী আমাৰ অপৰিহাৰ্য অংশ হৈ পৰিছে। কঢ়িয়াই লৈ ফুৰিবলৈ সহজ হোৱাৰ বাবে ঘৰে-বাহিৰে সকলোতে বহুলোকৰ বাবে প্লাষ্টিকৰ বটলেই ভৰসা। পিছে বহু সময়ত দেখা যায়, একাংশ লোকে একেটা প্লাষ্টিকৰ বটলকে দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি থাকে। কিন্তু শেহতীয়া আন্তৰ্জাতিক গৱেষণা আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) ৰিপৰ্টে এক ভয়ংকৰ সতৰ্কবাণী শুনাইছে। ভুল প্ৰকাৰৰ প্লাষ্টিক বটল দীৰ্ঘদিন ব্যৱহাৰ কৰিলে কৰ্কট ৰোগসহ একাধিক মাৰাত্মক ৰোগৰ আশংকা বৃদ্ধি পাব পাৰে।

প্লাষ্টিকৰ বটলত কি সমস্যা হ’ব পাৰে

গৱেষকসকলৰ মতে, বেছিভাগ প্লাষ্টিকৰ বটলত Bisphenol A (BPA) আৰু Phthalates নামৰ বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে। এইবোৰে শৰীৰৰ হৰমনৰ ভাৰসাম্য নষ্ট কৰে। International Agency for Research on Cancer (IARC)ৰ ৰিপৰ্ট অনুসৰি, প্লাষ্টিকত থকা Phthalate—DEHP ক সম্ভাব্য কৰ্কট সৃষ্টিকাৰী কাৰক হিচাপে চিহ্নিত কৰা হৈছে।

বিপদ কেতিয়া আটাইতকৈ বেছি হয়

২০২১ চনৰ এক গৱেষণাৰ মতে, অতি কম মাত্ৰাত হ’লেও দীৰ্ঘদিন ধৰি BPA-ৰ সংস্পৰ্শত থাকিলে স্তন আৰু প্ৰ’ষ্টেট কৰ্কট ৰোগৰ বিপদ বৃদ্ধি পায়। বিশেষজ্ঞসকলে প্লাষ্টিকৰ বটল ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান বিশেষ সাৱধানবাণী দিছে।

প্লাষ্টিকৰ বটলত গৰম পানী ৰাখিলে ৰাসায়নিক বিক্ৰিয়া দ্ৰুততৰ হয় আৰু বিষাক্ত পদাৰ্থ পানীত মিহলি হয় বুলি বিশেষজ্ঞসকলে জানিবলৈ দিছে। যদি প্লাষ্টিকৰ বটলটো বহু সময় ৰ’দত পৰি থাকে, তেন্তে সেই পানী খোৱাটো অতি বিপদজনক। এবাৰ ব্যৱহাৰযোগ্য বটল বাৰে বাৰে ব্যৱহাৰ কৰিলে প্লাষ্টিক ক্ষয় হৈ শৰীৰত প্ৰৱেশ কৰে।

বিপদৰ পৰা কিদৰে ৰক্ষা পৰিব

স্বাস্থ্য বিশেষজ্ঞসকলে প্লাষ্টিকৰ বিকল্প হিচাপে তলত দিয়া উপায়বোৰ অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে-

১/ প্লাষ্টিকৰ পৰিৱৰ্তে ষ্টীল, কাঁচৰ বটল ব্যৱহাৰ কৰক।

২/ প্লাষ্টিকৰ বটলত কেতিয়াও গৰম পানী নাৰাখিব।

৩/ যদি প্লাষ্টিকৰ বটল কিনিবই লগা হয়, তেন্তে বটলটোত ‘BPA Free’ লিখা আছে নে নাই পৰীক্ষা কৰক।

৪/ পুৰণি যেন লগা প্লাষ্টিকৰ বটল লগে লগে পেলাই দিয়ক।