বহুমুখী বা পলিয়ামৰাছ সম্পৰ্ক কি? কিয় ই যুৱ প্ৰজন্মৰ মাজত অধিক জনপ্ৰিয়…

polyamorous relationship: সময়ৰ লগে লগে যুৱ-প্ৰজন্মৰ মাজত সম্পৰ্কৰ ধাৰণা সলনি হ'বলৈ ধৰিছে। এনে এক ধাৰণা বহুমুখী সম্পৰ্ক বা পলিয়ামৰাছ ৰিলেশ্যনশ্বিপ। যাৰ অধীনত এজনলোকে একে সময়তে বিভিন্নজনৰ সৈতে সম্পৰ্কত থাকিব পাৰে।

বহুমুখী বা পলিয়ামৰাছ সম্পৰ্ক কি? কিয় ই যুৱ প্ৰজন্মৰ মাজত অধিক জনপ্ৰিয়...

প্ৰতীকি ফটো

Published: 

13 Apr 2025 | 03:50 PM

সময়ৰ লগে লগে সম্পৰ্কৰবোৰ সলনি হ’ব ধৰিছে। পূৰ্বতে সম্পৰ্ক মানে দুজন লোকৰ মাজত প্ৰেম বা প্ৰতিশ্ৰুতি আছিল। কিন্তু আজিৰ প্ৰজন্মৰ মাজত এই ধাৰণা ক্ৰমান্বয়ে সলনি হ’ব ধৰিছে। আজিৰ প্ৰজন্মৰ যুৱক-যুৱতীৰ মাজত সম্পৰ্ক অধিক মুকলি আৰু অন্বেষণমূলক (exploratory) হৈ পৰিছে। সামাজিক মাধ্যম, চিন্তা ধাৰা আৰু বিভিন্ন কাৰণত যুৱক-যৱতীসকলে বিভিন্ন ধৰণৰ সম্পৰ্কৰ সন্ধান কৰিছে। ইয়াৰ ভিতৰত এনে এটা নাম প্ৰায়ে চৰ্চাত থকা দেখা যায়। ইয়াৰ নাম বহুমুখী সম্পৰ্ক বা পলিয়ামৰাছ ৰিলেশ্যনশ্বিপ (Polyamorous Relationships)।

এয়া এনে এক ধাৰণা, যি এতিয়ালৈকে ছবি, ৱেব ছিৰিজ বা বিদেশী সংস্কৃতিত দেখিবলৈ পোৱা গৈছিল। কিন্তু এতিয়া লাহে লাহে এই ধাৰণা ভাৰতীয় যুৱক-যুৱতীসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছে। গতিকে এই পলিয়ামৰাছ ৰিলেশ্যনশ্বিপ কি, ইয়াৰ ধাৰণা কি বা কেনেকৈ ই চৰ্চিত এই লেখাটোত উল্লেখ কৰা হ’ল।

পলিয়ামৰাছ সম্পৰ্ক মানে কি?

পলিয়ামৰাছ এনে এক সম্পৰ্ক য’ত এজন লোকে এজনতকৈ অধিকৰ সৈতে সম্পৰ্ক বা প্ৰেম কৰে। এই সম্পৰ্ক ৰোমান্টিক বা যৌন সম্পৰ্ক হ’ব পাৰে। এই সকলো সন্মতি সাপেক্ষে হয়। অৰ্থাৎ ইয়াত সংগীত জনাই অন্য লোকৰ সৈতেও সম্পৰ্ক ৰখা হয়। যাৰ বাবে ইয়াত প্ৰতাৰণা নাথাকে, ইয়াৰ বিপৰীতে ই স্বচ্ছ বুলি ধৰা হয়। উদাহৰণস্বৰূপে, এগৰাকী ছোৱালীয়ে একে সময়তে দুজন মানুহৰ প্ৰেমত পৰিব পাৰে, আৰু দুয়োজনেই এই বিষয়ে জানিব পাৰে। যদি সম্পৰ্কটোত তিনিওজনে সুখী আৰু একমত তেন্তে এই সম্পৰ্ক তেওঁলোকে ৰক্ষা কৰে। এই সম্পৰ্কক বহুমুখী সম্পৰ্ক বা পলিয়ামৰাছ ৰিলেশ্যনশ্বিপ বুলি কোৱা হয়।

কিয় জনপ্ৰিয়

  • মুকলি চিন্তাঃ আজিকালি যুৱক-যুৱতীসকলে সম্পৰ্কৰ নামত সীমাবদ্ধ হৈ থাকিব নিবিচাৰে। তেওঁলোকে মুকলি মনৰ আৰু বাৰে বাৰে সম্পৰ্ক ৰাখিবলৈ ভয় নকৰে । এনেবোৰ কাৰণতে আজিৰ যুৱ প্ৰজন্মৰ নামত এই সম্পৰ্কৰ জনপ্ৰিয়তা দেখা যায়।
  • সামাজিক মাধ্যম, ৱেবছিৰিজৰ প্ৰভাৱঃ নেটফ্লিক্স, ইনষ্টাগ্ৰাম, ইউটিউবৰ দৰে প্লেটফৰ্মত এই সম্পৰ্কৰ বিষয়বস্তু সহজতেই উপলব্ধ। যাৰ বাবে যুৱক-যুৱতী ইয়াৰ দ্বাৰা আকৰ্ষিত হয় আৰু চিন্তাধাৰা সলনি হ’বলৈ ধৰে।
  • সততা আৰু স্বচ্ছতাঃ কিছুমানে ভাৱে যে যদি কোনোৱে এজন সংগীৰ সৈতে থাকি সন্তুষ্ট নহয় তেন্তে তেওঁক প্ৰতাৰণা নকৰাকৈ অন্য এজন বাছি লোৱাতো ভাল আৰু ইয়াত স্বচ্ছতা আছে।
  • মুকলিঃ এনে সম্পৰ্কত সংগীয়ে আনজনক নিজৰ কথা মুকলিভাৱে কটবলৈ কুণ্ঠাবোধ নকৰে। গতিকে সংগীৰ সৈতে মুকলিকৈ কথা পাতিব পাৰে যাৰ বাবে তেওঁলোকৰ মাজৰ সম্পৰ্ক ভাল হয়।
  • ব্যক্তিগত পছন্দঃ আজিৰ যুৱক-যুৱতীয়ে “My Life My Rules” ধাৰণা অনুসৰণ কৰে ।যাৰ বাবে তেওঁলোকে ভাৱে যে এই সম্পৰ্কই স্বাধীনতা দিয়ে।

 

অন্য খবৰ পঢ়কঃ ছালত নপৰে বয়স বৃদ্ধিৰ প্ৰভাৱ, মাত্ৰ কৰক এই ৫ টা সহজ কাম…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...