অজানিতে এই ভুলবোৰ কৰি আছে নেকি ! চাহ বা কফিৰ লগত কি কি খাদ্য খাব নালাগে ? জানক

আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল বেছিভাগ মানুহেই এই বিষয়ে নাজানে৷ যদি আপুনিও আপোনাৰ স্বাস্থ্য সঠিকভাৱে ৰাখিব বিচাৰে তেন্তে এই বেয়া সংমিশ্ৰণৰ বিষয়ে জানিব লাগিব। চাহ বা কফিৰ লগত কি কি বস্তু খাব নালাগে জানোঁ আহক।

অজানিতে এই ভুলবোৰ কৰি আছে নেকি ! চাহ বা কফিৰ লগত কি কি খাদ্য খাব নালাগে ? জানক
Published: 

11 Dec 2025 | 04:53 PM

আজিকালি বেছিভাগ মানুহেই ৰাতিপুৱা চাহ বা কফিৰে আৰম্ভ কৰে। কিছুমানৰ বাবে এইবোৰেই দিনটোৰ প্ৰথম শক্তি, আন কোনোবাৰ বাবে অভ্যাস। কিন্তু আপুনি জানেনে যে, চাহ-কফিৰ লগত খোৱা কিছুমান বস্তু আছে যিবোৰে আপোনাৰ স্বাস্থ্যৰ ক্ৰমান্বয়ে ক্ষতি কৰিব পাৰে? কিছুমানে চাহ বা কফিৰ লগত বহু বস্তু ব্ৰেকফাষ্ট হিচাপে লয়। কিন্তু এইবোৰ সংমিশ্ৰণৰ ফলত এচিডিটি, গেছ, পুষ্টিকৰ উপাদানৰ অভাৱ, আনকি শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতাও হ’ব পাৰে।

আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল বেছিভাগ মানুহেই এই বিষয়ে নাজানে৷ যদি আপুনিও আপোনাৰ স্বাস্থ্য সঠিকভাৱে ৰাখিব বিচাৰে তেন্তে এই বেয়া সংমিশ্ৰণৰ বিষয়ে জানিব লাগিব। চাহ বা কফিৰ লগত কি কি বস্তু খাব নালাগে জানোঁ আহক।

ড্ৰিপ ফ্ৰাইড খাদ্য

ক্লিনিকেল ডায়েটিচিয়ান আঞ্চল শৰ্মাই কয় যে,কিছুমান মানুহে চাহৰ সৈতে চামোছা, ব্ৰেড পাকোডা বা বাকী ডিপ ফ্ৰাইড খাদ্য যথেষ্ট ভাল পায়। কিন্তু এইবোৰ খাদ্য স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। আচলতে চাহত টেনিন পোৱা যায় গতিকে তেলীয়া আৰু টেঙা খাদ্যৰ সৈতে মিহলি কৰিলে গেছ, এচিডিটি আৰু পেট ফুলাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই অৱস্থাত শৰীৰে আইৰণ সঠিকভাৱে শোষণ নকৰে।

আইৰণযুক্ত খাদ্য

বিশেষজ্ঞৰ মতে, চাহ বা কফিৰ লগত আইৰণ সমৃদ্ধ খাদ্যও খাব নালাগে। কাৰণ চাহত অক্সালেট থাকে , যি আইৰণৰ লগত মিলি ইয়াৰ শোষণ ৰোধ কৰে। ইয়াৰ ফলত শৰীৰত আইৰণৰ অভাৱো হ’ব পাৰে। গতিকে চাহৰ লগত আইৰণযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকক।

দৈৰ সামগ্ৰীও ক্ষতিকাৰক

লগতে দৈৰ সামগ্ৰী বা দৈ চাহ বা কফিৰ লগত খাব নালাগে। কাৰণ চাহ গৰম আৰু দৈ ঠাণ্ডা, যিটো শৰীৰৰ বাবে অতি বেয়া সংমিশ্ৰণ। এনে পৰিস্থিতিত চাহৰ লগত দৈ খালে আজিৰে পৰা বন্ধ কৰক। ইয়াৰ ফলত হাৰ্টবাৰ্ণ, পেট ফুলা আদি সমস্যা হ’ব পাৰে।

চাহ বিস্কুটও নহয়

খাদ্য বিশেষজ্ঞ গীতিকা চোপ্ৰাৰ মতে, চাহৰ সৈতে বিস্কুটৰ সংমিশ্ৰণতো ভাল নহয়। কাৰণ ইয়াত ৰিফাইন, ডেইৰী আৰু চেনিৰ লগতে অস্বাস্থ্যকৰ চৰ্বিও থাকে। চাহৰ লগত খালে হঠাতে তেজৰ চেনি বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...