ঋতুস্ৰাৱৰ ৰঙে বুজাব আপুনি সুস্থ নে অসুস্থ? সবিশেষ জানক

বহু মহিলাই মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ অনুভৱ কৰে, যিটোৰ পৰা সাধাৰণতে আৰাম পোৱাটো কঠিন। কিন্তু এই বিষ হোৱাৰ বিভিন্ন কাৰণ থাকে। মাহেকীয়াৰ স্ৰাৱে ইংগিত দিব আপুনি সুস্থ নে অসুস্থ, সবিশেষ পঢ়ক

ঋতুস্ৰাৱৰ ৰঙে বুজাব আপুনি সুস্থ নে অসুস্থ? সবিশেষ জানক
Published: 

24 Dec 2025 13:57 PM

মহিলাৰ মাহেকীয়া এক স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু এই সময়ছোৱাত বহু মহিলাই যথেষ্ঠ কষ্টৰ সন্মুখীন হ’বলগীয়া হয়। বহু মহিলাই মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ অনুভৱ কৰে, যিটোৰ পৰা সাধাৰণতে আৰাম পোৱাটো কঠিন। কিন্তু এই বিষ হোৱাৰ বিভিন্ন কাৰণ থাকে। মাহেকীয়াৰ স্ৰাৱে ইংগিত দিব আপুনি সুস্থ নে অসুস্থ, সবিশেষ পঢ়ক

উজ্জ্বল ৰঙা ৰং – সাধাৰণতে মাহেকীয়াৰ প্ৰথম কেইদিনমানত ৰক্তস্ৰাৱ উজ্জ্বল ৰঙা ৰঙৰ হয়। এইটো সম্পূৰ্ণ স্বাভাৱিক আৰু ইয়াৰ অৰ্থ হ’ল আপোনাৰ শৰীৰৰ পৰা তেজ সোনকালে ওলাই গৈছে।

বাদামী ৰং – কেতিয়াবা মাহেকীয়াৰ মাজভাগ বা শেষৰ ফালে স্ৰাৱ গাঢ় ৰঙা বা বাদামী হৈ পৰে। এইটো পুৰণি তেজ যিটো কিছুদিন আপোনাৰ শৰীৰৰ ভিতৰত থাকে আৰু তাৰ পিছত ওলাই যায়। এইটোও স্বাভাৱিক আৰু চিন্তাৰ কোনো কথা নাই।

পাতল গোলাপী ৰং – কেতিয়াবা প্ৰবাহৰ সময়ত তেজ গোলাপী দেখা যায়। বিশেষকৈ যিসকলৰ স্ৰাৱৰ তেজ আৰু ছাৰ্ভাইকেল শ্লেষ্মাৰ সৈতে মিহলি হয়, তেওঁলোকৰ বাবে এইটো সাধাৰণতে স্বাভাৱিক।

কেতিয়া সাৱধান হ’ব লাগিব?

কমলা ৰঙৰ – যদি স্ৰাৱ কমলা বা অস্বাভাৱিকভাৱে উজ্জ্বল ৰঙৰ হয় আৰু ইয়াৰ দুৰ্গন্ধ থাকে, তেন্তে ই সংক্ৰমণৰ লক্ষণ হ’ব পাৰে।

অতি শেঁতা ৰং – যদি স্ৰাৱ বাৰে বাৰে অস্বাভাৱিকভাৱে পাতল হয়, তেন্তে ই হৰম’নৰ ভাৰসাম্যহীনতাৰ ইংগিত বা তেজত হিম’গ্লবিনৰ অভাৱৰ ইংগিত হ’ব পাৰে।

ধূসৰ ৰং – যদি স্ৰাৱ ধূসৰ হয় তেন্তে সাধাৰণতে বেক্টেৰিয়াজনিত যোনি ৰোগৰ সংক্ৰমণৰ লক্ষণ। যদি ইয়াৰ লগত দুৰ্গন্ধ, জ্বলা-পোৰা বা খজুৱতি হয় তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

অতি গাঢ় বাদামী ৰং – যদিও ঋতুস্ৰাৱৰ শেষৰ ফালে গাঢ় বাদামী ৰঙৰ তেজ স্বাভাৱিক, তথাপিও যদি বাৰে বাৰে গাঢ় বাদামী ৰঙৰ স্ৰাৱ হয় আৰু ইয়াৰ লগে লগে তীব্ৰ বিষ বা অস্বাভাৱিক তেজ জমা হয়। জৰায়ুৰ ভিতৰত তেজ জমা হোৱা বা আন সমস্যাৰ ইংগিত দিব পাৰে।

(বিদ্ৰঃ- যদি বাৰে বাৰে এই সমস্যাৰ সন্মুখীন হৈ আছে, তেন্তে আপুনি আৰু পলম কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে চিকিৎসকৰ পৰামৰ্শ লওক।)

এই সমস্যা থকা লোকে ভুলতো খাব নালাগে অমিতা! জানক...
হঠাৎ ৰক্তচাপ বৃদ্ধি হ'লে কি কৰিব? জানক...
এজন ব্যক্তিয়ে দৈনিক কিমান পৰিমাণৰ মদ্যপান কৰিব পাৰে ? নৱবৰ্ষ উদযাপনৰ পূৰ্বে জানক
শীতকালত চাইনাছৰ সমস্যা হ'লে কি কৰিব ? ৰোধ কৰাৰ উপায় জানক
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা