Weight loss: প্ৰতিদিনে পুৱা এমাহলৈ খাওক এই ঘৰুৱা জুচ! কম হৈ পৰিব পেটৰ চৰ্বি…

Weight Loss Tips: আজিকালি বিভিন্নজনে ওজন বৃদ্ধিৰ সমস্যাত ভোগা দেখা যায়। এনে অৱস্থাত সকলোৱে বিচাৰে ওজন নিয়ন্ত্ৰণ কৰিব। এই ক্ষেত্ৰত আপোনাক এক প্ৰকাৰৰ জুচে সহায় কৰিব পাৰে।

Weight loss: প্ৰতিদিনে পুৱা এমাহলৈ খাওক এই ঘৰুৱা জুচ! কম হৈ পৰিব পেটৰ চৰ্বি...

ওজন হ্ৰাস

Published: 

10 Nov 2025 | 07:51 PM

আজিকালি বিভিন্নজনৰ মাজত মেদবহুলতাৰ সমস্যাই দেখা দিছে। গতিকে সকলোৱে ওজন হ্ৰাস কৰিবলৈ বিভিন্ন উপায় অৱলম্বন কৰে। কিন্তু আপুনি জানেনে, কিছুমান ঘৰুৱা আৰু প্ৰাকৃতিক উপায়ৰ দ্বাৰা ওজন হ্ৰাস কৰিব পাৰি? এই ক্ষেত্ৰত সহায় কৰিব পাৰে আমলখিয়ে। ইয়াত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে। ই স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। আমলখি খালে চুলি আৰু ছালৰ স্বাস্থ্য ভাল হয়।

ইয়াৰোপৰি আমলখিয়ে ওজন হ্ৰাস কৰাতো সহায় কৰিব পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে পুষ্টিবিদ ডাঃ শিখা সিঙে। তেওঁ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ আপলোড কৰি জনাইছে যে আমলখি খালে ওজন হ্ৰাস,ছাল উজ্বল, চুলিৰ স্বাস্থ্য আদি ভাল হয়।

কেনেকৈ খাব

আমলখিৰ আপুনি জুচ বনাই খাব পাৰে। এমাহ ধৰি যদি আপুনি এয়া সেৱন কৰে তেন্তে বহু উপকাৰ লাভ কৰিব। যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে সেইসকলে এই জুচ খাব পাৰে।

কি কি লাগিব

  • আমলখি
  • কেঁচা হালধি
  • আদা
  • নৰসিংহ
  • ক’লা নিমখ

কেনেকৈ বনাব

জুচ বনোৱা প্ৰক্ৰিয়া একেবাৰে সহজ। ইয়াৰ বাবে আপুনি এটা আমলখি, কেঁচা হালধিৰ এটা টুকুৰা, আদাৰ টুকুৰা, অলপ ক’লা নিমখ আৰু ৬-৭ টা নৰসিংহৰ পাত লৈ লওক। পাছত সেইখিনি মিক্সিত পিহি লওক। তাৰ পৰা আপুনি জুচ তৈয়াৰ কৰি প্ৰতিদিনে পুৱা খাব পাৰে। একেৰাহে কেইদিনমান খাই থাকিলে ফল লাভ কৰিব।

কি হয়

আমলখি খালে শৰীৰৰ বিপাকীয় ক্ৰিয়া উন্নত হয়। লগতে ই চৰ্বি কম কৰাত সহায় কৰে। ই ভোক নিয়ন্ত্ৰণত ৰাখে।  প্ৰতিদিনে এই জুচ সেৱন কৰিলে ওজন হ্ৰাস পাব পাৰে। লগতে ছাল আৰু চুলি ধুনীয়া হৈ পৰিব। চুলি মজবুত কৰাত ই সহায় কৰে। যদি বেছিকৈ চুলি সৰাৰ সমস্যা হৈ আছে তেন্তে এই জুচ খাব পাৰে।

অৱশ্যে আপোনাৰ যদি কিবা শাৰীৰিক সমস্যা আছে তেন্তে এয়া সেৱন কৰাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

 

অন্য খবৰ পঢ়কঃ নখত দেখা দিয়া লক্ষণ হ’ব পাৰে কৰ্কট ৰোগৰ ইংগিত! জানক সকলো..

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...