ক্ৰনিক ভেনাছ ইনচুফিচিয়েন্সিত আক্ৰান্ত ড’নাল্ড ট্ৰাম্প ! কিমান বিপজ্জনক এই ৰোগ কি? লক্ষণ, প্ৰতিকাৰ সকলো জানক…

হোয়াইট হাউছৰ চিকিৎসক শ্বেন বাৰ্বেলাই কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ভৰিৰ গোৰোহা সামান্য ফুলাৰ পিছত তেওঁৰ পৰীক্ষা কৰা হৈছিল। পৰীক্ষাত দেখা গ’ল যে তেওঁ ক্ৰনিক ভেনাছ ইনছুফিচিয়েন্সি (CVI) নামৰ ৰোগত আক্ৰান্ত।

ক্ৰনিক ভেনাছ ইনচুফিচিয়েন্সিত আক্ৰান্ত ড’নাল্ড ট্ৰাম্প ! কিমান বিপজ্জনক এই ৰোগ কি? লক্ষণ, প্ৰতিকাৰ সকলো জানক...

ড’নাল্ড ট্ৰাম্প

Published: 

18 Jul 2025 | 10:07 PM

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কিছু ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোত তেওঁৰ হাত-ভৰি স্পষ্টকৈ ফুলি উঠা (অডিমা) দেখা গৈছে। এই সন্দৰ্ভত হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে সংবাদমেলত কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্প ক্ৰনিক ভেনাছ ইনছুফিচিয়েন্সি নামৰ শিৰাৰ সমস্যাত ভুগি আছে। তেওঁৰ হাত আৰু ভৰিৰ গোৰোহাত সামান্য ফুলি উঠাৰ পিছত তেওঁৰ পৰীক্ষাৰ সময়ত এই ৰোগ ধৰা পৰে।

হোয়াইট হাউছৰ চিকিৎসক শ্বেন বাৰ্বেলাই কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ভৰিৰ গোৰোহা সামান্য ফুলাৰ পিছত তেওঁৰ পৰীক্ষা কৰা হৈছিল। পৰীক্ষাৰ পৰা দেখা গৈছে যে তেওঁ ক্ৰনিক ভেনাছ ইনছুফিচিয়েন্সি (CVI) নামৰ ৰোগত আক্ৰান্ত। কিন্তু ই কোনো গুৰুতৰ ৰোগ নহয়, যেনে Deep Vein Thrombosis বা ধমনী ৰোগ। সাধাৰণতে বয়সৰ লগে লগে এই ৰোগ হয়।

৭০ বছৰ বয়সৰ পিছত ক্ৰনিক ভেনাছ ইনচুফিচিয়েন্সি (Chronic Venous Insufficiency) হোৱা দেখা যায়।এই বয়সত শিৰাৰ মাজেৰে তেজৰ সোঁত কমি যায়। ধাৰণা কৰা হৈছে যে ট্ৰাম্পৰো এই সমস্যা আছে। বয়সৰ লগত জড়িত এছপিৰিন ব্যৱহাৰ বা আন বিভিন্ন কাৰণত এই ৰোগত আক্ৰান্ত হৈছে ট্ৰাম্প।

ক্ৰনিক ভেনাছ ইনচুফিচিয়েন্সি কি?

চিকিৎসকৰ মতে, ভৰিৰ শিৰাবোৰে সঠিকভাৱে হৃদযন্ত্ৰলৈ তেজ ঘূৰাই দিব নোৱাৰা অৱস্থা হ’ল ক্ৰনিক ভেনাছ ইনছুফিচিয়েন্সি (CVI)। ফলত ক্ৰমান্বয়ে তললৈ তেজ জমা হ’বলৈ ধৰে।

প্ৰাৰম্ভিক লক্ষণ –

ভৰিৰ গোৰোহা ফুলা, ভৰিৰ গধুৰ অনুভৱ, ঠেং বা গোৰোহাত জ্বলা বা অস্বস্তি, খজুৱতি ইত্যাদি।

ৰোগ বাঢ়ি যোৱাৰ লগে লগে সৰু সৰু শিৰাবোৰ দেখা পোৱা যায় আৰু ভৰিৰ গোৰোহাৰ চাৰিওফালৰ ছালখন ক’লা হৈ পৰে। এই লক্ষণসমূহক আওকাণ কৰিলে চিকিৎসাত বিলম্ব হয় আৰু ভৰিৰ আলচাৰ বা ডিপ ভেইন থ্ৰম্ব’ছিছ (DVT) হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

দীৰ্ঘ সময় বহি বা থিয় হৈ থকা, অতিৰিক্ত ওজন আৰু শাৰীৰিকভাৱে নিষ্ক্ৰিয় হোৱা এই সকলোবোৰে চিভিআইত অৰিহণা যোগাব পাৰে। এই কাৰকবোৰে ভৰিৰ পেশীবোৰ দুৰ্বল কৰি শিৰাবোৰত হেঁচা প্ৰয়োগ কৰে, যাৰ ফলত ভৰিত তেজ বেক আপ হৈ জমা হৈ পৰে।

প্ৰতিকাৰ –

বৰ্তমান ডুপ্লেক্স আল্ট্ৰাছাউণ্ডৰ সহায়ত দ্ৰুত আৰু বিষহীনভাৱে ৰোগ নিৰ্ণয় কৰিব পাৰি। প্ৰাৰম্ভিক অৱস্থাত কম্প্ৰেছন ষ্টকিং আৰু তেজৰ সোঁত বৃদ্ধিৰ ঔষধ ফলপ্ৰসূ হয়। উন্নত পৰ্যায়ত কম আক্ৰমণাত্মক পদ্ধতি যেনে ফেন স্ক্লেৰোথেৰাপি, লেজাৰ থেৰাপী বা ৰেডিঅ’ফ্ৰিকুৱেন্সি এবলেচন ফলপ্ৰসূ হয়। আগতীয়াকৈ চিকিৎসা কৰিলে জটিলতা আৰু অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা হ্ৰাস পায়, আৰু জীৱনৰ মান উন্নত হয়। গতিকে চিভিআই আগতীয়াকৈ ধৰা পৰিলে সহজে নিয়ন্ত্ৰণ কৰিব পৰা যায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...