টাইফয়েড হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক ইয়াৰ কাৰণ, পৰিত্ৰাণৰ উপায় আদি সকলো…
Typhoid symptoms: বিশেষকৈ সৰু ল'ৰা-ছোৱালীসকলৰ টাইফয়েড হয়। এই ৰোগ হ'লে কিছুমান লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ লক্ষণ, কাৰণসমূহ জনা দৰকাৰ।

টাইফয়েড
টাইফয়েড হৈছে ছালমোনেলা টাইফি (Salmonella Typhi) নামৰ বেক্টেৰিয়াৰ দ্বাৰা হোৱা সংক্ৰামক ৰোগ। এই বেক্টেৰিয়া দূষিত পানী, লেতেৰা খাদ্য বা সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শৰ জৰিয়তে শিশুৰ শৰীৰত প্ৰৱেশ কৰে। শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰাপ্তবয়স্কতকৈ দুৰ্বল, এনে ক্ষেত্ৰত শিশুসকল সহজে সংক্ৰমিত হয়। যেতিয়া শিশুসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতা মানি নচলে তেতিয়া এই ৰোগ হয়।
ভাৰতত ৫ৰ পৰা ১৫ বছৰ বয়সৰ ভিতৰৰ শিশুৰ ক্ষেত্ৰত টাইফয়েড আক্ৰান্তৰ সংখ্যা সৰ্বাধিক দেখা যায়, বিশেষকৈ যিবোৰ অঞ্চলত বিশুদ্ধ পানী আৰু শৌচাগাৰৰ সুবিধা পৰ্যাপ্ত নহয়। WHOৰ তথ্য অনুসৰি প্ৰতি বছৰে সমগ্ৰ বিশ্বতে প্ৰায় ১ কোটি ১০ লাখ লোক টাইফয়েডত আক্ৰান্ত হয়, ইয়াৰে বৃহৎ সংখ্যক শিশু। টাইফয়েড এক গুৰুতৰ কিন্তু সম্পূৰ্ণৰূপে প্ৰতিৰোধযোগ্য ৰোগ। ইয়াৰ পৰা শিশুক ৰক্ষা কৰিবলৈ পৰিষ্কাৰ পানী, পৰিষ্কাৰ খাদ্য আৰু ভাল পৰিষ্কাৰ-পৰিচ্ছন্নতা অতি প্ৰয়োজনীয়। সময়মতে ভেকচিন লওক আৰু কোনো লক্ষণ দেখা গ’লে পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লওক।
গাজিয়াবাদ জিলা চিকিৎসালয়ৰ শিশু চিকিৎসা বিভাগৰ ডাঃ বিপিনচন্দ্ৰ উপাধ্যায়ে কয় যে বাৰিষা এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি। কিয়নো এই সময়চোৱাত আৰ্দ্ৰতা, মলি আৰু পানী জমা হোৱাৰ বাবে বেক্টেৰিয়া দ্ৰুতগতিত বৃদ্ধি পায়। বৰষুণৰ পানীৰ লগত নলাৰ পানী মিহলি হোৱাৰ ফলত খোৱাপানী দূষিত হ’ব পাৰে। বহু সময়ত মানুহে শিশুক কটা ফল, চাট, ফুচকা বা ৰাস্তাৰ কাষত বিক্ৰী কৰা বিভিন্ন বস্তু খুৱায়। ই এই ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।
স্কুলৰ গাফিলতি
বহু বিদ্যালয় বা অংগনবাড়ী কেন্দ্ৰত যদি পানী বা খাদ্য সঠিকভাৱে চাফা কৰা নহয়, তেন্তে তাৰ পৰাও সংক্ৰমণ বিয়পিব পাৰে। ইয়াৰ ফলত পাচনন্ত্ৰ দুৰ্বল হৈ পৰে লগতে ই ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে। বিশেষকৈ জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত টাইফয়েড ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা যায়।
শিশুক টাইফয়েডৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি?
- পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু টিকাকৰণ।
- শিশুক সদায় কুহুমীয়া বা ভালদৰে ফিল্টাৰ কৰা পানী দিব লাগে।
- বাহিৰৰ পৰা অহা বা শৌচ কৰাৰ পিছত খাদ্য খোৱাৰ আগতে চাবোনেৰে হাত ধুব লাগে।
- মুকলি ঠাইত বিক্ৰী হোৱা খাদ্য আৰু কটা ফলৰ পৰা শিশুক আঁতৰাই ৰাখক।
- শিশুৰ খাদ্যৰ বাচন, পানীৰ বটল আৰু টিফিন মাজে মাজে ভালদৰে ধুই থাকিব।
টাইফয়েডৰ ভেকচিন উপলব্ধ নেকি?
ভাৰতত দুই প্ৰকাৰৰ টাইফয়েড ভেকচিন উপলব্ধ – টাইফয়েড কনজুগেট ভেকচিন (TCV) যিটো ২ বছৰ বয়সত প্ৰদান কৰা হয় আৰু প্ৰায় ৩ বছৰলৈকে সুৰক্ষা প্ৰদান কৰে। ইয়াৰ উপৰিও Vi polysaccharide ৰ দৰে পুৰণি ভেকচিনো উপলব্ধ। WHO এতিয়া টি চি ভিক অধিক ফলপ্ৰসূ বুলি বিবেচনা কৰিছে আৰু ইয়াৰ এটা মাত্ৰাই ৮০ৰ পৰা ৯০% সুৰক্ষা প্ৰদান কৰিব পাৰে।
লক্ষণ
- তীব্ৰ জ্বৰ
- ভাগৰুৱা
- এলাহ
- পেটৰ বিষ
- মূৰৰ বিষ
- ডায়েৰিয়া
- কৌষ্ঠকাঠিন্য
- ভোক নোহোৱা
- জিভাত বগা আৱৰণ
- মুখ শুকাই যোৱা
- গোলাপী ৰঙৰ ফোহাৰ দৰে ওলোৱা আদি।
এনে লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
অন্য খবৰ পঢ়কঃ ভৰিৰ তলত গাৰু লৈ শুৱা ভাল নে বেয়া? জানক চিকিৎসকৰ পৰা…