নেলপলিচ ব্যৱহাৰৰ ফলত হ’ব পাৰে নখৰ এনে সমস্যা, জানিলে হ’ব আচৰিত…

আপুনি কেতিয়াবা ভাবিছেনে, যদি আপুনি নখত ধাৰাবাহিকভাৱে নেলপলিচ লগাই থাকে তেতিয়া কি হ’ব পাৰে! নখৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে সদায় নেলপলিচ ব্যৱহাৰ কৰিলে আপোনাৰ নখ আৰু সামগ্ৰিক স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হ’ব পাৰে।

নেলপলিচ ব্যৱহাৰৰ ফলত হ’ব পাৰে নখৰ এনে সমস্যা, জানিলে হ’ব আচৰিত...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

12 Sep 2025 19:26 PM

নিজকে অধিক সৌন্দৰ্যশালী কৰি তোলাৰ উদ্দেশ্যে যুৱতীমহিলাসকলে নানা সামগ্ৰী ব্যৱহাৰ কৰে হাতভৰিৰ নখতো সৌন্দৰ্য চৰ্চাৰ প্ৰতি বিশেষ যত্ন লোৱা হয় এইক্ষেত্ৰত যুৱতীমহিলাসকলে ভিন্নৰঙী নেলপলিচ ব্যৱহাৰ কৰে নেলপলিচ কেৱল প্ৰসাধন সামগ্ৰী নহয়, এক ফেশ্বন ষ্টেটমেন্টো। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে, যদি আপুনি নখত ধাৰাবাহিকভাৱে নেলপলিচ লগাই থাকে তেতিয়া কি পাৰে! নখৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে সদায় নেলপলিচ ব্যৱহাৰ কৰিলে আপোনাৰ নখ আৰু সামগ্ৰিক স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হ’ব পাৰে।

নেলপলিচত কিছুমান বিশেষ ৰাসায়নিক পদাৰ্থ থাকে, যি নখ দুৰ্বল কৰিব পাৰে। লগতে দীৰ্ঘকালীনভাৱে সংক্ৰমিত কৰি তুলিব পাৰে। শেহতীয়াকৈ ইউৰোপে এটা গুৰুত্বপূৰ্ণ উপাদান ট্ৰাইমিথাইলবেনজ’ইল ডাইফেনাইলফছফিন অক্সাইড (TPO) ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। এই পদাৰ্থবিধ বহু নেইল পলিচ ব্ৰেণ্ডত ব্যৱহাৰ কৰা হৈছিল।

এই ৰাসায়নিক পদাৰ্থবিধ অত্যন্ত বিষাক্ত আৰু ই প্ৰজনন স্বাস্থ্য তথা প্ৰজনন ক্ষমতাত সমস্যাৰ সৃষ্টি কৰিব পাৰে লগতে ছালৰ এলাৰ্জী আৰু সংবেদনশীলতাৰ সৈতে জড়িত সমস্যাৰো কাৰণ হ’ব পাৰে এই ৰাসায়নিক পদাৰ্থ যোৱা ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱা এই নিষেধাজ্ঞাৰ ফলত ইউৰোপৰ কোনো ব্ৰেণ্ডে টিপিঅ’যুক্ত নেলপলিচ বিক্ৰী বা আমদানি কৰিব নোৱাৰিব।

ট্ৰাইমিথাইলবেনজ’ইল ডাইফেনাইলফছফিন অক্সাইড (TPO) লগতে নেইল পলিচত তলত দিয়া বিষাক্ত উপাদানসমূহো থাকিব পাৰে

১) ফৰ্মেলডিহাইডঃ ই ছালৰ জ্বলন আৰু এলাৰ্জীৰ সৃষ্টি কৰে।

২) টলুইনঃ মূৰ ঘূৰোৱা আৰু মূৰৰ বিষ হব পাৰে।

৩) DBP বা ডাইবুটাইল ফ্থালেটঃ প্ৰজনন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

দৈনিক এই ৰাসায়নিক পদাৰ্থসমূহৰ সংস্পৰ্শলৈ অহাটো আপোনাৰ স্বাস্থ্য আৰু নখৰ বাবে ক্ষতিকাৰক বিবেচিত হয়। নিয়মিতভাৱে নেলপলিচ লগালে ইয়াৰ গোন্ধই শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰো সৃষ্টি হ’ব পাৰে। এইক্ষেত্ৰত কি কৰা উচিত, চাওক

) নেলপলিচৰ ব্যৱহাৰ কম কৰক। প্ৰতিদিনে ব্যৱহাৰ নকৰিব।

২) ৰাসায়নিক মুক্ত নেলপলিচ বাছি লওক। ‘৩-ফ্ৰী’ বা ‘৫-ফ্ৰী’ লেবেলযুক্ত সামগ্ৰী বিচাৰিব।

) আপোনাৰ নখ কিছু আৰ্দ্ৰ কৰি ৰাখক। লোচন, নাৰিকল তেল বা আলমণ্ড অইল ব্যৱহাৰ কৰক।

৪) এচিটনমুক্ত ৰিমুভাৰ ব্যৱহাৰ কৰক। এইবোৰ তুলনামূলকভাৱে কোমল।

ৱৰ্ক আউটৰ লগতে এইসমূহ দিশতো দিয়ক গুৰুত্ব, তেতিয়াহে সফল হ’ব ওজন হ্ৰাসৰ প্ৰচেষ্টা
দাঁতৰ আলু ফুলা আৰু মুখৰ দুৰ্গন্ধ... এয়া দাঁতৰ কি ৰোগৰ ইংগিত?
মিঠা খাদ্যৰ বাহিৰেও এইবোৰ কাৰণত আপোনাৰ হঠাৎ চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে
দৈনিক ৰঙা চাহ খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নে বেয়া? শৰীৰত কি প্ৰভাৱ পৰে জানক...