বগা চাউল কিয় খাব নালাগে ? এই ৫ প্ৰকাৰৰ চাউল পুষ্টিকৰ উপাদানৰ এক ভঁৰাল…

স্বাস্থ্য বিশেষজ্ঞই কয় যে, এই চাউল অতি কম পৰিমাণে খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে। আচলতে ইয়াৰ আঁৰত বহু কাৰণ আছে। বগাৰ বাহিৰেও আমাৰ দেশত বহু জাতৰ ধানৰ খেতি কৰা হয়। এই প্ৰতিবেদনত এনে ৫বিধ চাউলৰ বিষয়ে উল্লেখ কৰা হৈছে যিবোৰ পুষ্টিকৰ উপাদান থকা লগতে গ্লাইচেমিক ইনডেক্স কম।

বগা চাউল কিয় খাব নালাগে ? এই ৫ প্ৰকাৰৰ চাউল পুষ্টিকৰ উপাদানৰ এক ভঁৰাল...

পুষ্টিকৰ চাউল

Updated On: 

05 Jul 2025 17:43 PM

খাদ্যত প্ৰায়ে বগা চাউল ব্যৱহাৰ কৰা হয়। কিন্তু স্বাস্থ্য বিশেষজ্ঞই কয় যে, এই চাউল অতি কম পৰিমাণে খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে। আচলতে ইয়াৰ আঁৰত বহু কাৰণ আছে। বগা চাউলৰ গ্লাইচেমিক ইনডেক্স বেছি। ইয়াত কম পুষ্টিকৰ উপাদান থাকে আৰু সৰল কাৰ্বহাইড্ৰেট বৃহৎ পৰিমাণে পোৱা যায়। গতিকে অত্যধিক খোৱাৰ ফলত ওজন বৃদ্ধি পাব পাৰে।

মেদবহুলতাৰ ফলত ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়। যিসকল লোক ইতিমধ্যে ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছে তেওঁলোকে বিশেষকৈ বগা চাউল খোৱাৰ পৰা বিৰত থাকিব লাগে, নহ’লে তেজৰ চুগাৰৰ পৰিমাণ বেছি হ’ব পাৰে। বগাৰ বাহিৰেও আমাৰ দেশত বহু জাতৰ ধানৰ খেতি কৰা হয়। এই প্ৰতিবেদনত এনে ৫বিধ চাউলৰ বিষয়ে উল্লেখ কৰা হৈছে যিবোৰ পুষ্টিকৰ উপাদান থকা লগতে গ্লাইচেমিক ইনডেক্স কম।

ব্লেক ৰাইচ

এই ধানৰ খেতি উত্তৰ-পূবৰ ৰাজ্য মণিপুৰ আৰু অসমত কৰা হয়। বিশেষকৈ অসমত জনপ্ৰিয় ক’লা চাউলত বহুতো পুষ্টিকৰ উপাদানেৰে ভৰপূৰ। আপুনি ইয়াক আপোনাৰ খাদ্যৰ অংশ হিচাপে ল’ব পাৰে। ইয়াৰ ৰং ক’লা । ইয়াত উপস্থিত ক’লা ৰং এন্থ’চাইনিন নামৰ এন্টিঅক্সিডেন্টৰ পৰা আহে। ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰাত ই সহায় কৰে।

লগতে পঢ়ক: শৰীৰত কলেষ্টেৰল বাঢ়িছে নেকি ? এই ৫ টা লক্ষণক আওকাণ নকৰিব…

ৰঙা চাউল

ভাৰতৰ দক্ষিণ ৰাজ্য, কেৰালা বা তামিলনাডুত ৰঙা ধানৰ খেতি কৰা হয়। ইয়াক “বাও-ধান” বুলিও কোৱা হয়। অসমৰো বহু ঠাইত বাও ধানৰ খেতি কৰা দেখা যায়। অতি জনপ্ৰিয় জাতৰ এই চাউল বজাৰত সহজে উপলব্ধ। এই চাউল তেজৰ চুগাৰ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ উপকাৰী বুলি বিবেচিত হয়।

নবৰা চাউল

ভাৰতত পোৱা বিভিন্ন ধানৰ জাতৰ ভিতৰত নবৰা ধানো এনে এক জাত যি বহু ঔষধি গুণেৰে সমৃদ্ধ। ইয়াক স্বাস্থ্য উপকাৰৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াত বহুতো এন্টিঅক্সিডেন্ট আৰু বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, গতিকে ইয়াক কেঁচুৱাৰ পৰা বৃদ্ধলৈকে সকলোৰে বাবে উপকাৰী বুলি বিবেচিত হয়।

লগতে পঢ়ক: আওকাণ নকৰিব ! জানক হঠাতে হৃদযন্ত্ৰ বন্ধ হৈ যোৱাৰ ৫ টা লক্ষণ…

ক’লা জিৰা চাউল

ধানৰ জাতৰ কথা ক’বলৈ গ’লে বগাৰ পৰিৱৰ্তে ক’লা জিৰা চাউলক খাদ্যৰ অংশ হিচাপে ল’ব পাৰি। এই চাউলবোৰৰ সুগন্ধি আৰু আচৰিত সোৱাদৰ বাবে জনাজাত আৰু ইয়াৰ ৰং ক’লা আৰু সৰু আকাৰত জিৰাৰ দৰে দেখা যায়। এই ধানৰ খেতি ওড়িশাত প্ৰায়ে কৰা দেখা যায়।

লগতে পঢ়ক: বাৰিষাৰ সময়ত নাখাব এই ৫ বিধ শাক-পাচলি, খাদ্য বিষক্ৰিয়াৰ আশংকা থাকে

আপোনাৰো আছে নেকি উচ্চ ৰক্তচাপৰ সমস্যা? পুৱা গঢ়ি তোলক এনে অভ্যাস, পাব সকাহ
প্ৰতিদিনে ৰাতিপুৱা এমুঠি তিয়াই থোৱা বুট খালে কি কি উপকাৰ হয়? জানক...
শীতকালত মাইগ্ৰেইনৰ পৰা কেনেকৈ বাছি থাকিব ? ৭ টা টিপছ...
কঠোৰ খাদ্যাভ্যাসৰ নাই প্ৰয়োজন ! এই ৫ টা অভ্যাসে চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব
বিৰোধীক কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ...
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ন্যায়াধীশ সূৰ্য কান্তৰ
কেতিয়াৰ পৰা আৰম্ভ হ'ব বাবু আঁচনি?
গৌৰৱ গগৈয়ে পাকিস্তানত চৰকাৰ বনাবঃ মুখ্যমন্ত্ৰী