অধিক সময় বহি থাকিলে দেহত ঘটিব পাৰে বহু সমস্যা, এইদৰে যত্ন লওক নিজৰ স্বাস্থ্যৰ

অফিচৰ কামৰ বাবেই হওক বা ঘৰত টেলিভিছন চোৱাৰ বাবেই হওক, বহুলোকে প্ৰতিদিনে চকীত বহি ঘণ্টাৰ পিছত ঘণ্টা সময় কটায়। ইয়াৰ ফলত ধূমপানৰ ফলত হোৱাৰ দৰেই ক্ৰমান্বয়ে শৰীৰৰ ক্ষতিও হয়।

অধিক সময় বহি থাকিলে দেহত ঘটিব পাৰে বহু সমস্যা, এইদৰে যত্ন লওক নিজৰ স্বাস্থ্যৰ

দীৰ্ঘসময় বহি থকাৰ বাবে হ’ব পাৰে বহু সমস্যা

Published: 

01 Oct 2025 | 05:48 PM

বৰ্তমান সময়ত অধিকাংশ যুৱকযুৱতীয়েই কামৰ বাবে দিনটোৰ বহু সময় চকীত বহি কটাবলগা হয় কৰ্মস্থলীতেই হওক বা ঘৰত মোবাইল বা লেপটপ ব্যৱহাৰ কৰিয়েই হওক, কেইবাঘণ্টা সময় কামৰ বাবে একেলগে চকীত বহি থাকিবলগা হয় এই লোকসকল এইদৰে বহু সময় ধৰি বহি থকা জীৱনশৈলীয়ে স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে এই কাৰণেই স্বাস্থ্য বিশেষজ্ঞসকলে এই অভ্যাস আমাৰ শৰীৰৰ বাবে ধূমপানৰ দৰেই ক্ষতিকাৰক হ’ব পাৰে বুলি সকীয়াই দিছে।

ছেঠ নন্দলাল হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগৰ বিভাগীয় মুৰব্বী ডাঃ ভিলাছ মাৰ্কাৰেও এনে এক শংকাই প্ৰকাশ কৰিছে ডাঃ ভিলাছে কয় যে বৰ্তমান আমাৰ অধিকাংশ কাম কম্পিউটাৰ, লেপটপ, মোবাইলৰ সন্মুখত বহিয়েই কৰা হয়। অফিচৰ কামৰ বাবেই হওক বা ঘৰত টেলিভিছন চোৱাৰ বাবেই হওক, বহুলোকে প্ৰতিদিনে চকীত বহি ঘণ্টাৰ পিছত ঘণ্টা সময় কটায়।

ইয়াৰ ফলত ধূমপানৰ ফলত হোৱাৰ দৰেই ক্ৰমান্বয়ে শৰীৰৰ ক্ষতিও হয়। এই অভ্যাসে মেদবহুলতাত অৰিহণা যোগোৱাই নহয়, হৃদৰোগ, ডায়েবেটিছ, ৰক্তচাপ, আনকি কেঞ্চাৰৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে। University of Iowa এক গৱেষণাত এই বিষয়ত চিন্তনীয় তথ্য প্ৰকাশ পাইছে। এই অধ্যয়নটো ৭,০০০ৰো অধিক ৰোগীৰ তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল।

যিসকল লোকে এনে জীৱনশৈলী কটায়, তেওঁলোকৰ টাইপ ২ ডায়েবেটিছ, হৃদৰোগ, কেঞ্চাৰ, উচ্চ ৰক্তচাপ, মেদবহুলতা, গাঁঠিৰ বিষ, মানসিক চাপ, হতাশা, উদ্বেগ, ইনচুলিন প্ৰতিৰোধ ক্ষমতা, গাঁঠিৰ জঠৰতা, মেৰুদণ্ডৰ সমস্যা, হাই কলেষ্টেৰল, ফেটি লিভাৰ, বৃক্কৰ ৰোগ আৰু দুৰ্বলতা আদি ৰোগৰ লক্ষণ দেখা গৈছিল।

ধাৰাবাহিকভাৱে বহু সময় এইদৰে বহি থকা লোকৰ ক্ষেত্ৰত তেজৰ সঞ্চালন বিকল হৈ পৰে, সেয়েহে ভৰি আৰু পিঠিৰ বিষৰ সমস্যা বৃদ্ধি পোৱা দেখা গৈছে আনহাতে যিসকলে সক্ৰিয় জীৱনশৈলী বজাই ৰাখিছিল আৰু নিয়মীয়াকৈ ব্যায়াম কৰিছিল, তেওঁলোকৰ এই ৰোগসমূহৰ সম্ভাৱনা কম দেখা গৈছিল।

অধিক সময় বহি থাকিলে পাৰে এইসমূহ সমস্যা

হৃদৰোগঃ দীৰ্ঘ সময় বহি বা শুই থাকিলে হৃদযন্ত্ৰৰ ওপৰত অতিৰিক্ত চাপ পৰে।

ডায়েবেটিঃ এই অভ্যাসে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাও ক্ষতিগ্ৰস্ত কৰে।

মেদবহুলতাঃ এইদৰে বহি থাকিলে শৰীৰত কেলৰি জমা হয়। ইয়াৰ ফলত দেহত চৰ্বি বৃদ্ধি পাই মেদবহুলতাৰ সৃষ্টি কৰিব।

ডিঙি আৰু পিঠিৰ বিষঃ এইদৰে বহি থাকিলে ডিঙি আৰু কঁকালৰ বিষৰ সম্ভাৱনা বৃদ্ধি পায়। বহাৰ ভংগীমা বেয়া হ’লে হাড় দুৰ্বল হৈ পৰে।

হতাশা আৰু উদ্বেগঃ শুই থাকি মোবাইল ফোন ব্যৱহাৰ কৰিলে মানসিক ৰোগ হ’ব পাৰে। এই জীৱনশৈলীৰ ফলত মগজুৰ কাৰ্যকলাপ হ্ৰাস পায়, ইয়াৰ ফলত মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।

এইধৰণৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ কি কৰিব

অবিৰতভাৱে বহি নাথাকিব; প্ৰতি ৩০ৰ পৰা ৪০ মিনিটৰ মূৰে মূৰে বিৰতি লওক।

বিৰতিৰ সময়ত ২ৰ পৰা ৩ মিনিট খোজ কাঢ়িব লাগে।

কাম কৰি থাকোঁতে মাজে মাজে থিয় হৈ থাকিব।

আপুনি বহা চকী আৰু লেপটপৰ স্ক্ৰীণ সঠিক ঠাইত সমতল কৰি ৰাখক।

কাম কৰাৰ সময়ত বা বিৰতিৰ সময়ত কিছু ষ্ট্ৰেচিং কৰিব লাগে।

লঘু ষ্ট্ৰেচিং আৰু ব্যায়ামে আপোনাৰ পেশীবোৰ সক্ৰিয় কৰি ৰাখে।

চিৰি ব্যৱহাৰ কৰক। লিফ্টৰ ব্যৱহাৰ কম কৰিবলৈ চেষ্টা কৰক।

দৈনিক খোজকঢ়াৰ অভ্যাস গঢ়ি তোলক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...