অধিক প্ৰটিন গ্ৰহণে ক্ষতি কৰিব পাৰে নেকি বৃক্কৰ? এতিয়াই চাই লওক বিশেষজ্ঞৰ মত
মানুহে প্ৰায়ে ভাগৰুৱা অনুভৱ, পেটৰ সমস্যা বা প্ৰস্ৰাৱৰ পৰিৱৰ্তনৰ দৰে লক্ষণসমূহক আওকাণ কৰে। কিন্তু এই সমস্যাসমূহ বৃক্কৰ ওপৰত চাপ বৃদ্ধিৰ লক্ষণ হ’ব পাৰে। হাই প্ৰটিনযুক্ত খাদ্যই বৃক্কৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় বুলি সততে শুনা যায়। পিছে এই কথা সঁচা হয়নে? জানো আহক এই বিষয়ে।

কিডনীৰ স্বাস্থ্য
বৰ্তমান সময়ত যুৱচামৰ মাজত শৰীৰচৰ্চাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে। নিজৰ শৰীৰটো আটিল কৰি তুলিবলৈ বহুলোকেই প্ৰায়ে প্ৰটিন সমৃদ্ধ খাদ্যৰ লগতে বডি বিল্ডিং চাপ্লিমেণ্ট গ্ৰহণ কৰে। কিন্তু এনে সময়ত প্ৰটিনৰ সঠিক পৰিমাণৰ বিষয়ে জ্ঞাত নোহোৱাৰ প্ৰায়ে অধিক প্ৰটিন গ্ৰহণ কৰা হয়। সাধাৰণতে ব্যক্তি শৰীৰ অনুযায়ী যিকোনো উপাদানৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ হয়। কিন্তু যিকোনো পুষ্টিকৰ উপাদানৰ অত্যধিক সেৱন ক্ষতিকাৰক হৈ পৰিব পাৰে। প্ৰটিনৰ ক্ষেত্ৰতো এই দিশৰ প্ৰতি গুৰুত্ব দিব লাগে।
মানুহে প্ৰায়ে ভাগৰুৱা অনুভৱ, পেটৰ সমস্যা বা প্ৰস্ৰাৱৰ পৰিৱৰ্তনৰ দৰে লক্ষণসমূহক আওকাণ কৰে। কিন্তু এই সমস্যাসমূহ বৃক্কৰ ওপৰত চাপ বৃদ্ধিৰ লক্ষণ হ’ব পাৰে। হাই প্ৰটিনযুক্ত খাদ্যই বৃক্কৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় বুলি সততে শুনা যায়। পিছে এই কথা সঁচা হয়নে? জানো আহক এই বিষয়ে।
বিশেষজ্ঞই আগবঢ়াইছে মতামত
আৰ এম এল হাস্পতালৰ মেডিচিন বিভাগৰ চিকিৎসক ডাঃ সুভাষ গিৰীয়ে কয় যে প্ৰটিন আমাৰ শৰীৰৰ বাবে এক অপৰিহাৰ্য পুষ্টিকৰ উপাদান, কিন্তু অত্যধিক পৰিমাণে সেৱন কৰিলে ই বৃক্কত অত্যধিক হেঁচা প্ৰয়োগ কৰিব পাৰে। বৃক্কৰ কাম হ’ল শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱা। কিন্তু অত্যধিক প্ৰটিন খালে বৃক্কই কাৰ্য সম্পাদনত অধিক কষ্ট কৰিবলগীয়া হয়।
যদি আপুনি ইতিমধ্যে বৃক্কৰ সমস্যাত ভুগিছে, তেতিয়া হাই প্ৰটিনযুক্ত খাদ্যই সমস্যা অধিক কৰি তুলিব পাৰে। দীৰ্ঘদিন ধৰি অতিমাত্ৰা প্ৰটিন সেৱন কৰিলে ডিহাইড্ৰেচন বৃদ্ধি পোৱাৰ লগতে ইউৰিক এচিডৰ মাত্ৰাও বাঢ়িব পাৰে। কিছু লোকৰ ক্ষেত্ৰত ই বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰে। গতিকে চিকিৎসক বা পুষ্টিবিদৰ পৰামৰ্শ নোলোৱাকৈ হাই প্ৰটিনযুক্ত খাদ্য গ্ৰহণ ঠিক নহয়।
কিমান প্ৰটিনৰ প্ৰয়োজন?
বয়স, ওজন, শাৰীৰিক ক্ৰিয়া-কলাপ, স্বাস্থ্যৰ ওপৰত শৰীৰত প্ৰয়োজনীয় প্ৰটিনৰ পৰিমাণ নিৰ্ভৰ কৰে। সাধাৰণতে এজন সুস্থ ব্যক্তিৰ শৰীৰৰ ওজনৰ প্ৰতি কিলোগ্ৰামত সীমিত পৰিমাণৰ প্ৰটিনৰ প্ৰয়োজন হয়। প্ৰটিন লাভৰ বাবে পৰিপূৰক গ্ৰহণ কৰাতকৈ প্ৰাকৃতিক খাদ্য যেনে দাইল, গাখীৰ, দৈ, পনিৰ, কণী, বাদাম আদি গ্ৰহণ কৰাই শ্ৰেয়।
জিমলৈ যোৱাসকলেও অত্যধিক পৰিপূৰক খাদ্য পৰিহাৰ কৰিব লাগে। দিনটোৰ ভিতৰত কম কমকৈ প্ৰটিন সেৱন কৰিলে অধিক উপকাৰী বিবেচিত হয়। বৃক্কত চাপ পৰাৰ পৰা হাত সাৰিবলৈ প্ৰচুৰ পৰিমাণে পানী খোৱাটোও অতি প্ৰয়োজনীয়।
লগতে এইবোৰ কথা মনত ৰাখিব
চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ প্ৰটিনৰ পৰিপূৰক গ্ৰহণ নকৰিব।
দিনটোত প্ৰচুৰ পৰিমাণে পানী খাব লাগে।
সুষম খাদ্য গ্ৰহণ কৰক।
বৃক্কৰ দীৰ্ঘদিনীয়া সমস্যা থাকিলে সাৱধানতা অৱলম্বন কৰক।
কোনো সমস্যাৰ সন্মুখীন হ’লে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।