আপোনাৰ এই ৫ টা সাধাৰণ অভ্যাসে দুৰ্বল কৰিব পাৰে হাড়! জানক সকলো…

আজিকালি প্ৰায়ভাগ মানুহৰে হাড়ৰ লগত জড়িত বিভিন্ন সমস্যা হোৱা দেখা যায়। কিন্তু এটা কথা সঁচা যে, কিছুমান অভ্যাসে মানুহৰ হাড় দুৰ্বল কৰিব পাৰে। গতিকে এই বিষয়ে জানি অভ্যাসমূহ ত্যাগ কৰা দৰকাৰ।

আপোনাৰ এই ৫ টা সাধাৰণ অভ্যাসে দুৰ্বল কৰিব পাৰে হাড়! জানক সকলো...

হাড়ৰ দুৰ্বলতাৰ কাৰণ

Published: 

20 Nov 2025 | 03:34 PM

আজিকালি ব্যস্ততাৰ বাবে মানুহৰ জীৱনশৈলী পৰিৱৰ্তন হোৱা দেখা যায়। ব্যস্ততাৰ বাবে বহু মানুহে নিজৰ যত্ন ল’বলৈ পাহৰে। কিন্তু আমি সদায় স্বাস্থ্যৰ যত্ন ল’ব লাগে। আমাৰ দৈনন্দিন এনে  কিছুমান অভ্যাস আছে যি হাড় দুৰ্বল হোৱাৰ কাৰণ হৈ পৰিব পাৰে। এই অভ্যাসবোৰে আপোনাৰ আঁঠুৰ বিষ, ভাগৰ, খোজ কঢ়াত সমস্যা আদি কৰিব পাৰে।

গতিকে, কি অভ্যাসে আপোনাৰ হাড় দুৰ্বল কৰিব পাৰে, সেই সন্দৰ্ভত তলত উল্লেখ কৰা হ’ল-

ৰ’দঃ হাড় মজবুত হ’বলৈ ভিটামিন ডিৰ প্ৰয়োজন। এই ভিটামিনৰ অভাৱে হাড়ৰ বিষৰ সৃষ্টি কৰিব পাৰে। ভিটামিন ডিৰ অন্যতম উৎস হ’ল সূৰ্যৰ পোহৰ। গতিকে প্ৰতিদিনে কিছু সময় ৰদত কটাব লাগে। যদি দিনত ২০-৩০ মিনিট সময় ৰদৰ সংস্পৰ্শলৈ নাহে তেন্তে ইয়াৰ ফলত হাড় দুৰ্বল হ’ব পাৰে।

বহি থকাঃ আজিকালি প্ৰায়ভাগ ডেস্কৰ কাম জড়িত। এনে অৱস্থাত ঘন্টাৰ পাছত ঘন্টা বহি থকা হাড়ৰ বিষৰ কাৰণ হ’ব পাৰে। বহি থকাৰ ফলত শৰীৰত ৰক্তসঞ্চালন কম হয়। এনে অৱস্থাত মেৰুদণ্ড দুৰ্বল হ’ব পাৰে, লগতে পিঠি, আঁঠু আদিৰ বিষ হ’ব পাৰে। গতিকে ১-২ ঘন্টাৰ মূৰে মূৰে খোজ কাঢ়িব লাগে।

কেলচিয়াম আৰু প্ৰটিনৰ অভাৱঃ হাড় শক্তিশালী কৰিবলৈ কেলচিয়াম আৰু প্ৰটিনৰ প্ৰয়োজন। কিন্তু আজিকালি মানুহে প্ৰচেছড ফুড, ফাষ্ট ফুড, চাহ-কফি আদি বেছিকৈ খায়। ইয়াৰ ফলত পুষ্টিৰ অভাৱ হয়। কেলচিয়াম আৰু প্ৰটিনৰ অভাৱৰ ফলত হাড় দুৰ্বল হৈ পৰে , হাড়ৰ ঘনত্ব হ্ৰাস পাই আৰু ভাগৰুৱা হয়।

পানী কম খোৱাঃ বহু মানুহে পানী কমকৈ খায়। কিন্তু ই ভাল নহয়। পানীৰ অভাৱৰ ফলত হাড়ৰ মজ্জা আৰু গাঁঠিবোৰে সঠিকভাৱে কাম নকৰে। যাৰ ফলত গাঁঠি শুকান, বিষ, কেলচিয়াম শোষণত বাধা আহে। গতিকে প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে।

দেৰিকৈ শুৱাঃ আজিকালি মানুহে বহু নিশালৈ মোবাইল ব্যৱহাৰ কৰি থাকে। ইয়াৰ ফলত নিশা দেৰিকৈ শুৱে। বেছিকৈ নিশা শুলে হাড়ৰ কোষবোৰ দুৰ্বল হৈ পৰে। গতিকে প্ৰতিদিনে ৭-৮ ঘন্টা শুব লাগে।

 

অন্য খবৰ পঢ়কঃ শীতকালত বৃদ্ধি পাই উচ্চ ৰক্তচাপৰ সমস্যা! ৰোগীসকলে কি কি দিশৰ ওপৰত গুৰুত্ব দিব লাগে, জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...