ব্ৰেকফাষ্টত ভুলতেও নাখাব এই কেইবিধ খাদ্য, বিপদ অনিবাৰ্য!
আমি ব্ৰেকফাষ্টত স্বাস্থ্যসন্মত খাদ্য খাব লাগে। যিয়ে শৰীৰক পুষ্টিকৰ উপাদান প্ৰদান কৰে আৰু গোটেই দিনটো শক্তিশালী হৈ থকাত সহায় কৰিব পাৰে। কিন্তু ভুলতেও ব্ৰেকফাষ্টত এই কেইবিধ খাদ্য নাখাব।

ব্ৰেকফাষ্টত ভুলতেও নাখাব এই কেইবিধ খাদ্য
সকলোৱে সুষম খাদ্য খোৱা উচিত। খাদ্যত শৰ্কৰা, চৰ্বী, প্ৰটিন, ভিটামিন বা খনিজ লৱণ থাকে। শক্তি আহৰণ, জীৱন ধাৰণ আৰু বৃদ্ধি উদ্দীপনৰ বাবে জীৱই বা জীৱকোষে খাদ্য গ্ৰহণ কৰে। কিন্তু খাদ্যখালে আমি জানিব লাগিব কোনটো সময়ত কি খাব লাগে।
আমি যি খাওঁ আমাৰ শৰীৰত বিশেষকৈ ব্ৰেকফাষ্টতে প্ৰভাৱ পেলায়। ইয়াৰ ফলত শৰীৰটো গোটেই দিনটো শক্তিশালী হৈ থাকিবলৈ সহায় কৰে। যদি আপুনি ৰাতিপুৱা ব্ৰেকফাষ্ট নকৰে বা খৰখেদাকৈ অস্বাস্থ্যকৰ বস্তু সেৱন কৰে। যাৰ বাবে আগতীয়াকৈ ভাগৰুৱা আৰু বিৰক্তিৰ দৰে সমস্যা হ’ব পাৰে। আনহাতে, যদি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট স্বাস্থ্যকৰ হয় তেন্তে গোটেই দিনটো শৰীৰত শক্তি থাকিব।
কিন্তু কিছুমান খাদ্য আছে যিবোৰ স্বাস্থ্যকৰ যদিও ব্ৰেকফাষ্টত খাব নালাগে। যিহেতু সেই খাদ্যবোৰত কেলৰি বেছি থাকে, সেয়েহে খালী পেটত খালে চেনিৰ মাত্ৰা বৃদ্ধি হোৱাৰ লগতে ওজন বৃদ্ধি পায়। গতিকে খাদ্যত চৰ্বি আৰু উচ্চ প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে। নিউট্ৰিচন দীপশিখা জৈনে তেওঁৰ ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে। য’ত তেওঁ সেই খাদ্যবোৰৰ কথা কৈছে যিবোৰ তেওঁ কেতিয়াও ব্ৰেকফাষ্টত নাখায়, কাৰণ ই স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।
চাহ বা কফি
যদি আপুনি ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগত চাহ বা কফি খায়, তেন্তে শৰীৰে খাদ্যত থকা প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহ সঠিকভাৱে শোষণ কৰিবলৈ সক্ষম নহয়। ব্ৰেকফাষ্টৰ খাদ্যৰ লগত চাহ বা কফি সেৱন কৰিলে শৰীৰত আইৰণ, জিংক আৰু কেলচিয়ামৰ দৰে পুষ্টিকৰ উপাদানৰ অভাৱ হ’ব পাৰে।
টেঙাজাতীয় ফল
নেমু, আঙুৰ, কিচমিচ বা বেৰীজাতীয় ফল ভিটামিন চি সমৃদ্ধ। এই ধৰণৰ ফলত বিভিন্ন ধৰণৰ এচিডো থাকে। সেয়ে খালী পেটত এই ধৰণৰ খাদ্য খালে হজমৰ সমস্যা হয়, এচিড ৰিফ্লাক্সৰ সমস্যা বৃদ্ধি পাব পাৰে।
তেল-মচলাযুক্ত খাদ্য
পুৱা টোপনিৰ পৰা উঠি নিশা ৰৈ যোৱা আলুৰ দম, লুচি খাবলৈ বেয়া নালাগে। অতিৰিক্ত তেল, মচলা দিয়া খাদ্যই কিন্তু এচিড ৰিফ্লাক্সৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।ো