মোবাইলৰ বাবে এই ৫ টা চকুৰ ৰোগ বাঢ়িছে, প্ৰাৰম্ভিক লক্ষণবোৰ জানি লওক

অত্যধিক ফোন ব্যৱহাৰৰ বাবে চকুৰ ৰোগ বাঢ়িছে। মোবাইলৰ অত্যধিক ব্যৱহাৰৰ বাবে এটা সাধাৰণ ৰোগ হয় যাক মাই’পিয়া বোলা হয়। মোবাইল অত্যধিক ব্যৱহাৰৰ ফলত হোৱা চকুৰ ৰোগ আৰু ইয়াৰ প্ৰাৰম্ভিক লক্ষণৰ বিষয়ে জনোঁ আহক।

মোবাইলৰ বাবে এই ৫ টা চকুৰ ৰোগ বাঢ়িছে, প্ৰাৰম্ভিক লক্ষণবোৰ জানি লওক

চকুৰ ৰোগ

Updated On: 

05 Jul 2025 18:37 PM

বৰ্তমান সময়ত মোবাইল ফোন মানুহৰ জীৱনৰ এনে এক অংশ হৈ পৰিছে যে, ইয়াৰ পৰা আঁতৰি থকাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। কাম হওক বা মনোৰঞ্জন হওক, ছ’চিয়েল মিডিয়া হওক বা বজাৰ কৰা হওক-সকলো মোবাইলতে সীমাবদ্ধ। যদি আপুনি মনোৰঞ্জন হওক বা ছ’চিয়েল মিডিয়াৰ বাবে অত্যধিক মোবাইল ব্যৱহাৰ কৰে, তেন্তে ডাঙৰ বিপদত পৰিব পাৰে। ইয়াৰ স্ক্ৰিনে আমাৰ চকুত বেয়া প্ৰভাৱ পেলায়।

অত্যধিক ফোন ব্যৱহাৰৰ বাবে চকুৰ ৰোগ বাঢ়িছে। মোবাইলৰ অত্যধিক ব্যৱহাৰৰ বাবে এটা সাধাৰণ ৰোগ হয় যাক মাই’পিয়া বোলা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, যোৱা কেইবছৰমানৰ পৰা মাইঅ’পিয়া অৰ্থাৎ ওচৰৰ দৃষ্টিশক্তি হেৰুৱাৰ সমস্যা বহু পৰিমাণে বৃদ্ধি পাইছে। লগতে চিকিৎসা আলোচনী দ্য লেন্সেটৰ এক অধ্যয়নত কোৱা হৈছে যে, ২০৫০ চনৰ ভিতৰত প্ৰায় আধা জনসংখ্যা এই সমস্যাত আক্ৰান্ত হ’ব। আটাইতকৈ ডাঙৰ কথাটো হ’ল, বেছিভাগ মানুহেই ইয়াৰ প্ৰাৰম্ভিক লক্ষণবোৰ চিনাক্ত কৰিব নোৱাৰে।

ইয়াৰ ফলত হোৱা চকুৰ ৰোগ আৰু ইয়াৰ প্ৰাৰম্ভিক লক্ষণৰ বিষয়ে জনোঁ আহক

১)যেতিয়া আমি বিৰতি নোহোৱাকৈ বহু সময় মোবাইল বা লেপটপৰ স্ক্ৰীণলৈ চাওঁ তেতিয়া চকুত বিৰক্তি, গধুৰতা আৰু ক্লান্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰে। ইয়াক ডিজিটেল আই ষ্ট্ৰেইন বোলা হয়। কেতিয়াবা দৃষ্টিশক্তি ম্লান হোৱা বা মূৰৰ বিষ অনুভৱ হ’ব পাৰে।

২) মোবাইলৰ স্ক্ৰীণ চাই থকাৰ সময়ত আমি কমকৈ চকু টিপিয়াই চাওঁ, যাৰ ফলত চকুৰ আৰ্দ্ৰতা নাইকিয়া হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত চকু শুকান, চেঁচা আৰু ৰঙা হ’ব পাৰে। সময়মতে গুৰুত্ব নিদিলে ই এক স্থায়ী সমস্যাত পৰিণত হ’ব পাৰে।

লগতে পঢ়ক: বগা চাউল কিয় খাব নালাগে ? এই ৫ প্ৰকাৰৰ চাউল পুষ্টিকৰ উপাদানৰ এক ভঁৰাল…

৩)মোবাইলৰ পৰা নিৰ্গত হোৱা নীলা পোহৰ পোনপটীয়াকৈ ৰেটিনাত পৰে। ইয়াৰ ফলত চকুৰ কোষবোৰ ক্ৰমান্বয়ে ধ্বংস হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত বয়সৰ লগে লগে হোৱা মেকুলাৰ ডিজেনেৰেচনৰ দৰে ৰোগ হ’ব পাৰে।

৪) মোবাইল অত্যধিক ব্যৱহাৰ কৰা ফলত শিশু আৰু যুৱক-যুৱতীৰ ক্ষেত্ৰত মাইঅ’পিয়া বৃদ্ধি পাইছে। অৰ্থাৎ দূৰৈৰ বস্তুবোৰ ম্লান দেখাবলৈ আৰম্ভ কৰে। বহু ক্ষেত্ৰত শিশুৱে কম বয়সৰ পৰাই চশমা পিন্ধিবলৈ আৰম্ভ কৰে।

লগতে পঢ়ক: আওকাণ নকৰিব ! জানক হঠাতে হৃদযন্ত্ৰ বন্ধ হৈ যোৱাৰ ৫ টা লক্ষণ…

চকুৰ ৰোগ প্ৰতিৰোধৰ বাবে কি কৰিব?

  • প্ৰতি ২০ মিনিটৰ মূৰে মূৰে ২০ ফুট দূৰৰ কিবা এটালৈ ২০ ছেকেণ্ডৰ বাবে চাওক।
  • বিশেষকৈ শিশুৰ বাবে মোবাইল চোৱাৰ সময় সীমিত কৰক।
  • মোবাইলত নাইট মোড বা নীলা লাইট ফিল্টাৰ ব্যৱহাৰ কৰক।
  • সঘনাই চকু টিপিয়াই মোবাইল চোৱাৰ অভ্যাস কৰক ।
  • প্ৰয়োজন হ’লে চকুৰ বিশেষজ্ঞৰ পৰা নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগে।

লগতে পঢ়ক: বাৰিষাৰ সময়ত নাখাব এই ৫ বিধ শাক-পাচলি, খাদ্য বিষক্ৰিয়াৰ আশংকা থাকে

এই লক্ষণবোৰে দেখা দিলে সাৱধান হওক, হঠাতে বন্ধ হৈ যাব পাৰে হৃদযন্ত্ৰ...
হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কি কি খাব লাগে? ডায়েটিচিয়ানে ক'লে...
দুপৰীয়া খাদ্য খোৱাৰ পিছত টোপনি যায় নেকি? ভাল নে বেয়া জানক...
পাব আচৰিত ফলাফল, বাৰিষা ঘৰৰ বাৰীত ৰোপণ কৰক এই ৫ বিধ গছ