দেহৰ বাবে সততে চেনি নহ’বও পাৰে ভয়ৰ কাৰণ! খাব পাৰে দৈনিক ইমান পৰিমাণৰ চেনি…
শৰীৰৰ কোনো ক্ষতি নকৰাকৈ আমি দিনটোত কিমান পৰিমাণৰ চেনি গ্ৰহণ কৰিব পাৰোঁ? আমাৰ মনত এই প্ৰশ্নৰ উদয় নোহোৱাকৈ নাথাকে। এই বিষয়ত বিশেষজ্ঞসকলে নিজা পৰামৰ্শ আগবঢ়াইছে। জানো আহক এই বিষয়ে।

দিনত কিমান চেনি খাব পাৰে?
বৰ্তমান সময়ত ডায়েবেটিছ এক অত্যন্ত চিন্তনীয় সমস্যা হৈ পৰিছে। সেয়ে ডায়েবেটিছৰ পৰা ৰক্ষা পাবলৈ অধিকাংশ লোকেই চেনি খোৱা পৰিহাৰ কৰা দেখা যায়। কিন্তু বহু লোকে দিনটোত চাহৰ পৰা আৰম্ভ কৰি আন খাদ্য সামগ্ৰীৰ সৈতে চেনি খোৱা দেখা যায়। চেনিৰ মাত্ৰা বৃদ্ধি পালে আমাৰ দেহৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। অৰ্থাৎ এফালে আমি খাদ্যৰ সোৱাদৰ বাবে চেনি খাওঁ যদিও আনফালে আমাৰ শৰীৰৰ ক্ষতি হোৱাৰো ভয় থাকে।
এনে পৰিস্থিতিত আমাৰ মনত এক প্ৰশ্নৰ উদয় নোহোৱাকৈ নাথাকে– শৰীৰৰ কোনো ক্ষতি নকৰাকৈ আমি দিনটোত কিমান পৰিমাণৰ চেনি গ্ৰহণ কৰিব পাৰোঁ? এই বিষয়ত বিশেষজ্ঞসকলে নিজা পৰামৰ্শ আগবঢ়াইছে। দৈনিক গ্ৰহণ কৰিব পৰা চেনিৰ পৰিমাণ সন্দৰ্ভত বিশেষজ্ঞসকলে কি কয় জানো আহক।
এজন সুস্থ প্ৰাপ্তবয়স্কৰ বাবে দৈনিক মুঠ কেলৰিৰ ৫–১০%হে চেনিৰ পৰা আহিব লাগে। বিশ্ব স্বাস্থ্য সংস্থা, চমুকৈ WHOৰ নিৰ্দেশনা অনুসৰি পুৰুষে প্ৰতিদিনে ৯ চামুচতকৈ অধিক চেনি আৰু মহিলাই প্ৰতিদিনে ৬ চামুচতকৈ অধিক চেনি সেৱন কৰিব নালাগে। সাধাৰণতে ক’বলৈ গ’লে প্ৰতিদিনে ৬ চামুচ (প্ৰায় ২৫ গ্ৰাম) চেনি খোৱাটো তুলনামূলকভাৱে নিৰাপদ। অন্যথা শৰীৰৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ আৰম্ভ হয়।
অত্যধিক চেনি সেৱন কৰিলে শৰীৰত কি প্ৰভাৱ পৰে, চাওক–
ওজন আৰু মেদবহুলতাঃ অতিৰিক্ত চেনি চৰ্বিলৈ ৰূপান্তৰিত হয় আৰু পেট–কঁকালত চৰ্বি বৃদ্ধি কৰে।
ডায়েবেটিছঃ চেনিৰ পৰিমাণ বাঢ়িলে ইনচুলিনৰ কামত ব্যাঘাত জন্মে, তেজত শৰ্কৰা বৃদ্ধি পায়।
হৃদৰোগঃ অধিক পৰিমাণে চেনি খালে ট্ৰাইগ্লিচাৰাইড বৃদ্ধি পায়, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা দুগুণ হয়।
দাঁত ক্ষয়ঃ দাঁত ক্ষয় হোৱা আৰু সংক্ৰমণৰ আশংকা বৃদ্ধি পায়।
ছাল আৰু শক্তিঃ অতিৰিক্ত চেনিয়ে কলাজেন ভাঙি পেলায়, যাৰ ফলত ছালত অকালতে বলিৰেখা ওলায় আৰু শৰীৰ ভাগৰুৱা হৈ পৰে।