৬-৭ ঘণ্টা ধৰি চলিল অস্ত্ৰোপচাৰ ! ৫৮ বছৰীয়া এজন ৰোগীৰ পেটত ওলাল ১০.৩ কেজি ওজন টিউমাৰ

ৰোগীৰ পেটত ওলাল ১০.৩ কেজি ওজনৰ টিউমাৰ । প্ৰায় তিনি মাহ ধৰি পেটৰ বিষ, শাৰীৰিক দুৰ্বলতা আৰু ৰক্তহীনতাত ভুগি আছিল ৰোগীজন ।

৬-৭ ঘণ্টা ধৰি চলিল অস্ত্ৰোপচাৰ ! ৫৮ বছৰীয়া এজন ৰোগীৰ পেটত ওলাল ১০.৩ কেজি ওজন টিউমাৰ
Published: 

26 Mar 2025 | 12:26 PM

এজন ৫৮ বছৰীয়া ৰোগীৰ পেটত ওলাল ১০.৩ কেজি ওজনৰ টিউমাৰ । চিকিৎসকে সফলতাৰে অস্ত্ৰোপচাৰৰ জৰিয়তে এই বিশাল টিউমাৰটো আঁতৰাবলৈ সক্ষম হয় । ৰোগীজন আছিল য়েমেনৰ । প্ৰায় তিনি মাহ ধৰি পেটৰ বিষ, শাৰীৰিক দুৰ্বলতা আৰু ৰক্তহীনতাত ভুগি আছিল ৰোগীজন । প্ৰকাশিত খবৰ অনুসৰি, মহম্মদ আব্দুল্লা নামৰ ৰোগীজনে ইয়াৰ পূৰ্বে চিকিৎসাৰ বাবে কেইবাখনো চিকিৎসালয়লৈও গৈছিল যদিও আৰোগ্য লাভ কৰা নাছিল ।

এই ৰোগীজনৰ পেটৰ চিটি স্কেন কৰাৰ পিছত এই টিউমাৰ ধৰা পৰিছিল। চিকিৎসকৰ দলটোৱে টিউমাৰটো আঁতৰাবলৈ ‘Gastrectomy’ (এই অস্ত্ৰোপচাৰ পদ্ধতিত গোটেই পেট বা ইয়াৰ অংশ আঁতৰাই পেলোৱা হয়) কৰিছিল। টিউমাৰটো যথেষ্ট ডাঙৰ হোৱাৰ বাবে এই পদ্ধতিৰে অস্ত্ৰোপচাৰ কৰিছিল চিকিৎসকে ।

খবৰ অনুসৰি, প্ৰায় ৬-৭ ঘণ্টা ধৰি চলা এই অস্ত্ৰোপচাৰৰ ফলত ৰোগীজনৰ পেটৰ পৰা আঁতৰোৱা হৈছিল টিউমাৰটো । ইফালে, ৯ দিনৰ পিছত সুস্থিৰ অৱস্থাত ৰোগীজনক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। গুৰুগ্ৰামৰ ফৰ্টিছ মেম’ৰিয়েল ৰিচাৰ্চ ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছিল ৰোগীজন।

গুৰুগ্ৰামৰ ফৰ্টিছ মেম’ৰিয়েল ৰিচাৰ্চ ইনষ্টিটিউটৰ চিকিৎসক ডাঃ অমিত জাভেদে কয় যে, টিউমাৰৰ আকাৰ ডাঙৰ হোৱাৰ বাবে এই অস্ত্ৰোপচাৰ অতি প্ৰত্যাহ্বানমূলক আৰু জটিল হৈ পৰিছিল। টিউমাৰটোৱে প্ৰধান ৰক্তবাহী নলীবোৰত চাপ বৃদ্ধি কৰিছিল আৰু লগতে ৰোগীৰ আন কিছুমান অংগক প্ৰভাৱিত কৰিছিল ।

গেষ্ট্ৰাইটিছ ষ্ট্ৰ’মেল টিউমাৰ (GIST) বিৰল প্ৰকাৰৰ টিউমাৰ, ইয়াৰে কিছুমান তুলনামূলকভাৱে বিপদজনক নহয় যদিও আন কিছুমান অতি বিপদজনক হ’ব পাৰে। এই ধৰণৰ কেন্সাৰৰ আটাইতকৈ সাধাৰণ জটিলতা হ’ল ৰক্তক্ষৰণ। এই ক্ষেত্ৰত ৰক্তক্ষৰণ হোৱাৰ আগতেই টিউমাৰটো আঁতৰাই পেলাবলৈ সক্ষম হোৱাৰ কথা সদৰী কৰিছে চিকিৎসকগৰাকীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...