শীতকালত ওজন কমোৱাটো কঠিন নেকি? এই খাদ্য আৰু ব্যায়ামৰ সহজ টিপছসমূহ অনুসৰণ কৰক

সাধাৰণ খাদ্য আৰু দিনটোত কিছু সময় ব্যায়াম কৰিলে ওজন হ্ৰাস কৰাত সহায়ক হ'ব পাৰে। যদি সময়মতে আৰু পৰিমিতভাৱে খাদ্য গ্ৰহণ কৰে,নিয়মিতভাৱে ব্যায়াম কৰে ইয়াৰ দ্বাৰা সুফল লাভ কৰিব পাৰে।

শীতকালত ওজন কমোৱাটো কঠিন নেকি? এই খাদ্য আৰু ব্যায়ামৰ সহজ টিপছসমূহ অনুসৰণ কৰক
Published: 

14 Dec 2025 15:45 PM

গৰমৰ দিনৰ বিপৰীতে ঠাণ্ডা দিন কেইটাত ওজন হ্ৰাস কৰাটো কঠিন হৈ পৰে। ৰাতিপুৱা সোনাকালে বিছনাৰ পৰা উঠিবলে মন নাযায়, শৰীৰ চৰ্চাও অনিয়মিত হৈ পৰে। এলেহুৱা ভাৱটো প্ৰায়ে থাকে। কিন্তু ব্যায়ামৰ সমান্তৰালভাৱে আপুনি খাদ্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে ওজন হ্ৰাস কৰাটো সহজ হৈ পৰিব পাৰে। সাধাৰণ খাদ্য আৰু দিনটোত কিছু সময় ব্যায়াম কৰিলে ওজন হ্ৰাস কৰাত সহায়ক হ’ব পাৰে। যদি সময়মতে আৰু পৰিমিতভাৱে খাদ্য গ্ৰহণ কৰে,নিয়মিতভাৱে ব্যায়াম কৰে ইয়াৰ দ্বাৰা সুফল লাভ কৰিব পাৰে।

ওজন নিয়ন্ত্ৰণ কৰিবলৈ আপুনি কি কৰিব ?

আপেল চাইডাৰ ভিনেগাৰৰ সৈতে গ্ৰীণ ডিটক্স স্মুদিৰে দিনটোৰ আৰম্ভণি কৰিব পাৰে । এই সেউজীয়া ডিটক্স স্মুদিটো আপুনি সেউজীয়া আপেল, পালেং শাক, আনাৰস, আদা, আৰু কলৰ সৈতে বনাব পাৰে। এই দুবিধ পানীয়ৰ মিশ্ৰণে ৰাতিপুৱা গেছৰ সমস্যাৰ হ্ৰাস কৰিব পাৰে।

দুপৰীয়া আহাৰত জালুকৰ সৈতে মাছ বা মাংসৰ জোল খাব পাৰে। ইয়াৰ লগতে অলপ ভাত খাব পাৰে। যদি আপুনি ভাত খাবলৈ ইচ্ছা নকৰে তেন্তে সীমিত পৰিমাণে আলু খাব পাৰে।

শীতকালত প্ৰায় সংখ্যক লোকৰ এলেহুৱা ভাৱ বৃদ্ধি পায়। ৰাতিপৱা সোনকালে উঠিবলৈ মন নাযায়। কিন্তু এই অভ্যাস পৰিহাৰ কৰি দিনটো ৩০ পৰা ৪৫ মিনিট ব্যায়াম বা কাৰ্ডিঅ’ এক্সাৰচাইজ কৰাটো অতি প্ৰয়োজন।

মানসিক চাপ ওজন বৃদ্ধি আটাইতকৈ ডাঙৰ কাৰণ। অত্যধিক মানসিক চাপে ওজন বৃদ্ধি কৰাই নহয়, অন্যান্য গুৰুতৰ ৰোগ সৃষ্টি কৰিব পাৰে। যদি ওজন কমাব বিচাৰে তেন্তে মানসিক চাপ নিয়ন্ত্ৰণ কৰিব লাগিব। ইয়াৰ পৰ্যাপ্ত টোপনিৰ অতি প্ৰয়োজন আৰু ধ্যান কৰিব পাৰে।

ভজা খাদ্য একেবাৰে পৰিহাৰ কৰক। ইয়াৰ বিপৰীতে আপেল,জামু, পকা অমিতা আদিৰ দৰে পেট ভৰা ফল-মূল খাব পাৰে। এইবোৰ হৈছে কম কেলৰিযুক্ত ফল। একেদৰে ৰাতি সোনকালে খোৱা-বোৱা কৰিব লাগে আৰু ইয়াৰ পাছত গ্ৰীণ টি খাব পাৰে। ই হজম শক্তি উন্নত কৰিব।

স্পষ্টীকৰণ-এই প্ৰতিবেদন বিভিন্ন উৎসৰ ভিত্তিত কেৱল তথ্যৰ বাবে প্ৰস্তুত কৰা হৈছে। স্বাস্থ্যজনিত টিপছ গ্ৰহণ কৰাৰ আগতে বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

পাত কচুৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি? জানিলে কেতিয়াও নকৰে উলাই
খালী পেটত ফল খালে হ'ব পাৰে এই সমস্যা, জানক...
এই ৬ বিধ খাদ্যই কম কৰে হৃদৰোগৰ সম্ভাৱনা, জানক...
চকু ফুলিছে নেকি? সাৱধান! কিডনী দুৰ্বল হোৱাৰ ৪ টা গুৰুতৰ লক্ষণ
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা