শীতকালত ওজন কমোৱাটো কঠিন নেকি? এই খাদ্য আৰু ব্যায়ামৰ সহজ টিপছসমূহ অনুসৰণ কৰক

সাধাৰণ খাদ্য আৰু দিনটোত কিছু সময় ব্যায়াম কৰিলে ওজন হ্ৰাস কৰাত সহায়ক হ'ব পাৰে। যদি সময়মতে আৰু পৰিমিতভাৱে খাদ্য গ্ৰহণ কৰে,নিয়মিতভাৱে ব্যায়াম কৰে ইয়াৰ দ্বাৰা সুফল লাভ কৰিব পাৰে।

শীতকালত ওজন কমোৱাটো কঠিন নেকি? এই খাদ্য আৰু ব্যায়ামৰ সহজ টিপছসমূহ অনুসৰণ কৰক
Published: 

14 Dec 2025 | 03:45 PM

গৰমৰ দিনৰ বিপৰীতে ঠাণ্ডা দিন কেইটাত ওজন হ্ৰাস কৰাটো কঠিন হৈ পৰে। ৰাতিপুৱা সোনাকালে বিছনাৰ পৰা উঠিবলে মন নাযায়, শৰীৰ চৰ্চাও অনিয়মিত হৈ পৰে। এলেহুৱা ভাৱটো প্ৰায়ে থাকে। কিন্তু ব্যায়ামৰ সমান্তৰালভাৱে আপুনি খাদ্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে ওজন হ্ৰাস কৰাটো সহজ হৈ পৰিব পাৰে। সাধাৰণ খাদ্য আৰু দিনটোত কিছু সময় ব্যায়াম কৰিলে ওজন হ্ৰাস কৰাত সহায়ক হ’ব পাৰে। যদি সময়মতে আৰু পৰিমিতভাৱে খাদ্য গ্ৰহণ কৰে,নিয়মিতভাৱে ব্যায়াম কৰে ইয়াৰ দ্বাৰা সুফল লাভ কৰিব পাৰে।

ওজন নিয়ন্ত্ৰণ কৰিবলৈ আপুনি কি কৰিব ?

আপেল চাইডাৰ ভিনেগাৰৰ সৈতে গ্ৰীণ ডিটক্স স্মুদিৰে দিনটোৰ আৰম্ভণি কৰিব পাৰে । এই সেউজীয়া ডিটক্স স্মুদিটো আপুনি সেউজীয়া আপেল, পালেং শাক, আনাৰস, আদা, আৰু কলৰ সৈতে বনাব পাৰে। এই দুবিধ পানীয়ৰ মিশ্ৰণে ৰাতিপুৱা গেছৰ সমস্যাৰ হ্ৰাস কৰিব পাৰে।

দুপৰীয়া আহাৰত জালুকৰ সৈতে মাছ বা মাংসৰ জোল খাব পাৰে। ইয়াৰ লগতে অলপ ভাত খাব পাৰে। যদি আপুনি ভাত খাবলৈ ইচ্ছা নকৰে তেন্তে সীমিত পৰিমাণে আলু খাব পাৰে।

শীতকালত প্ৰায় সংখ্যক লোকৰ এলেহুৱা ভাৱ বৃদ্ধি পায়। ৰাতিপৱা সোনকালে উঠিবলৈ মন নাযায়। কিন্তু এই অভ্যাস পৰিহাৰ কৰি দিনটো ৩০ পৰা ৪৫ মিনিট ব্যায়াম বা কাৰ্ডিঅ’ এক্সাৰচাইজ কৰাটো অতি প্ৰয়োজন।

মানসিক চাপ ওজন বৃদ্ধি আটাইতকৈ ডাঙৰ কাৰণ। অত্যধিক মানসিক চাপে ওজন বৃদ্ধি কৰাই নহয়, অন্যান্য গুৰুতৰ ৰোগ সৃষ্টি কৰিব পাৰে। যদি ওজন কমাব বিচাৰে তেন্তে মানসিক চাপ নিয়ন্ত্ৰণ কৰিব লাগিব। ইয়াৰ পৰ্যাপ্ত টোপনিৰ অতি প্ৰয়োজন আৰু ধ্যান কৰিব পাৰে।

ভজা খাদ্য একেবাৰে পৰিহাৰ কৰক। ইয়াৰ বিপৰীতে আপেল,জামু, পকা অমিতা আদিৰ দৰে পেট ভৰা ফল-মূল খাব পাৰে। এইবোৰ হৈছে কম কেলৰিযুক্ত ফল। একেদৰে ৰাতি সোনকালে খোৱা-বোৱা কৰিব লাগে আৰু ইয়াৰ পাছত গ্ৰীণ টি খাব পাৰে। ই হজম শক্তি উন্নত কৰিব।

স্পষ্টীকৰণ-এই প্ৰতিবেদন বিভিন্ন উৎসৰ ভিত্তিত কেৱল তথ্যৰ বাবে প্ৰস্তুত কৰা হৈছে। স্বাস্থ্যজনিত টিপছ গ্ৰহণ কৰাৰ আগতে বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...