নিশা বাৰে বাৰে টোপনি ভাঙে নেকি? সাৱধান, হৃদযন্ত্ৰলৈ নীৰৱে নামিব পাৰে বিপদ! ৰক্ষাৰ বাবে কৰক এনে কাম

গৱেষণাৰ মতে, এজন সুস্থ ব্যক্তিৰ বাবে দৈনিক ৭ৰ পৰা ৮ ঘণ্টাৰ গভীৰ টোপনিৰ প্ৰয়োজন। টোপনি খতি হোৱা বা বাৰে বাৰে টোপনি ভাঙি থকাৰ ফলত হৃদযন্ত্ৰৰ গুৰুতৰ ক্ষতি হ’ব পাৰে। এনে সমস্যা হ’লে কি কৰিব? জানো আহক।

নিশা বাৰে বাৰে টোপনি ভাঙে নেকি? সাৱধান, হৃদযন্ত্ৰলৈ নীৰৱে নামিব পাৰে বিপদ! ৰক্ষাৰ বাবে কৰক এনে কাম

নিশা টোপনি ভঙাটো হ’ব পাৰে চিন্তনীয়

Updated On: 

19 Jan 2026 | 02:37 PM

সুস্বাস্থ্যৰ বাবে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজনীয়তা অপৰিসীম। টোপনিৰ অভাৱ বহু স্বাস্থ্যজনিত সমস্যাৰ কাৰক হ’ব পাৰে। ইয়াৰ বাবে নিশা ভালদৰে টোপনি অহাটো অত্যন্ত প্ৰয়োজনীয়। নিশা শুই থকাৰ সময়ত যদি আপুনি বাৰে বাৰে সাৰ পায়, এয়া এক সাধাৰণ সমস্যা বুলি ওলাই নকৰিব। শেহতীয়াকৈ ‘নেচনেল লাইব্ৰেৰী অৱ মেডিচিন’ত প্ৰকাশিত এক গৱেষণা অনুসৰি, টোপনি খতি হোৱা বা বাৰে বাৰে টোপনি ভাঙি থকাৰ ফলত হৃদযন্ত্ৰৰ গুৰুতৰ ক্ষতি হ’ব পাৰে।

টোপনি আৰু হৃদযন্ত্ৰৰ সম্পৰ্ক

গৱেষণাৰ মতে, এজন সুস্থ ব্যক্তিৰ বাবে দৈনিক ৭ৰ পৰা ৮ ঘণ্টাৰ গভীৰ টোপনিৰ প্ৰয়োজন। গভীৰ টোপনিৰ সময়ত আমাৰ হৃদযন্ত্ৰই জিৰণি পায় আৰু ৰক্তচাপ স্বাভাৱিক হৈ থাকে। কিন্তু টোপনি বাৰে বাৰে ভাঙিলে হৃদযন্ত্ৰৰ ওপৰত অতিৰিক্ত চাপ পৰে, ফলত প্ৰদাহ সৃষ্টি হ’ব পাৰে। ইয়াৰ পৰিণতিত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।

গৱেষণাৰ ভয়ংকৰ তথ্য

যিসকল লোকৰ টোপনি বাৰে বাৰে ভাঙে, তেওঁলোকৰ উচ্চ ৰক্তচাপৰ সমস্যা হোৱাৰ সম্ভাৱনা অধিক। আধৰুৱা টোপনিৰ ফলত মগজুৱে নিজকে পুনৰ সজীৱ কৰিবলৈ সুযোগ নাপায়। যিসকল লোকৰ নিশা কমেও ২-৩ বাৰ টোপনি ভাঙে, তেওঁলোকৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ৩০ শতাংশলৈ বৃদ্ধি পায়।

বিশেষজ্ঞৰ মত

ৰাজীৱ গান্ধী হাস্পতালৰ কাৰ্ডিঅ’লজী বিভাগৰ সহযোগী অধ্যাপক ডাঃ অজিত জৈনৰ মতে, টোপনি ভাঙি থকাৰ অৰ্থ হ’ল টোপনি যোৱাৰ পিছতো আপোনাৰ মগজু অতিমাত্ৰা সক্ৰিয় হৈ আছে। ইয়াৰ মূল কাৰণ হ’ল অত্যাধিক চিন্তা বা মানসিক চাপ। মানসিক চাপে পোনপটীয়াকৈ হৃদযন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলায় আৰু ই হাৰ্ট এটেকৰ অন্যতম কাৰণ হ’ব পাৰে।

কাৰ বাবে বিপদ বেছি?

যিসকল লোক ‘শ্লিপ এপনিয়া’ (Sleep Apnea) ৰোগত আক্ৰান্ত।

যিসকলে সদায় মানসিক চাপত থাকে।

যিসকলে ৰাতি পলমকৈ ম’বাইল বা টিভি চাই থাকে।

সাৱধানতা আৰু প্ৰতিৰোধৰ উপায়

শুবলৈ যোৱাৰ এঘণ্টা আগৰ পৰা ম’বাইল বা টিভি চোৱা বন্ধ কৰক।

সদায় একেটা সময়তে শোৱা আৰু সাৰ পোৱাৰ অভ্যাস কৰক।

নিশা শুবৰ সময়ত চাহ বা কফী নাখাব।

যোগাসন বা ধ্যানৰ জৰিয়তে মানসিক চাপ কম কৰিবলৈ চেষ্টা কৰক।

যদি আপোনাৰ এই সমস্যা দীৰ্ঘদিন ধৰি চলি আছে, তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...