এইবাৰ বৃদ্ধি পাইছে ‘শ্লেপ্ড চিক’ ৰোগঃ কিয় হয় এই ৰোগ, চাওক সবিশেষ….

আমেৰিকাত ‘শ্লেপ্ড চিক’ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই ‘শ্লেপ্ড চিক’ ৰোগত আক্ৰান্ত ব্যক্তিৰ গালত সৰু সৰু শালমনৰ দৰে গুটি ওলাবলৈ আৰম্ভ কৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই ৰোগে প্ৰধানকৈ গৰ্ভৱতী মহিলা, শিশু আৰু যিকোনো ধৰণৰ তেজৰ সমস্যাত ভোগা লোকসকলক অধিক আক্ৰমণ কৰিছে।

এইবাৰ বৃদ্ধি পাইছে ‘শ্লেপ্ড চিক’ ৰোগঃ কিয় হয় এই ৰোগ, চাওক সবিশেষ....

সংক্ৰমণ ঘটিছে ‘শ্লেপ্ড চিক’ ৰোগৰ

Published: 

19 Aug 2024 | 02:56 PM

বিগত কিছুদিন ধৰি সমগ্ৰ বিশ্বতে সংক্ৰমণ ঘটা পৰিলক্ষিত হৈছে কিছুমান ভাইৰাছজনিত ৰোগৰ। দেখিবলৈ পোৱা গৈছে পুৰণি কিছুমান ভাইৰাছৰ পুনৰ সংক্ৰমণ। শেহতীয়াকৈ আফ্ৰিকাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে Monkeypoxত আক্ৰান্ত ৰোগীৰ সংখ্যা। প্ৰকাশিত তথ্য অনুসৰি, এইপৰ্যন্ত ১৫৬০০ৰো অধিক ৰোগী Monkeypoxত আক্ৰান্ত হৈছে আৰু ৫৩৭ জনৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত বিশ্ব স্বাস্থ্য সংস্থা, চমুকৈ WHO- এ Monkeypoxক গ্লোবেল হেল্থ ইমাৰ্জেন্সী হিচাপে ঘোষণা কৰিছে। Monkeypoxক কেন্দ্ৰ কৰি বিশ্বত উদ্বেগ বৃদ্ধিৰ সময়তে এইবাৰ সংক্ৰমণ ঘটিছে ‘শ্লেপ্ড চিক’ ৰোগৰ।

জানিব পৰা মতে আমেৰিকাত এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই ‘শ্লেপ্ড চিক’ ৰোগত আক্ৰান্ত ব্যক্তিৰ গালত সৰু সৰু শালমনৰ দৰে গুটি ওলাবলৈ আৰম্ভ কৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই ৰোগে প্ৰধানকৈ গৰ্ভৱতী মহিলা, শিশু আৰু যিকোনো ধৰণৰ তেজৰ সমস্যাত ভোগা লোকসকলক অধিক আক্ৰমণ কৰিছে।

বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে আমেৰিকাত বৃদ্ধি পোৱা এই ‘শ্লেপ্ড চিক’ ৰোগৰ মূলতে আছে পাৰ্ভ’ভাইৰাছ বি১৯ নামৰ এবিধ ভাইৰাছ। ইতিমধ্যে আমেৰিকাৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ বিভাগে পাৰ্ভ’ভাইৰাছ সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে। তথ্য অনুসৰি শিশুৰ ক্ষেত্ৰত এই ৰোগ অধিক পৰিমাণে দেখা গৈছে। ৫ৰ পৰা ৯ বছৰ বয়সৰ ৩৫ শতাংশ শিশুৰ ক্ষেত্ৰত এই ভাইৰাছৰ লক্ষণ দেখা গৈছে।

এই পাৰ্ভোভাইৰাছ বি১৯ হৈছে এক সাধাৰণ ফ্লুৰ দৰে ভাইৰাছ। এই ৰোগৰ বাবে আাক্ৰান্ত ব্যক্তিৰ পাতলীয়া জ্বৰ হয় আৰু গালত ৰঙা ফোহা ওলাবলৈ আৰম্ভ কৰে। এই ভাইৰাছ আমেৰিকাত ৪০ বছৰ বয়সলৈকে মানুহৰ মাজত যথেষ্ট সাধাৰণ। মহামাৰী বিজ্ঞানী ডাঃ যুগল কিশোৰে জানিবলৈ দিয়া মতে এই ভাইৰাছটো কেইবা দশক পুৰণি আৰু আমেৰিকাত প্ৰতি বছৰে এই ভাইৰাছত আক্তান্তৰ ৰোগী ধৰা পৰে।

এই ভাইৰাছৰ পুনৰ সংক্ৰমণ ঘটিছে বা অধিক ৰোগী এই ভাইৰাছৰ কবলত পৰিছে যদিও আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি বিশেষজ্ঞসকলে জানিবলৈ দিছে। তেওঁলোকৰ মতে, এই ভাইৰাছ সহজে নিয়ন্ত্ৰণ কৰিব পৰা যায়। কিন্তু গৰ্ভৱতী মহিলা, সৰু শিশু আৰু তেজৰ সমস্যাত আক্ৰান্ত লোকসকলক এই ভাইৰাছৰ পৰা ৰক্ষা কৰাটো বিশেষ প্ৰয়োজন বুলিও বিশেষজ্ঞসকলে লগতে দোহাৰে।

এইসকল লোকৰ ক্ষেত্ৰত এই ভাইৰাছৰ লক্ষণ গুৰুতৰ হ’ব পাৰে বুলি বিশেষজ্ঞসকলে জানিবলৈ দিছে। যিহেতু এই ভাইৰাছৰ পৰা ৰক্ষা কৰিব পৰাকৈ কোনো ভেকচিন নাই, গতিকে এই গোটৰ লোকসকলে বিশেষ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন বুলি উল্লেখ কৰিছে বিশেষজ্ঞসকলে।

 

‘শ্লেপ্ড চিক’ ৰোগৰ লক্ষণঃ

গালত ৰঙা ফোহা ওলায়

গাঁঠিৰ বিষ

পাতলীয়া জ্বৰ

ভৰিৰ বিষ

 

কিদৰে এই ৰোগৰ পৰা লাভ কৰিব সুৰক্ষাঃ

খোৱাৰ পূৰ্বে হাত ধুব লাগে

আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ আহিব নালাগে

ফ্লুৰ দৰে লক্ষণ দেখা দিলে লগে লগে চিকিৎসকৰ কাষ চাপক

সংক্ৰমিত অঞ্চলত বাস কৰাৰ পৰা বিৰত থাকক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...