ওঁঠ শুকাই গ’লে জিভাৰে তিয়াই দিয়াৰ অভ্যাস আছে নেকি আপোনাৰ? বিপদৰ পূৰ্বেই ত্যাগ কৰক এই অভ্যাস…

গৰমৰ দিনত ওঁঠ দুটা প্ৰায়েই শুকাই যোৱাৰ সমস্যা হয়। বহু সময়ত এনে পৰিস্থিতিত আমি জিভাৰে ওঁঠ দুটা তিয়াই থওঁ। ইয়াৰ দ্বাৰা ওঁঠৰ শুষ্কতা লগে লগে কিছু কম হয়। এই সকাহৰ বাবেই আমি শুকান ওঁঠ জিভাৰে তিয়াই দিওঁ। পিছে সাময়িক এই সকাহ লাভৰ বাবেই আমি গ্ৰহণ কৰা এনে অভ্যাসে ওঁঠৰ ক্ষতিহে কৰে।

ওঁঠ শুকাই গ’লে জিভাৰে তিয়াই দিয়াৰ অভ্যাস আছে নেকি আপোনাৰ? বিপদৰ পূৰ্বেই ত্যাগ কৰক এই অভ্যাস...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

04 Jul 2025 | 09:26 PM

ৰাজ্যত এতিয়া গ্ৰীষ্মৰ প্ৰকোপ মাজে মাজে কেতিয়াবা এজাক পাতলীয়া বৰষুণ হৈছে যদিও দৰ তাপ হ্ৰাস পোৱা নাই সাধাৰণতে গ্ৰীষ্মকালত আমাৰ ছালৰ নানা সমস্যাই দেখা দিয়ে গৰমৰ বাবেই দেহৰ ছালখন শুষ্ক হৈ পৰে বিশেষকৈ গৰমৰ দিনত ওঁঠ দুটা প্ৰায়েই শুকাই যোৱাৰ সমস্যা হয়। বহু সময়ত এনে পৰিস্থিতিত আমি জিভাৰে ওঁঠ দুটা তিয়াই থওঁ। ইয়াৰ দ্বাৰা ওঁঠৰ শুষ্কতা লগে লগে কিছু কম হয় এই সকাহৰ বাবেই আমি শুকান ওঁঠ জিভাৰে তিয়াই দিওঁ

পিছে সাময়িক এই সকাহ লাভৰ বাবেই আমি গ্ৰহণ কৰা এনে অভ্যাসে ওঁঠৰ ক্ষতিহে কৰে। কাৰণ, জিভাৰে ওঁঠ তিয়াই শুকান কৰি ৰখাটো সাময়িক সকাহহে। ওঁঠৰ শুষ্কতা কম কৰিবলৈ প্ৰকৃততে সঠিক মইশ্ব’ৰাইজাৰ লাগে। ওঁঠ জিভাৰে তিয়াই ৰাখিলে কিছু সময়ৰ বাবে কোমল হয়, কিন্তু ওঁঠৰ ছালখন আৰ্দ্ৰ নহয়। গতিকে, প্ৰথমে এই অভ্যাসটো দূৰ কৰক।

ওঁঠৰ এনে সমস্যা দূৰ কৰিবলৈ কিছুমান সহজ পদ্ধতি গ্ৰহণ কৰিব পাৰে তেনে কিছু সহজ পদ্ধতি এনেধৰণৰ

নিশা শুবলৈ লোৱাৰ পূৰ্বে ভালকৈ ওঁঠত অলপ ডাঠকৈ ভেচলিন বা বলিন লগাব লাগে। নিশাৰ এই অভ্যাস গ্ৰহণৰ দ্বাৰা পুৱা ওঁঠৰ এনে সমস্যা দূৰ হোৱা দেখিবলৈ পাব

হাতত কিছু অলিভ অইল অলপ লৈ লওক। সেই অলিভ অইলেৰে ওঁঠত হাতেৰে লাহে লাহে মালিচ কৰক। ৰাতি শুবলৈ লোৱাৰ পূৰ্বে বা গা ধোৱাৰ সময়ত এই কাম কৰক, কম সময়ৰ ভিতৰতে ইয়াৰ উপকাৰিতা দেখা পাব।

নিজৰ সৈতে সদায় ভেচলিন বা ব’ৰ’লিন ৰাখক। প্ৰয়োজন হ’লে গোটেই দিনটো ব্যৱহাৰ কৰক। দেখিব, ইয়াৰ দ্বাৰা ওঁঠৰ এই সমস্যা শীঘ্ৰেই সমাধান হ’ব।

প্ৰচুৰ পৰিমাণে পানী খাব লাগে। শৰীৰত পানীৰ অভাৱ হ’লে এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে যিকোনো ঋতুতে দিনটোত সাতৰ পৰা আঠ গিলাচ পানী খাব লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...