কি ভিটামিনৰ অভাৱত ছাল ক’লা পৰে? জানক সকলো…

প্ৰায় সকলো মহিলাই ধুনীয়া আৰু সুন্দৰ ছাল বিচাৰে। কিন্তু কেতিয়াবা ছাল ক'লা পৰা দেখা যায়। গতিকে ছাল কিয় ক'লা পৰে আৰু কেনেকৈ ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি ইয়াৰ বিষয়ে জনা দৰকাৰ।

কি ভিটামিনৰ অভাৱত ছাল কলা পৰে? জানক সকলো...

ছালৰ সমস্যা

Published: 

02 Nov 2025 19:31 PM

প্ৰায় সকলো মহিলাই ধুনীয়া আৰু সুন্দৰ ছাল বিচাৰে। কিন্তু কেতিয়াবা দেখা যায় যে হঠাৎ মুখখন ক’লা পৰি গৈছে। মেক আপ,ক্ৰীম বা বিভিন্ন প্ৰডাক্টৰে এই ক’লা পৰাৰ সমস্যা কিছু পৰিমাণে লুকুৱাই ৰাখিব পাৰি। পিছে এই সমস্যা স্থায়ীভাৱে সমাধান কৰা প্ৰয়োজন। কেতিয়াবা ৰ’দ, ধূলিৰ বাবে ছাল ক’লা পৰে। কিন্তু কেতিয়াবা খাদ্য, পৰিৱৰ্তিত জীৱনশৈলী বা ভিটামিনৰ অভাৱতো ছাল ক’লা পৰা দেখা যায়। গতিকে কি ভিটামিনৰ অভাৱত ছাল ক’লা পৰে সেয়া জনা দৰকাৰ।

ছাল ক’লা পৰাৰ কাৰণ

  • যদি আপোনাৰ ছালখন শেঁতা বা ক’লা হ’বলৈ আৰম্ভ কৰিছে তেন্তে ই ভিটামিন বি১২ৰ অভাৱৰ লক্ষণ হ’ব পাৰে। এই ভিটামিনৰ অভাৱৰ ফলত ছালত পিগমেন্টেশ্যন বৃদ্ধি পাই আৰু ছাল শেঁতা হৈ পৰে।
  • ভিটামিন ডি আৰু ইৰ অভাৱেও ছালৰ উজ্বলতা হ্ৰাস কৰে আৰু ক’লা পৰা বৃদ্ধি পায়।
  • যেতিয়া ভিটামিন চি আৰু বি১২ৰ অভাৱ হয় তেতিয়া মেলানিনৰ ভাৰসাম্য হ্ৰাস পায়। ইয়াৰ ফলত ছালৰ ৰং সলনি হয়। বিশেষকৈ ৰ’দত যিসকলে বেছি সময় কটায় বা ছানস্ক্ৰীণ ব্যৱহাৰ নকৰে সেইসকলৰ বেছিকৈ ছাল ক’লা পৰে।
  • ৰ’দৰ  UV ৰশ্মি, টোপনিৰ অভাৱ, মানসিক চাপ, হৰম’নৰ পৰিৱৰ্তন আৰু খাদ্যৰ অভাৱ আদিৰ ফলতো ছাল ক’লা পৰিব পাৰে।
  • বহু সময় প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিলেও এই সমস্যা হ’ব পাৰে।

কি কৰিব

যদি আপুনি ছালক প্ৰাকৃতিকভাৱে ধুনীয়া কৰি ৰাখিব বিচাৰিছে তেন্তে খাদ্যত কণী, গাখীৰ, মাছ, বিলাহী, অমিতা, সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰক। ইয়াত থকা ভিটামিন এ, চি, ই আৰু বি ১২ সমূহে মেলানিনক নিয়ন্ত্ৰণ কৰি ছালত প্ৰাকৃতিক উজ্জ্বলতা প্ৰদান কৰে।  ইয়াৰোপৰি ছালক প্ৰাকৃতিকভাৱে সুন্দৰ কৰি ৰাখিবলৈ হালধি, এলোভেৰা আদি ব্যৱহাৰ কৰিব পাৰে।

 

 

অন্য খবৰ পঢ়কঃ প্ৰতিদিনে দুটাকৈ ইলাচি খালে কি হয়? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি…

আপুনি ফেটি লিভাৰত আক্ৰান্ত নেকি? উপশম পাবলৈ দৈনিক এই পানীয় সেৱন কৰক
যুৱৰাজৰ দৰেই বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ, পিছে যুৱৰাজতকৈ আগবাঢ়ি কেইবাটাও অভিলেখ দীপ্তিৰ
পিতৃ-মাতৃয়ে ভুলতো সন্তানৰ আগত কৰিব নালাগে এই ৩টা কাম! জানক...
শৰীৰৰ অতিৰিক্ত ওজন কমাবলৈ গ্ৰীণ টি কেতিয়া খালে দ্ৰুত ফলাফল পাব? জানক