গৰমৰ দিনটো হৈ পৰিব ধুনীয়া! ঘৰতে তৈয়াৰ কৰক এই সহজ ফেচপেক…

সকলোৱে বিচাৰে সুন্দৰ আৰু ধুনীয়া ছাল। ইয়াৰ বাবে বিভিন্নজনে বহু প্ৰডাক্ট ব্যৱহাৰ কৰে। কিন্তু আপুনি ঘৰতে ফেচপেক তৈয়াৰ কৰি ছাল সুন্দৰ কৰি তুলিব পাৰে।

গৰমৰ দিনটো হৈ পৰিব ধুনীয়া! ঘৰতে তৈয়াৰ কৰক এই সহজ ফেচপেক...

সৌন্দৰ্য চৰ্চা

Published: 

26 Mar 2025 | 05:40 PM

লাহে লাহে বতৰ গৰম হৈছে। এই সময়চোৱাত বিভিন্নজনৰ ছালৰ সমস্যাই দেখা দিয়ে। ঘাম, ধূলি-বালি আদিৰ ফলত ছালৰ উজ্বলতা হেৰাই যোৱাৰ লগতে বিভিন্ন সমস্যাই দেখা দিয়ে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে বিভিন্ন ধৰণৰ প্ৰডাক্ট ব্যৱহাৰ কৰে। কিন্তু ইয়াৰ পৰা হাত সাৰিবলৈ ঘৰুৱা বা প্ৰাকৃতিক উপায়ো অৱলম্বন কৰিব পাৰে। গৰমৰ দিনত ছাল উজ্বল কৰিবলৈ ঘৰতে ফেচপেক তৈয়াৰ কৰিব পাৰে। ফেচপেক তৈয়াৰ কৰাৰ কেইটামান উপায় তলত উল্লেখ কৰা হ’ল-

দৈ আৰু তিঁয়হ

দৈ আৰু তিঁয়হ গৰমৰ দিনত ফাল। এই দুই বিধ বস্তুৰে ফেচপেক প্ৰস্তুত কৰিবলৈ প্ৰথমে তিঁয়হ সৰু সৰুকৈ কাটি ৰস উলিয়াই লওক। পাছত ইয়াক দৈৰ সৈতে মিহলি কৰক। এই মিশ্ৰণ মুখত লগাই ১৫ মিনিটমান পাছত কুহুমীয়া পানীৰে ধুই দিব লাগে। এই পেকটোৱে ছালক ঠাণ্ডা কৰাৰ লগতে আৰ্দ্ৰতা প্ৰদান কৰে।

এলোভেৰা জেল আৰু গোলাপ জল

এলোভেৰা জেল আৰু গোলাপ জল মিহলাই ছালত লগাব লাগে। ই ছালত ঠাণ্ডা প্ৰদান কৰে। লগতে আপোনাৰ ছাল হাইড্ৰেইট কৰি ৰাখে। এই মিশ্ৰণ ২০ মিনিটমান মুখত লগাই পাছত কুহুমীয়া পানীৰে ধুই দিব।

নিম আৰু হালধি

নিম পাত পিহি তাত হালধিৰ গুড়ি মিহলাই পেষ্ট বনাব। পাছত ইয়াক মুখত লগাই ১৫ মিনিট ৰাখিব আৰু তাৰ পিছত কুহুমীয়া পানীৰে ধুব। ইয়াৰ ফলত টেনিং আঁতৰ হয়। একে সময়তে গ্ৰীষ্মকালত হোৱা ছালৰ ফুলা আৰু বিষ কমায়।

দৈ আৰু হালধি

হালধি আৰু দৈ ভালদৰে মিহলাই মুখত লগাব। এই পেকে ছালখন ঠাণ্ডা কৰাৰ লগতে মুখখন উজ্জ্বল কৰাত সহায় কৰে। হালধিত বিভিন্ন উপকাৰী গুণ আছে। এই পেক আপুনি মুখত ১৫-২০ মিনিটমান লগাই ৰাখি পিছত ধুই দিব লাগে।

এভাকাডো

এভোকেডোক অতি স্বাস্থ্যকৰ ফল বুলি গণ্য কৰা হয়। ইয়াত ওমেগা-৩ ফেটি এচিড, ভিটামিন-ই আৰু এন্টিঅক্সিডেন্ট থাকে। গ্ৰীষ্মকালত মুখত এভোকেডো লগালে বিভিন্ন সুফল পোৱা যায় আৰু ছাল ধুনীয়া কৰাত সহায় কৰে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...