শীতৰ সময়ত কিদৰে বাধা দিব চাইনাচাইটিছৰ সমস্যাক! বিশেষজ্ঞই আগবঢ়াইছে সকাহৰ এই ৫টা বিধান
মূৰৰ এফালে তীব্ৰ বিষ হোৱা, নাক বন্ধ হোৱা, মুখমণ্ডলৰ বিষ, এটা চকুৰ বিষ আৰু অস্বস্তিকৰ অৱস্থা, শৰীৰৰ উষ্ণতা বৃদ্ধি, গোন্ধ নোহোৱা আদি এই চাইনাচাইটিছৰ লক্ষণ। বিশেষজ্ঞসকলে চাইনাচাইটিছৰ সমস্যা নিৰাময়ৰ বাবে কিছুমান পৰামৰ্শ আগবঢ়াইছে। জানো আহক এই বিষয়ে।

প্ৰতিনিধিত্বমূলক ছবি
বতৰ পৰিৱৰ্তনৰ সময়খিনি চাইনাছৰ সমস্যা থকা লোকসকলৰ বাবে যথেষ্ট অস্বস্তিকৰ হৈ পৰে। প্ৰদূষণৰ প্ৰভাৱতো এই সমস্যা অধিক চিন্তনীয় হ’ব পাৰে। এই চাইনাছ হৈছে নাকৰ সৈতে সংযুক্ত মূৰৰ হাড়ৰ ভিতৰত ফুটা, বায়ুৰে ভৰা এক অংশ। এই অংশৰ প্ৰধান কাম হ’ল নাকৰ মাজেৰে টানি অনা বায়ুক আৰ্দ্ৰ কৰা, গৰম কৰা। কিন্তু এই অংশত সংক্ৰমণ বা প্ৰদাহ হ’লে সমস্যাৰ সৃষ্টি হয়। এই অৱস্থাক চাইনাচাইটিছ বোলা হয়। প্ৰায়ে মূৰৰ এফালে তীব্ৰ বিষ হোৱা, নাক বন্ধ হোৱা, মুখমণ্ডলৰ বিষ, এটা চকুৰ বিষ আৰু অস্বস্তিকৰ অৱস্থা, শৰীৰৰ উষ্ণতা বৃদ্ধি, গোন্ধ নোহোৱা আদি এই চাইনাচাইটিছৰ লক্ষণ।
সাধাৰণতে বতৰৰ পৰিৱৰ্তনৰ ফলত চাইনাছৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰিও ধূলি, ধোঁৱা, বায়ু প্ৰদূষণ, বেক্টেৰিয়াৰ সংক্ৰমণ, ঠাণ্ডা বতাহৰ সংস্পৰ্শ, ধূমপান, অতি ঠাণ্ডা পানী খোৱা, সঘনাই চৰ্দি হোৱা আদিয়েও চাইনাচাইটিছৰ সৃষ্টি কৰিব পাৰে। চাইনাছৰ সমস্যাৰ পৰা উপশম পাবলৈ আপুনি ল’ব পৰা কিছু সহজ পদক্ষেপৰ বিষয়ে বিশেষজ্ঞৰ পৰা জানো আহক।
এই লক্ষণসমূহৰ প্ৰতি সচেতন হওক
চি এম ডি ফেলিক্স হাস্পতালৰ চিকিৎসক ডাঃ ডি কে গুপ্তাই জানিবলৈ দিয়া মতে চাইনাছ বা Deviated Nasal Septum (DNS), এলাৰ্জী আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যা থকা লোকসকলৰ ক্ষেত্ৰত শীতকালৰ আগমনৰ লগে লগে লক্ষণ বৃদ্ধি পাব পাৰে। কফ, কাহ, ডিঙিৰ বিষ, চৰ্দিৰ যিকোনো লক্ষণ কেতিয়াও আওকাণ নকৰিব। তেওঁ এইক্ষেত্ৰত কিছু পৰামৰ্শও আগবঢ়াইছে।
দিনে তিনিবাৰ ভাপ ল’ব লাগে
ডাঃ ডি কে গুপ্তাই জানিবলৈ দিয়া মতে যদি চাইনাছৰ সমস্যা থাকিলে শীতকালতেই হওক বা প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈকে হওক, দৈনিক নাকেৰে গৰম পানীৰ ভাপ লোৱা উচিত। দিনটোত তিনিবাৰকৈ- পুৱা, দুপৰীয়া আৰু গধূলি এইদৰে ভাপ ল’ব পাৰে। ইয়াৰ ফলত ডিঙি আৰু নাকত প্ৰদাহ হ্ৰাস পায় আৰু কফৰ সমস্যা উপশমত সহায় কৰে। ভাপে সংক্ৰমণ সৃষ্টিকাৰী বেক্টেৰিয়া কমোৱাতো সহায় কৰে।
Humidity Fire লগাওক
বিশেষজ্ঞসকলে কয় যে চাইনাছৰ সমস্যাৰ সৃষ্টি নহ’বলৈ আপুনি ঘৰত Humidity Fire লগাব পাৰে। ইয়াৰ ফলত বতাহত আৰ্দ্ৰতা বৃদ্ধি পায়, এলাৰ্জী আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যা থকাসকলৰ বাবে এয়া উপকাৰী বিবেচিত হয়।
খাদ্যত তৰল পুষ্টিকৰ উপাদান বৃদ্ধি
বিশেষজ্ঞসকলে কয় যে চাইনাছৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ স্বাভাৱিক উষ্ণতাৰ পানী প্ৰচুৰ পৰিমাণে খোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও দৈনন্দিন খাদ্যত তৰল পুষ্টিকৰ উপাদান বৃদ্ধি কৰক। গৰম মিশ্ৰিত শাক-পাচলিৰ চূপ খোৱা, আদা আৰু তুলসীৰ দৰে গৰম বনৌষধিৰে নিৰ্মিত চাহ খোৱা, মৌৰ সৈতে কুহুমীয়া পানী খোৱা আদি এইক্ষেত্ৰত যথেষ্ট সহায়ক।
এই খাদ্যসমূহ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক
চাইনাছৰ সমস্যা থাকিলে শীতকালত স্বাস্থ্যসন্মত খাদ্য খোৱা উচিত। ইয়াৰ দ্বাৰা ভিটামিন চি আৰু ডিৰ পৰিমাণ বৃদ্ধি পায়। বিশেষকৈ ভিটামিন চি নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক। ইয়াৰ পৰিপূৰক হিচাপে কমলা,আমলখি, অমিতা, আপেল আদি ফল খাব পাৰে। সেউজীয়া শাক-পাচলিৰ উপৰিও ড্ৰাই ফ্ৰুটছ খাব লাগে। ইয়াৰ দ্বাৰা বহুতো পুষ্টিকৰ উপাদান পোৱা যাব আৰু শৰীৰ গৰম হৈ থাকিব।
এনে পৰিস্থিতিত চিকিৎসকৰ পৰামৰ্শ লওক
ডাঃ ডি কে গুপ্তাই লগতে পৰামৰ্শ দিয়া মতে যদি আপুনি উশাহ-নিশাহ লোৱাত অসুবিধা বা চকুৰ সমস্যা (conjunctivitis-like symptoms) আদি লক্ষণ দেখা পায়, তেতিয়া লগে লগে সমীপৰ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। এই লক্ষণসমূহ কেতিয়াও আওকাণ কৰিব নালাগে।