তেজত চুগাৰ বৃদ্ধি পালে আপোনাৰ ছালত কি কি লক্ষণে দেখা দিয়ে ? জানক

অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসে এই সমস্যাৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰিছে । জানেনে, যদি আপুনি তেজৰ চুগাৰৰ সমস্যাত ভুগিছে তেন্তে আপোনাৰ শৰীৰত কেনেধৰণৰ লক্ষণে দেখা দিব । তেজত চুগাৰ বৃদ্ধি পালে আপোনাৰ ছালত কিছুমান লক্ষণে দেখা দিব পাৰে ।

তেজত চুগাৰ বৃদ্ধি পালে আপোনাৰ ছালত কি কি লক্ষণে দেখা দিয়ে ? জানক

চুগাৰ বৃদ্ধিৰ লক্ষণ

Published: 

03 Feb 2025 | 01:07 PM

বয়স বৃদ্ধিৰ লগে লগে প্ৰায় সংখ্যক লোকৰে তেজৰ চুগাৰৰ সমস্যা আৰম্ভ হয় । বহুলোকে কম বয়সতে চুগাৰৰ সমস্যাত ভুগিবলৈ আৰম্ভ কৰে । বিশেষজ্ঞসকলৰ মতে, অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসে এই সমস্যাৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰিছে । জানেনে, যদি আপুনি তেজৰ চুগাৰৰ সমস্যাত ভুগিছে তেন্তে আপোনাৰ শৰীৰত কেনেধৰণৰ লক্ষণে দেখা দিব । তেজত চুগাৰ বৃদ্ধি পালে আপোনাৰ ছালত কিছুমান লক্ষণে দেখা দিব পাৰে ।

জানক তেজত চুগাৰ বৃদ্ধি পালে কি কি লক্ষণে দেখা দিয়ে ?

  1. চিকিৎসকে কয়, যদি হঠাতে আপোনাৰ ছালখন শুকান হৈ পৰে, তেন্তে আপুনি বুজিব লাগে যে শৰীৰত এটা সমস্যা আছে। চুগাৰ বৃদ্ধি পালে বিশেষকৈ ভৰিৰ হাতৰ তলুৱা শুকান অনুভৱ কৰিবলৈ আৰম্ভ কৰিব পাৰে। ছালত খজুৱতি হ’ব। যদি এই সমস্যাৰ সৃষ্টি হয়, তেন্তে সচেতন হওক। প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ লওক।
  2. যদি শৰীৰৰ কোনো অংশত ঘাঁ লাগে আৰু যদি সেই ঘাঁ লগা অংশটো ভাল হ’বলৈ পলম হয়, তেন্তে ই তেজত চুগাৰ বৃদ্ধিৰ লক্ষণ হ’ব পাৰে। কাৰণ, তেজত চুগাৰৰ মাত্ৰা বেছি হ’লে তেজ জমা হোৱাত পলম হয় আৰু ফলত ঘাঁ ভাল হ’বলৈ সময় লাগে।
  3. সঘনাই ছালৰ সমস্যা হ’ব পাৰে। ছাল শুকান হোৱাৰ সমস্যা দৰে যদি সঘনাই ছালৰ সমস্যা সন্মুখীন হয় তেন্তে সাৱধান হওক । ই তেজত চুগাৰ বৃদ্ধিৰ লক্ষণ হ’ব পাৰে। গতিকে যদি এই সমস্যাটো স্থায়ী হৈ থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।
  4. কিলাকুটি আৰু ভৰিৰ তলুৱাত ক’লা দাগ দেখা পাব পাৰে । চকী এখনত অলপ সময় বহি থাকিলে ভৰি দুখন ফুলি উঠিব পাৰে। ই তেজৰ চুগাৰৰ বৃদ্ধি পোৱাৰ লক্ষণ হ’ব পাৰে । গতিকে এই লক্ষণসমূহ দেখা পালে পোনে পোনে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...