লং বেছিকৈ খালে কি হয় ? স্বাস্থ্যৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰে ? জানক

লং খালে স্বাস্থ্যৰ বিভিন্ন সমস্যাৰ পৰা উপশম পাব পাৰি। কিন্তু আপুনি জানেনে যে, লং বেছিকৈ খালে স্বাস্থ্য়ৰ বিভিন্ন সমস্যা সৃষ্টি হ'ব পাৰে। লং বেছিকৈ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানক।

লং বেছিকৈ খালে কি হয় ? স্বাস্থ্যৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰে ? জানক
Published: 

23 Nov 2025 | 01:05 PM

প্ৰায় সংখ্যক লোকৰে লং খোৱাৰ অভ্যাস আছে। ই বিভিন্ন সমস্যাৰ পৰা উপশম পোৱাত সহায় কৰে। কাহৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে ডিঙিৰ বিষৰ পৰা উপশম পোৱাত সহায় কৰে লঙে। লঙত আঁহ, ভিটামিন কে, মেংগানিজ থাকে। মগজুৰ সঠিক কাৰ্যক্ষমতা বজাই ৰখা আৰু হাড় শক্তিশালী কৰাৰ বাবে মেংগানিজ অতি গুৰুত্বপূৰ্ণ। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। ইয়াৰ উপৰিও ইয়াত এন্টিবেক্টেৰিয়েল উপাদান থাকে।

অত্যধিক লং খালে শৰীৰত কি হ’ব পাৰে ?

লৱণত ইউজেনল থাকে। ই এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে। ই বিষ নিৰাময় কৰায় সহায় কৰে। কিন্তু অত্যধিক লং খালে ইউজেনলৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ফলত যকৃত আৰু বৃক্কৰ ক্ষতি হ’ব পাৰে।

লং বেছিকৈ খালে পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। বেছিকৈ খালে পেট গৰম হ’ব পাৰে। হজম শক্তি প্ৰভাৱিত হ’ব পাৰে।

লঙত থকা ইউজেনল নামৰ যৌগটোৰ তেজ পাতল কৰা গুণ আছে। অতিমাত্ৰা সেৱন কৰিলে ৰক্তক্ষৰণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

ইউজেনল অত্যধিক সেৱন কৰিলে যকৃতৰ ক্ষতি হ’ব পাৰে। গতিকে অত্যধিক লং খোৱাৰ পৰা বিৰত থাকক।

লঙে তেজৰ চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে। চৰ্দি আৰু কাহৰ সময়তো লং দিয়া চাহ বাৰে বাৰে খাই বা লং মুখত ৰাখিলে ইয়াৰ বিপৰীত প্ৰভাৱ পৰিব পাৰে। চুগাৰৰ মাত্ৰা অত্যধিক হ্ৰাস পাব পাৰে।

জণ্ডিচ, স্নায়ুজনিত সমস্যা, যকৃত আৰু বৃক্কৰ ৰোগ, বা নিম্ন ৰক্তচাপ থাকিলে নিয়মিতভাৱে লং খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল।

স্পষ্টীকৰণ: এই প্ৰতিবেদন কেৱল তথ্যৰ বাবে প্ৰস্তুত কৰা হৈছে। যিকোনো স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ চিকিৎসকৰ পৰা গ্ৰহণ কৰক।

লগতে পঢ়ক : শীতকালত গৰ্ভৱতী মহিলাৰ কি কি সমস্যা হ’ব পাৰে? প্ৰতিৰোধ কৰাৰ উপায় জানক

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...