গৰ্ভাৱস্থাত মহিলাসকলে শীতল পানীয় খাব পাৰেনে ? কি কি খাদ্য গ্ৰহণ কৰিব লাগে ? জানক

গৰ্ভাৱস্থাত মহিলাসকলে শীতল পানীয় খাব পাৰেনে? ইয়াৰ ফলত শৰীৰৰ কিবা ক্ষতি হয় নেকি? শীতল পানীয়ই চুগাৰৰ মাত্ৰা বৃদ্ধি কৰাৰ সম্ভাৱনা থাকে নেকি?

গৰ্ভাৱস্থাত মহিলাসকলে শীতল পানীয় খাব পাৰেনে ? কি কি খাদ্য গ্ৰহণ কৰিব লাগে ? জানক

প্ৰতীকী ফটো

Published: 

18 Mar 2025 | 10:51 PM

গৰ্ভাৱস্থাত মহিলাসকলে খাদ্যাভ্যাসৰ প্ৰতি অতি সাৱধান হ’ব লাগে। খাদ্যৰ অসাৱধানতাই মহিলাগৰাকীৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গৰ্ভাৱস্থাত মহিলাৰ স্বাস্থ্য়ৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পৰা খাদ্য গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে । কিন্তু গৰ্ভাৱস্থাত মহিলাসকলে শীতল পানীয় খাব পাৰেনে? ইয়াৰ ফলত শৰীৰৰ কিবা ক্ষতি হয় নেকি? শীতল পানীয়ই চুগাৰৰ মাত্ৰা বৃদ্ধি কৰাৰ সম্ভাৱনা থাকে নেকি?

দিল্লীৰ স্ত্ৰীৰোগ বিভাগৰ ডাঃ ছালনী চাদ্ধাই কয় যে, গৰ্ভৱতী মহিলাই শীতল পানীয় খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ কাৰণ হ’ল শীতল পানীয়ত অধিক পৰিমাণে চুগাৰ থাকে, যাৰ ফলত ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। কিছুমান শীতল পানীয়ত কেফেইন থাকে, যাৰ ফলত মহিলাগৰাকীৰ টোপনিৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

তেওঁ মতে, যদিও ই গভৱৰ্তী মহিলাৰ ক্ষতিকাৰক তথাপিও মাহত এবাৰ খাব পাৰে । কিন্তু মনত ৰাখিব যে, আপোনাৰ চুগাৰৰ মাত্ৰা বেছি হ’ব নালাগে। যদি আপোনাৰ চুগাৰ মাত্ৰা বেছি হয় তেন্তে ঠাণ্ডা পানীয়ই আপোনাৰ ক্ষতি কৰিব পাৰে।

গৰ্ভাৱস্থাত কি খাব লাগে ?

গৰ্ভাৱস্থাত ফলিক এচিড আৰু আইৰণ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে ঔষধ উপলব্ধ যদিও খাদ্যাভ্যাসৰ প্ৰতিও বিশেষ গুৰুত্ব দিব লাগে। ইয়াৰ উপৰিও খাদ্যত কেলচিয়াম, প্ৰটিন আৰু ভিটামিন ভাল পৰিমাণে থাকিব লাগে। ইয়াৰ বাবে সতেজ ফলমূল, শাক-পাচলি, গোটা শস্য, দাইল আৰু বীন আৰু গাখীৰ –দৈ খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে। এইবোৰ বস্তুত প্ৰচুৰ পৰিমাণে প্ৰটিন, ভিটামিন আৰু কেলচিয়াম থাকে। যদি মহিলাসকলে গৰ্ভাৱস্থাত এইধৰণৰ খাদ্য খায়, তেন্তে মাতৃ আৰু সন্তান দুয়োজনেই সুস্থ হৈ থাকে।

গৰ্ভাৱস্থাত কি কৰিব নালাগে ?

গৰ্ভাৱস্থাত গধুৰ ৱৰ্কআউটৰ পৰা বিৰত থাকক। মদ, চিগাৰেট আৰু সুৰা সেৱন নকৰিব। ফাষ্ট ফুড নাখাব আৰু যদি স্থায়ী জ্বৰ, বমি, মূৰৰ বিষৰ দৰে লক্ষণ দেখা যায় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...