Weight Loss Tips: ভাত নে ৰুটি ! ওজন নিয়ন্ত্ৰণ ৰাখিবলৈ কোন বিধ খাদ্য উপকাৰী ? জানক

পুষ্টিবিদসকলৰ মতে চাউল আৰু ৰুটি দুয়োটাৰে পুষ্টিকৰ গুণ বেলেগ বেলেগ । তেওঁলোকৰ মতে, ভাত খালে ওজন বৃদ্ধি পাব আৰু ৰুটি খালে নিয়ন্ত্ৰণত থাকিব বুলি বিশ্বাস কৰা ধাৰণাটো একেবাৰে শুদ্ধ নহয়।

Weight Loss Tips: ভাত নে ৰুটি ! ওজন নিয়ন্ত্ৰণ ৰাখিবলৈ কোন বিধ খাদ্য উপকাৰী ? জানক

ওজন হ্ৰাস কৰাৰ বাবে ভাত নে ৰুটি উপকাৰী ?

Published: 

26 Oct 2024 | 08:53 PM

প্ৰায় সংখ্যক মানুহৰে খাদ্যাভ্যাস বেলেগ বেলেগ । সেই অনুসৰি, আমাৰ দেশৰ প্ৰতিটো প্ৰান্তৰে খাদ্য়াভ্যাস সম্পূৰ্ণ বেলেগ । কিছুমান মানুহে মূল খাদ্য হিচাপে ৰুটি খায় আৰু কিছুমানে ভাত খায় । আমাৰ অসমীয়া সমাজত ৰুটিতকৈ ভাতহে মূল খাদ্য হিচাপে গ্ৰহণ কৰে । কিন্তু ভাত বা ৰুটি এই দুয়োবিধ খাদ্যৰ ভিতৰত কোন বিধ খাদ্যই শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখে জানেনে ?

বহুলোকে ওজন নিয়ন্ত্ৰণত ৰখাৰ বাবে ভাত খোৱাটো হ্ৰাস কৰি দিয়ে বা প্ৰায়ে নাখায় । কোৱা হয় যে, ভাত খালে ওজন বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে । ইয়াৰ বিপৰীতে এই লোকসকলে ৰুটি খোৱাটো প্ৰায়ে পছন্দ কৰে । ওজন কমাবলৈ ভাত নে ৰুটি বেছি উপকাৰী তাৰ বিষয়ে এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

পুষ্টিবিদসকলৰ মতে চাউল আৰু ৰুটি দুয়োটাৰে পুষ্টিকৰ গুণ বেলেগ বেলেগ । তেওঁলোকৰ মতে, ভাত খালে ওজন বৃদ্ধি পাব আৰু ৰুটি খালে নিয়ন্ত্ৰণত থাকিব বুলি বিশ্বাস কৰা ধাৰণাটো একেবাৰে শুদ্ধ নহয়। ওজন হ্ৰাস কৰাৰ বাবে ভাত খোৱা একেবাৰে বন্ধ কৰাৰ কোনো প্ৰয়োজন নাই । ইফালে আকৌ বহুতে সপ্তাহটোত ৬ দিন ৰুটি খায় আৰু এদিন ভাত খায় ।

এই ধাৰণাটোও পুষ্টিবিধসকলে শুদ্ধ বুলি কোৱা নাই। এই নিয়ম একেবাৰে ভুল বুলিহে ব্য়াখ্যা কৰিছে পুষ্টিবিধসকলে । যদি এই ধৰণৰ অভ্যাস গঢ়ি তুলিছে তেন্তে সপ্তাহত চাৰিদিন ৰুটি খোৱা আৰু দুদিন ভাত খোৱা অভ্যাস কৰক ।

মনত ৰাখিব, ৰুটি খালে ওজন বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে । গতিকে ঘেঁহুৰ সলনি মাকৈৰ পৰা তৈয়াৰী ৰুটি খাব পাৰে। ওজন কমাবলৈ ই অধিক উপকাৰী। ইহঁতৰ গ্লাইচেমিক ইনডেক্স অতি কম। ফলত শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি নহয়। ইফালে, ওজন নিয়ন্ত্ৰণ ৰখাৰ বাবে খাদ্যৰ তালিকাত আপুনি ভাত ৰাখিব পাৰে ।

উল্লেখ্য যে,বগা চাউল খালে নিয়ন্ত্ৰণ হোৱাৰ বিপৰীতে ওজন বৃদ্ধিৰ আশংকা থাকে। ইয়াৰ পৰিপ্ৰেক্ষিতত ব্ৰাউন ৰাইচ খোৱাটো ভাল। ইয়াৰ পৰা আপুনি অধিক সুফল লাভ কৰিব। ৰুটিত গ্লুটেন থাকে। কিন্তু ব্ৰাউন ৰাইচ গ্লুটেন মুক্ত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...