বায়ু প্ৰদূষণৰ ফলত ডিঙি-কাণৰ ৰোগত আক্ৰান্ত দেশৰ আধাসংখ্যক লোক! সমীক্ষাত উদ্বেগজনক দাবী

দেশৰ বহু অঞ্চলত প্ৰদূষণ এতিয়া এক ভয়াৱহ সমস্যা হিচাপে পৰিগণিত হৈছে। প্ৰদূষণৰ এনে ভয়ংকৰ পৰিস্থিতিৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। শেহতীয়াকৈ প্ৰদূষণৰ প্ৰভাৱৰ ওপৰত এক সমীক্ষা কৰা হৈছিল। এই সমীক্ষাত কোৱা হৈছে যে প্ৰদূষণ বৃদ্ধি পোৱাৰ বাবে প্ৰায় ৫৫ শতাংশ লোক নাক, কাণ আৰু ডিঙিৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে।

বায়ু প্ৰদূষণৰ ফলত ডিঙি-কাণৰ ৰোগত আক্ৰান্ত দেশৰ আধাসংখ্যক লোক! সমীক্ষাত উদ্বেগজনক দাবী

প্ৰদূষণৰ ভয়াৱহ ৰূপ

Published: 

21 Dec 2024 | 07:06 AM

ক্ৰমবৰ্ধিত প্ৰদূষণে উদ্বেগজনক ৰূপ ধাৰণ কৰিছে দেশত। দেশৰ বহু অঞ্চলত প্ৰদূষণ এতিয়া এক ভয়াৱহ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ বিগত কেইমাহমানৰ পৰা প্ৰদূষণ এক গভীৰ চিন্তনীয় বিষয় হৈ পৰিছে। প্ৰদূষণৰ এনে ভয়ংকৰ পৰিস্থিতিৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। শেহতীয়াকৈ প্ৰদূষণৰ প্ৰভাৱৰ ওপৰত এক সমীক্ষা কৰা হৈছিল। এই সমীক্ষাত কোৱা হৈছে যে প্ৰদূষণ বৃদ্ধি পোৱাৰ বাবে প্ৰায় ৫৫ শতাংশ লোক নাক, কাণ আৰু ডিঙিৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে।

দিল্লী, মীৰাট, ফৰিদাবাদ, নয়ডা, গাজিয়াবাদ, ৰোহটক, চণ্ডীগড়, কানপুৰ আদি চহৰৰ প্ৰায় ৫৬,১৭৬ জন লোকৰ ওপৰত ভিত্তি কৰি এই সমীক্ষা কৰা হৈছে। এই সমীক্ষাত প্ৰকাশ পাইছে যে প্ৰদূষণৰ বাবে ৪১ শতাংশ লোকৰ চকুৰ সমস্যা হৈছিল। ইয়াৰ ভিতৰত চকুত পানী ওলোৱা আৰু চকুত জ্বলা-পোৰাৰ দৰে সমস্যাও অন্যতম। প্ৰিষ্টিন কেয়াৰ নামে এক স্বাস্থ্য সম্পৰ্কীয় প্ৰতিষ্ঠানে এই জৰীপ চলঐছিল।

ই এন টি অস্ত্ৰোপচাৰ বিশেষজ্ঞ ডাঃ ধীৰেন্দ্ৰ সিঙে কয় যে বিপজ্জনক বায়ুৰ গুণাগুণ সকলোৰে স্বাস্থ্যৰ বাবে চিন্তাৰ বিষয়। শিশুৰ ক্ষেত্ৰত এই পৰিস্থিতি অধিক চিন্তনীয় বুলি তেওঁ লগতে কয়। দূষিত বায়ুৱে নাক আৰু কাণৰ সংবেদনশীল শ্লেষ্মা আৱৰণত বিষ সৃষ্টি কৰিব পাৰে, যাৰ ফলত নাক আৰু কাণত বহু সমস্যাৰ সৃষ্টি হয়। বহু অঞ্চলত প্ৰদূষণ যিহেতু এতিয়াও অত্যন্ত বেছি, সেয়ে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হৈ  মানুহে মাস্ক পৰিধান কৰি থকাটো প্ৰয়োজনীয়।

ডাঃ ধীৰেন্দ্ৰ সিঙে লগতে জানিববলৈ দিয়া মতে প্ৰদূষণৰ প্ৰভাৱ কেৱল নাক আৰু কাণতে নহয়, চকুতো পৰিছে। চকু জ্বলোৱা, পানী ওলোৱাৰ দৰে সমস্যা এতিয়া সাধাৰণ হৈ পৰিছে। এনে পৰিস্থিতিত চকুৰ স্বাস্থ্যৰ প্ৰতিও বিশেষ গুৰুত্ব দিব লাগে। প্ৰদূষণ আৰু ইয়াৰ ফলত স্বাস্থ্যৰ ওপৰত পৰা ক্ষতিকাৰক প্ৰভাৱক সহজভাৱে ল’ব নালাগে বুলি ৰাইজক পৰামৰ্শ দিয়া হৈছে।

যদি আপুনি চকু আৰু ই এন টিৰ সৈতে জড়িত স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত বুলি তেখেতে লগতে কয়। এই বিষয়ত অসাৱধান হোৱা উচিত নহয় বুলি চিকিৎসকগৰাকীয়ে লগতে সকীয়াই দিয়ে। যদিও প্ৰদূষণৰ ফলত সকলো লোকেই ক্ষতিগ্ৰস্ত হয়, তথাপিও বৃদ্ধ লোক, শিশু আৰু গৰ্ভৱতী মহিলাসককে ইয়াৰ পৰা ৰক্ষাৰ বাবে এক বিশেষ সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন।

সাধাৰণতে এনে লোকসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কিছু দুৰ্বল। এনে পৰিস্থিতিত প্ৰদূষণৰ ফলত তেওঁলোক গুৰুতৰভাৱে প্ৰভাৱিত হ’ব পাৰে। সেয়ে প্ৰয়োজনীয় সাৱধানতাই তেওঁলোকক প্ৰদূষণৰ ভয়াৱহ প্ৰভাৱৰ পৰা সুৰক্ষা প্ৰদান কৰিব। এইক্ষেত্ৰত বিশেষজ্ঞৰ মতামত গ্ৰহণ কৰাটো প্ৰয়োজনীয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...