ঋতুস্ৰাৱৰ অসহ্য বিষৰ যন্ত্ৰণা হ’ব দূৰ, এই ৩ বিধ ‘চুপাৰফুডে’ দিব সকাহ

মাহেকীয়াৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিমাহে বিষনাশক ঔষধ সেৱন কৰাটো স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। সেয়ে মাহেকীয়াৰ সময়ত হোৱা বিষৰ পৰা উপশমৰ বাবে কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰি। মাহেকীয়াৰ বিষ নিয়ন্ত্ৰণত ৩টা ছুপাৰফুডে আপোনাৰ চেষ্টা সহজ কৰি তুলিব পাৰে।

ঋতুস্ৰাৱৰ অসহ্য বিষৰ যন্ত্ৰণা হ’ব দূৰ, এই ৩ বিধ ‘চুপাৰফুডে’ দিব সকাহ

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

31 Aug 2025 | 05:36 PM

মাহেকীয়া বা ঋতুস্ৰাৱ নাৰীৰ ক্ষেত্ৰত এক সাধাৰণ প্ৰাকৃতিক প্ৰক্ৰিয়া নাৰী দেহৰ এই প্ৰাকৃতিক প্ৰক্ৰিয়া প্ৰতি মাহে নিৰ্দিষ্ট সময়ত হয় এই ঋতুস্ৰাৱৰ দিনকেইটাত বহু যুৱতী তথা মহিলাই বিষ অনুভৱ কৰে কিছুলোকৰ ক্ষেত্ৰত এই বিষৰ সমস্যা নাথাকে যদিও বহু যুৱতী তথা মহিলাই অসহ্যকৰ বিষৰ যন্ত্ৰণা ভুগিবলগা হয় এনে বিষৰ বাবে ঋতুস্ৰাৱৰ দিনকেইটাত যুৱতীমহিলাসকলে যথেষ্ট অসুবিধাৰ মাজেৰে পাৰ কৰিবলগা হয়

এই ঋতুস্ৰাৱৰ সময়ত হৰম’নৰ পৰিৱৰ্তন ঘটে, যাৰ ফলত যুৱতী তথা মহিলাসকলৰ মেজাজতো প্ৰভাৱ পৰে। এই বিষৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিমাহে বিষনাশক ঔষধ সেৱন কৰাটো স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। সেয়ে মাহেকীয়াৰ সময়ত হোৱা বিষৰ পৰা উপশমৰ বাবে কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰি

মাহেকীয়াৰ বিষ নিয়ন্ত্ৰণত ৩টা ছুপাৰফুডে আপোনাৰ চেষ্টা সহজ কৰি তুলিব পাৰে। জানো আহক এই বিষয়ে

১) হালধিঃ আয়ুৰ্বেদত হালধিৰ অনেক গুণৰ বিষয়ে উল্লেখ কৰা হৈছে। গাখীৰত এচিকুট হালধি মিহলাই খালে শৰীৰৰ যিকোনো বিষ কম হয়। পিৰিয়ডৰ সময়ত এই পানীয় সেৱন কৰিব পাৰে। ইয়াৰ ফলত জৰায়ুত ৰক্ত সঞ্চালন বৃদ্ধি পায়। ইয়াৰ বাহিৰেও হালধি ইষ্ট্ৰজেনৰ প্ৰাকৃতিক উৎস। আৰু এই হৰম’নে ঋতুস্ৰাৱ নিয়ন্ত্ৰণ কৰিব পাৰে।

২) চিয়া বীজঃ চিয়া বীজত ওমেগা ৩ ফেটি এচিড থাকে। এই বীজে দুটা ঋতুচক্ৰৰ মাজৰ ব্যৱধান কম কৰিব পাৰে। যদি প্ৰতিমাহে নিৰ্ধাৰিত সময়ত ঋতুস্ৰাৱ হয়, তেতিয়া পিৰিয়ডৰ সময়ত হোৱা বিষৰ পৰিমাণো কমি যায়।

৩) আদাঃ আমাৰ সকলোৰে পাকঘৰত আদা থাকে। ঋতুস্ৰাৱৰ সময়ত আদাৰে তৈয়াৰী চাহ খালে ভাল। তেতিয়া বিষ বহু পৰিমাণে কমি যায়। বহু যুৱতীমহিলাই মাহেকীয়াৰ সময়ত মূৰৰ বিষ আৰু বমি ভাব অনুভৱ কৰে। সেয়ে এই সময়ত আদাৰ চাহ খালেও এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...