গেছৰ জুইৰ কি ৰঙে সূচায় নিৰাপদ জুই! অধিকাংশ লোকেই নাজানে, আপুনি জানেনে?

ৰন্ধন গেছত ৰন্ধা-বঢ়া কৰাৰ ক্ষেত্ৰত বহু সময়ত ষ্ট’ভৰ পৰা ওলোৱা জুইৰ শিখাৰ ৰং মাজে মাজে সলনি হোৱা দেখা যায়। কেতিয়াবা যদি জুইৰ শিখাৰ ৰং নীলা হয়, আন কেতিয়াবা আকৌ ৰঙা বা কমলা হোৱাও পৰিলক্ষিত হয়। সাধাৰণতে অধিকাংশ লোকেই জুইৰ এই ৰং পৰিৱৰ্তনক বিশেষ গুৰুত্ব নিদিয়ে যদিও ইয়াত এক বৃহৎ বিপদ নিহিত হৈ আছে।

গেছৰ জুইৰ কি ৰঙে সূচায় নিৰাপদ জুই! অধিকাংশ লোকেই নাজানে, আপুনি জানেনে?

গেছৰ কি ৰং নিৰাপদ!

Updated On: 

04 Apr 2025 16:26 PM

বৰ্তমান সময়ত খাদ্য ৰন্ধাৰ ক্ষেত্ৰত খৰিৰ ব্যৱহাৰ প্ৰায় কমি আহিছে। গ্ৰাম্য অঞ্চলতো এতিয়া খৰিৰ জুইত ৰন্ধাৰ ব্যৱস্থা প্ৰায় কমি আহিছে। প্ৰায় প্ৰতিঘৰ লোকৰ পাকঘৰতে এতিয়া ৰন্ধন গেছৰ ব্যৱহাৰ হয়। ৰন্ধন গেছত ৰন্ধা-বঢ়া কৰাৰ ক্ষেত্ৰত বহু সময়ত ষ্ট’ভৰ পৰা ওলোৱা জুইৰ শিখাৰ ৰং মাজে মাজে সলনি হোৱা দেখা যায়। কেতিয়াবা যদি জুইৰ শিখাৰ ৰং নীলা হয়, আন কেতিয়াবা আকৌ ৰঙা বা কমলা হোৱাও পৰিলক্ষিত হয়। সাধাৰণতে অধিকাংশ লোকেই জুইৰ এই ৰং পৰিৱৰ্তনক বিশেষ গুৰুত্ব নিদিয়ে।

কিন্তু ৰন্ধন গেছৰ জুইৰ এই ৰং পৰিৱৰ্তনত এক বৃহৎ বিপদ নিহিত হৈ আছে। এই লক্ষণ আওকাণ কৰিলে আনকি যিকোনো সময়তে কোনো বৃহৎ দুৰ্ঘটনাও হ’ব পাৰে। গেছৰ জুইৰ ৰং চায়েই আপুনি এই গেছৰ নিৰাপদ হয় নে নহয় কব পাৰিব। এই ক্ষেত্ৰত গেছৰ জুই ৰঙা, নীলা নে কমলা ৰঙৰ হ’ব লাগে, জানো আহক-

বিশেষজ্ঞসকলে কয় যে যদি গেছৰ শিখাৰ ৰং নীলা হয়, তেতিয়া ইয়াৰ অৰ্থ হ’ল গেছটো সম্পূৰ্ণৰূপে জ্বলি আছে। এই নীলা শিখা নিৰাপদ বুলি গণ্য কৰা হয়। এই শিখাৰ অৰ্থ হ’ল কম গেছ অপচয় হৈছে আৰু বিপদজনক কাৰ্বন মনোক্সাইড গেছৰ নিৰ্গমন হ্ৰাস পাইছে।

যদি গেছৰ শিখাৰ ৰং কমলা বা হালধীয়া হয় তেতিয়া ইয়াৰ অৰ্থ হ’ল ই সম্পূৰ্ণৰূপে জ্বলি থকা নাই। যদি জুইৰ শিখা কমলা ৰঙৰ হয় তেতিয়া গেছৰ ব্যৱহাৰ বেছি হ’ব। জুইৰ চাৰিওফালে ক’লা ৰং জমা হোৱাৰ বাবে পাত্ৰবোৰ ক’লা হোৱাৰ সম্ভাৱনা বেছি। এই ৰঙৰ ফলত ক্ষতিকাৰক কাৰ্বন মনোক্সাইড গেছৰ অত্যধিক নিৰ্গমন হ’ব পাৰে। ইয়াৰ ফলত স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা বেছি।

যদি ৰঙা ৰঙলৈ জুইৰ পৰিৱৰ্তন দেখা যায়, তেতিয়া ইয়াৰ অৰ্থ হ’ল বাৰ্নাৰলৈ বায়ুৰ যোগান কম আৰু ধূলি জমা হৈছে। গতিকে প্ৰথমে বাৰ্নাৰটো পৰিষ্কাৰ কৰক। চিলিণ্ডাৰৰ সৈতে সংযোগ সঠিক হৈছে নে নাই পৰীক্ষা কৰক। লগতে গেছৰ জুই জ্বলোৱাৰ সময়ত গেছৰ গোন্ধ পালে সাৱধান হওক।

বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস, এইকেইজন ভাৰতীয় ক্ৰিকেটাৰৰ পত্নীও পেছাত চিকিৎসক
বেছিকৈ পূজা কৰা দুখৰ কাৰণ হ'ব পাৰে নেকি? জানক প্ৰেমানন্দ মহাৰাজৰ পৰা...