মুখৰ দুৰ্গন্ধই যকৃতৰ গুৰুতৰ ৰোগৰ সংকেত দিব পাৰে নেকি ? এই সমস্যা কিয় হয় ? জানক

মুখৰ দুৰ্গন্ধ বহু ক্ষেত্ৰত যকৃতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। চালফাৰ আৰু অন্যান্য প্ৰদূষক পদাৰ্থ তেজত জমা হ’লে চিকিৎসাৰ ক্ষেত্ৰত ‘ফেটৰ হেপাটিকাছ’ নামৰ সমস্যাৰ সৃষ্টি হয়।

মুখৰ দুৰ্গন্ধই যকৃতৰ গুৰুতৰ ৰোগৰ সংকেত দিব পাৰে নেকি ? এই সমস্যা কিয় হয় ? জানক
Updated On: 

04 Nov 2025 | 01:56 PM

ৰাতিপুৱা-ৰাতি দুবাৰ ব্ৰাছ কৰাৰ পাছতো আপোনাৰ মুখৰ দুৰ্গন্ধ নাযায় নেকি? সাৱধান হওক, সাধাৰণ বুলি ভাৱি এই সমস্যাক আওকাণ নকৰিব। মুখৰ দুৰ্গন্ধ এটা সাধাৰণ সমস্যা নহয়। এই সমস্যাই প্ৰায় সংখ্যক লোকক অস্বস্তিত পেলায়। সাধাৰণতে বহু লোকে পেটৰ সমস্য়া থাকিলে মুখৰ পৰা দুৰ্গন্ধ ওলাই বুলি কয়। অৱশ্যে এই সমস্যাৰ কাৰণ বেলেগ।

এই সমস্যা কিয় হয়?

বিশেষজ্ঞৰ মতে, মুখৰ দুৰ্গন্ধ বহু ক্ষেত্ৰত যকৃতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। চালফাৰ আৰু অন্যান্য প্ৰদূষক পদাৰ্থ তেজত জমা হ’লে চিকিৎসাৰ ক্ষেত্ৰত ‘ফেটৰ হেপাটিকাছ’ নামৰ সমস্যাৰ সৃষ্টি হয়। বহুতে যেতিয়া এই সমস্যা সাধাৰণ বুলি ভাৱি আওকাণ কৰে, পিছত দেখা যায়, তাৰ মাজৰ একাংশ লোক ফেটি লিভাৰ বা লিভাৰ চিৰ’ছিছৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈছে।

ফেটৰ হেপাটিকাছ হৈছে উশাহ-নিশাহৰ লগত অতি বেয়া গোন্ধ ওলোৱা। এই গোন্ধটো খোৱাৰ পিছত মুখৰ পৰা ওলোৱা গোন্ধৰ পৰা বহুত বেলেগ। গোন্ধটো পচি যোৱা মাছ বা বেয়া কণীৰ দৰে। এই গোন্ধ চালফাৰৰ বাবে হয়। যকৃতৰ কাম হ’ল শৰীৰৰ পৰা ক্ষতিকাৰক পদাৰ্থ ফিল্টাৰ কৰি উলিওৱা। কিন্তু চালফাৰ আৰু অন্যান্য বিষাক্ত পদাৰ্থ তেজত জমা হ’লে যকৃতে সেইবোৰ ফিল্টাৰ কৰি উলিয়াব নোৱাৰে। পাছত মুখৰ পৰা দুৰ্গন্ধ ওলায়।

লিভাৰৰ সমস্যা কেতিয়া হয়?

বিশেষজ্ঞৰ মতে,ক্ৰনিক লিভাৰ ডিজিজ থকা লোকৰ ফেট’ৰ হেপাটিকাছ হোৱাৰ সম্ভাৱনা বেছি। একেদৰে চৰ্বিযুক্ত যকৃতৰ সমস্যা থকা লোকৰ ক্ষেত্ৰত ফেট’ৰ হেপাটিকাছৰ লক্ষণ দেখা যায়।

যদি মুখৰ পৰা দুৰ্গন্ধ ওলোৱাৰ লগতে যদি জণ্ডিচৰ লক্ষণ দেখা দিয়ে, তেন্তে সাৱধান হওক। তদুপৰি যদি পেট ফুলা, পেটত পানী জমা হোৱা আদি সমস্যা দেখা দিয়ে লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

কেতিয়াবা ভৰি আৰু গোৰোহা ফুলিবলৈ আৰম্ভ কৰে, ভাগৰ বেছি হয়। শৰীৰৰ বিভিন্ন অংশত বিষ অনুভৱ কৰিব পাৰে ।

উপশম পোৱাৰ উপায়

এই সমস্যাৰ পৰা উপশম পাবলৈ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰক, মদ্যপান বন্ধ কৰা, প্ৰচেছড খাদ্য পৰিহাৰ কৰক। লগতে নিয়মিতভাৱে ব্যায়াম কৰক। এই সমস্যা আওকাণ কৰিলে পাছত লিভাৰৰ জটিল সমস্যাৰ লক্ষণে দেখা দিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...