শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নিষিদ্ধ নীলা জিন্স, ১৫ দিনৰ মূৰে মূৰে কাটিব লাগিব চুলি ! অনুমান কৰক কোনখন দেশত এই নিয়ম বলৱৎ কৰা হৈছে ?

প্ৰতিজন ব্যক্তিৰ ফেশ্বন আৰু জীৱনশৈলীৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰি ৰাখিছে এখন দেশে। প্ৰতিজন লোকৰে ব্যক্তিগত পৰিচয়ৰ ক্ষেত্ৰত ফেশ্বন আৰু ষ্টাইলে গুৰুত্ব ভূমিকা গ্ৰহণ কৰিলেও এই দেশখনত কিছু বাধা আৰোপ কৰা হৈছে।

নিষিদ্ধ নীলা জিন্স, ১৫ দিনৰ মূৰে মূৰে কাটিব লাগিব চুলি ! অনুমান কৰক কোনখন দেশত এই নিয়ম বলৱৎ কৰা হৈছে ?
Image Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 29 Sep 2025 18:57 PM

আপুনি বিচৰাৰ মতে চুলিৰ ষ্টাইল বা কাটিব নোৱাৰিব। বিচৰা মতে আপুনি পৰিধান কৰিব নোৱাৰি প্ৰিয় কাপোৰ! প্ৰতিজন ব্যক্তিৰ ফেশ্বন আৰু জীৱনশৈলীৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰি ৰাখিছে এখন দেশে। প্ৰতিজন লোকৰে ব্যক্তিগত পৰিচয়ৰ ক্ষেত্ৰত ফেশ্বন আৰু ষ্টাইলে গুৰুত্ব ভূমিকা গ্ৰহণ কৰিলেও এই দেশখনত কিছু বাধা আৰোপ কৰা হৈছে। আপুনি ভাবিছে এয়া কেনেকৈ সম্ভৱ? হয়, এয়া সম্ভৱ উত্তৰ কোৰিয়াৰ দৰে দেশত।

উত্তৰ কোৰিয়াই প্ৰতিজন লোকৰ ফেশ্বন আৰু জীৱনশৈলী কঠোৰভাৱে নিয়ন্ত্ৰণ কৰে। দেশখনত নীলা জিন্স পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি কিম জং উনে নীলা জিন্সক আমেৰিকাৰ সংস্কৃতি আৰু সাম্ৰাজ্যবাদৰ প্ৰতীক হিচাপে গ্ৰহণ কৰে। যাৰ বাবে দেশখনত আমেৰিকাৰ প্ৰভাৱ ৰোধ কৰিবলৈ ইয়াক নিষিদ্ধ কৰা হৈছে।

একেদৰে উত্তৰ কোৰিয়াৰ চৰকাৰে বিদ্ৰোহী বুলি গণ্য কৰা অন্যান্য ফেশ্বন সামগ্ৰী যেনে ৰিপড ডেনিম, ব্ৰেণ্ডেড টি-চাৰ্ট, পিয়ৰ্চিং, স্পাইকি হেয়াৰষ্টাইল আদি নিষিদ্ধ কৰি ৰাখিছে।

ইফালে, চুলি ষ্টাইলৰ ক্ষেত্ৰত কিছু নিশেধাজ্ঞা আৰোপ কৰি ৰাখিছে উত্তৰ কোৰিয়াই। দেশখনে ২৮টা হেয়াৰ কাটহে অনুমতি প্ৰদান কৰে। পুৰুষৰ ক্ষেত্ৰত ১৪ টা হেয়াৰ কাটত অনুমতি প্ৰদান কৰে। একেদৰে চুটিকৈ চুলি কাটিব পাৰে, ১ ৰ পৰা ৫ চেণ্টিমিটাৰলৈকে চুৰি ৰাখিব পাৰে আৰু প্ৰতি ১৫ দিনৰ মূৰে মূৰে চুলি কটাবলৈ পৰামৰ্শ দিয়া হয় দেশখনত।

মহিলাসকলৰো ১৪টা অনুমোদিত চুলিৰ ষ্টাইল আছে। মহিলাসকলক সাধাৰণতে অলপ দীঘল চুলি ৰাখিবলৈ অনুমতি দিয়ে। আমোদজনকভাৱে কিম জং উনৰ সুকীয়া হেয়াৰষ্টাইল অনুমোদিত তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই। ইয়াৰ দ্বাৰা বুজিব পাৰি যে, তেওঁৰ ৰূপটো আনতকৈ বেলেগ হৈ থকাটো বিচাৰে। উত্তৰ কোৰিয়াৰ নাগৰিকসকলে ফেশ্বনৰ ক্ষেত্ৰত এইধৰণৰ কঠোৰ সীমাবদ্ধতাৰ সন্মুখীন হৈ আহিছে।