দৈহিক ব্যায়ামৰ পিছত আপোনাৰো হয় নেকি পেশীৰ বিষ? আঁৰত আছে বিশেষ কাৰণ, চাওক বিশেষজ্ঞৰ মত…

এক সুস্থ-সবল দেহৰ বাবে স্বাস্থ্যসন্মত খাদ্যৰ লগতে ব্যায়ামো অত্যন্ত প্ৰয়োজনীয়। কিন্তু ব্যায়াম কৰাৰ পিছত বহু লোকৰ পেশী বিষ বা পেশী টানি ধৰাৰ সমস্যা হয়। এই সমস্যাৰ পৰা নিজকে সুৰক্ষিত কৰি তুলিবলৈ এই সময়ছোৱাত কিছুমান কথাৰ বিশেষ যত্ন লোৱা উচিত। বিশেষজ্ঞসকলে এই সন্দৰ্ভত কি কৈছে চাওঁ আহক।

দৈহিক ব্যায়ামৰ পিছত আপোনাৰো হয় নেকি পেশীৰ বিষ? আঁৰত আছে বিশেষ কাৰণ, চাওক বিশেষজ্ঞৰ মত...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

26 May 2025 | 07:42 PM

ব্যক্তিৰ দেহ সুস্থ-সবল কৰি ৰাখিবলৈ স্বাস্থ্যসন্মত খাদ্যৰ লগতে ব্যায়ামৰ অভ্যাসো অত্যন্ত প্ৰয়োজনীয়। শাৰীৰিক ব্যায়ামে ওজন নিয়ন্ত্ৰণ কৰাৰ উপৰিও মানসিক চাপ হ্ৰাস কৰাতো সহায় কৰে। দৈনিক ব্যায়ামৰ অভ্যাসে ব্যক্তিৰ দেহৰ মাংসপেশী শক্তিশালী হোৱাত সহায় কৰাৰ লগতে শৰীৰৰ নমনীয়তা বজাই ৰাখে। কিন্তু ব্যায়াম কৰাৰ পিছত বহু লোকৰ পেশী বিষ বা পেশী টানি ধৰাৰ সমস্যা হয়। এই সমস্যাৰ পৰা নিজকে সুৰক্ষিত কৰি তুলিবলৈ এই সময়ছোৱাত কিছুমান কথাৰ বিশেষ যত্ন লোৱা উচিত। বিশেষজ্ঞসকলে এই সন্দৰ্ভত কি কৈছে চাওঁ আহক।

মীৰাটৰ অৰ্থপেডিকছ বিশেষজ্ঞ ডাঃ আজাদ খানৰ মতে, যদি ৱৰ্কআউট কৰাৰ পিছত পেশীৰ বিষ হয়, তেতিয়া আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। এই পেশীৰ বিষ অতি সাধাৰণ কথা বুলি উল্লেখ কৰি তেওঁ লগতে নতুনকৈ ব্যায়াম কৰিবলৈ ল’লে বা দীৰ্ঘ সময়ৰ পিছত পুনৰ ৱৰ্কআউট আৰম্ভ কৰিলে বিশেষকৈ এনে হয় বুলি জানিবলৈ দিয়ে। সাধাৰণতে ব্যায়ামৰ ১২ৰ পৰা ২৪ ঘণ্টাৰ পিছত এই বিষ আৰম্ভ হয় আৰু ৪৮ৰ পৰা ৭২ ঘণ্টালৈকে থাকিব পাৰে।

আমি যেতিয়া ৱৰ্কআউট কৰো, তেতিয়া পেশীৰ ভিতৰৰ সৰু সৰু ফাইবাৰসমূহ ভাঙি যায়। শৰীৰে সেই স্থানসমূহৰ নিজাকৈ মেৰামতি কৰে আৰু এই প্ৰক্ৰিয়াত সামান্য বিষ অনুভৱ হয়। যদিও এই বিষ পেশী শক্তিশালী হোৱাৰ লক্ষণ, তথাপিও বিষৰ পৰা সকাহ পোৱাটো প্ৰয়োজনীয়। বিশেষজ্ঞসকলৰ মতে প্ৰথমে ৱৰ্কআউটৰ পূৰ্বে শৰীৰটো সাজু কৰি ল’বলৈ সঠিকভাৱে ৱাৰ্ম আপ কৰিব লাগে আৰু ব্যায়ামৰ পিছত কুল-ডাউন আৰু ষ্ট্ৰেচিং কৰিব লাগে।

ৱৰ্কআউটৰ গতি লাহে লাহে বৃদ্ধি কৰিব লাগে আৰু পোনে পোনে গধুৰ ব্যায়াম কৰিব নালাগে। নিজৰ শৰীৰৰ জোৰ অনুসৰিহে ব্যায়াম কৰিব লাগে আৰু শৰীৰত অপ্ৰয়োজনীয় চাপ দিয়াৰ পৰা বিৰত থাকিব লাগে। এই সমস্যা যাতে নহয় তাৰ বাবে হাইড্ৰেচন অতি প্ৰয়োজনীয়। সেয়ে প্ৰচুৰ পৰিমাণে পানী খাব লাগে যাতে শৰীৰে ভাগৰুৱা অনুভৱ নকৰে। প্ৰটিন সমৃদ্ধ সুষম খাদ্য গ্ৰহণ কৰক, যি পেশীৰ পুনৰ গঠনত সহায় কৰিব।

ৱৰ্কআউটৰ পিছত পৰ্যাপ্ত জিৰণি তথা টোপনিও অত্যন্ত প্ৰয়োজনীয়। পেশীয়ে যাতে প্ৰয়োজনীয় জিৰণি লাভ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি সপ্তাহত অন্ততঃ এদিন বা দুদিন জিৰণি লওক। বিষ বেছি হ’লে আইচ পেক লগাওক বা লঘু মালিচ কৰক। গৰম পানীৰে গা ধুলেও বিষৰ পৰা উপশম পোৱা যায়। বিষ কিছু বেছি হ’লেও চিকিৎসকৰ পৰামৰ্শ মতেহে বিষনাশক ঔষধ খাব লাগে। যদি বিষ কেইবাদিনো থাকে বা ফুলি যায়, লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...