সঘনাই মুখৰ আলচাৰ হোৱাটো কিমান বিপজ্জনক? ই এটা সৰু সমস্যা নে কোনো গুৰুতৰ ৰোগৰ লক্ষণ?
যদি সঘনাই এই সমস্যা হৈ থাকে তেতিয়া হ’লে আওকাণ কৰা উচিত নহয়। ই গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। মুখৰ আলচাৰ হোৱাৰ বহু কাৰণ আছে।

বেছিকৈ টেঙা খাদ্য খালে বা পেট বেয়া হ’লে মুখত ঘাঁ হ’ব পাৰে। সাধাৰণতে এই সমস্য়া কেইদিনমানৰ পাছতে ভাল হয়। কিন্তু যদি সঘনাই এই সমস্যা হৈ থাকে তেতিয়া হ’লে আওকাণ কৰা উচিত নহয়। ই গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। মুখৰ আলচাৰ হোৱাৰ বহু কাৰণ আছে। শৰীৰত ফলিক এচিড বা আইৰণৰ অভাৱ হ’লে এই সমস্যা হ’ব পাৰে।
ইয়াৰ উপৰিও পেট বিষ হোৱা আৰু টেঙা খাদ্য খোৱাৰ ফলতো এই সমস্যা সৃষ্টি হ’ব পাৰে। কিছুমান মানুহৰ তিনি-চাৰিমাহৰ মূৰে মূৰে এবাৰ বা দুবাৰ আলচাৰ হয় আৰু তাৰ পিছত ভাল হয়। কিন্তু যদি কেইদিনমানৰ মূৰে মূৰে আলচাৰ হয় আৰু তাৰ পিছত আলচাৰ ভাল হোৱাৰ পিছত পুনৰ দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন।
গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে
গাজিয়াবাদৰ মেক্স হাস্পতালৰ অংক’লজী বিভাগৰ ডাঃ ৰোহিত কাপুৰে বুজাইছে যে, যদি কোনো ব্যক্তিৰ মাহে মাহে আলচাৰ হয়, তাৰ লগে লগে মুখৰ পৰা সামান্য ৰক্তক্ষৰণ হয়, বা ওজন কমি যায়, তেন্তে ইয়াক সহজভাৱে লোৱা উচিত নহয়। মুখত মাহৰ পিছত মাহ ধৰি আলচাৰ থাকে তেন্তে সেয়াও বিপদজনক হ’ব পাৰে। এনে ক্ষেত্ৰত মুখৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
থাইৰয়ড বা ডায়েবেটিছৰ দৰে অন্ত্ৰৰ ৰোগৰ ফলতো এই সমস্যা সৃষ্টি হ’ব পাৰে। কিছুমান ক্ষেত্ৰত এইচ আই ভি ভাইৰাছৰ ফলতো একেধৰণৰ লক্ষণ দেখা দিয়ে।
এই লোকসকল সাৱধান হওক
- ধূমপান বা ধঁপাত সেৱনকাৰী
- ডায়েবেটিছ ৰোগী
- ভিটামিন বি ১২ৰ অভাৱত ভোগা লোক
- পেট বেয়া হোৱা সকলৰ
- যিসকলে অত্যধিক টেঙা খাদ্য খায়
কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?
- আপোনাৰ ভিটামিন বি ১২ৰ মাত্ৰা পৰীক্ষা কৰক; যদি কম হয় তেন্তে ঔষধ খাব লাগে।
- ধঁপাত খাব নালাগে।
- টেঙা খাদ্য পৰিহাৰ কৰক।
- মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক।
- যদি সঘনাই আলচাৰ হৈ থাকে বা ভাল হ’বলৈ বহু সময় লাগে তেন্তে ই এন টি বিশেষজ্ঞ বা দন্ত চিকিৎসকৰ ওচৰলৈ যাওক।