গজালি ওলোৱা বুট নে মগু! দেহৰ বাবে কোনবিধ অধিক উপকাৰী জানেনে?
গজালি ওলোৱা মগু আৰু বুটৰ ভিতৰত কোনবিধ অধিক উপকাৰী, সেই লৈ বহুলোকৰ মনত প্ৰশ্নৰ উদ্ৰেক হোৱা দেখা যায়। যদি আপুনিও এই প্ৰশ্নৰ সন্মুখীন হৈছে, তেতিয়া এই লেখাটোৰ জৰিয়তে সঠিক উত্তৰ লাভ কৰিব পাৰে।

ব্যস্ততাপূৰ্ণ দৈনন্দিন জীৱনশৈলীৰ বাবে যিকোনো লোকেই দিনটোত কোনো সময়ত অৱস তথা ক্লান্ত অনুভৱ কৰে। সমান্তৰালকৈ খাদ্যৰ প্ৰতি বিশেষ যত্ন নল’লে এনে সমস্যা অধিক হৈ পৰে। ইয়াৰ ফলত ব্যক্তিৰ সামগ্ৰিক স্বাস্থ্যতো যথেষ্ট প্ৰভাৱ পৰে। সেয়ে স্বাস্থ্য সচেতন লোকসকলে এতিয়া নিজৰ দৈনন্দিন খাদ্যাভ্যাসত স্বাস্থ্যসন্মত খাদ্য অন্তৰ্ভুক্ত কৰিছে। এইক্ষেত্ৰত বহুলোকৰ পছন্দৰ খাদ্য হিচাপে দেখা যায় গজালি ওলোৱা মগু আৰু বুট। যথেষ্ট পুষ্টিসমৃদ্ধ এই খাদ্যই স্বাস্থ্যৰ বহু উপকাৰিতা সাধন কৰে।
বহুলোকে ব্ৰেকফাষ্টত আৰু একাংশ লোকে সন্ধিয়াৰ লঘু জলপান হিচাপে গজালি ওলোৱা বুট বা মগু খায়। গজালি ওলোৱা মগু আৰু বুটত প্ৰটিন, ফাইবাৰৰ লগতে বিভিন্ন ভিটামিন থাকে। ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হজম শক্তি উন্নত হোৱালৈকে এই সামগ্ৰীসমূহে যথেষ্ট অৰিহণা যোগায়।
পিছে গজালি ওলোৱা মগু আৰু বুটৰ ভিতৰত কোনবিধ অধিক উপকাৰী, সেই লৈ বহুলোকৰ মনত প্ৰশ্নৰ উদ্ৰেক হোৱা দেখা যায়। যদি আপুনিও এই প্ৰশ্নৰ সন্মুখীন হৈছে, তেতিয়া এই লেখাটোৰ জৰিয়তে সঠিক উত্তৰ লাভ কৰিব পাৰে।
গজালি ওলোৱা বুট
১০০ গ্ৰাম গজালি ওলোৱা বুটত ২০.৫ গ্ৰাম প্ৰ’টিন, ১২.২ গ্ৰাম ফাইবাৰ, ৫৭ মিলিগ্ৰাম কেলচিয়াম, ৪.৩১ মিলিগ্ৰাম আইৰণ, ৭১৮ মিলিগ্ৰাম পটাছিয়াম আৰু ৪ মিলিগ্ৰাম ভিটামিন চি থাকে। ইয়াত আন বহুতো পুষ্টিকৰ উপাদানো থাকে। দৈনিক গজালি ওলোৱা বুট খালে তেজৰ চেনিৰ নিয়ন্ত্ৰণ উন্নত হয়, পাচনতন্ত্ৰ সুস্থ হৈ থাকে, হৃদযন্ত্ৰৰ স্বাস্থ্য অটুট থাকে, হাড়ৰ ঘনত্ব বৃদ্ধি পায় আৰু ওজন নিয়ন্ত্ৰণত সহায়ক হয়।
গজালি ওলোৱা মগু
বুটৰ দৰে গজালি ওলোৱা মগুৰ পুষ্টিও প্ৰচুৰ। ইয়াত ২৩.৯ গ্ৰাম প্ৰটিন, ১৬.৩ গ্ৰাম ফাইবাৰ, ১৩২ মিলিগ্ৰাম কেলচিয়াম, ৬.৭৪ মিলিগ্ৰাম আইৰণ, ১২৫০ মিলিগ্ৰাম পটাছিয়াম আৰু ৪.৮ মিলিগ্ৰাম ভিটামিন চি থাকে। দৈনিক গজালি ওলোৱা মগু খালে হজম শক্তি বৃদ্ধি পায়, ওজন হ্ৰাস কৰাত সহায় কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰিও ই ৰোগ প্ৰতিৰোধ ক্ষমতাও উন্নত কৰে।
দুয়োটাৰ ভিতৰত কোনবিধ অধিক উপকাৰী
গজালি ওলোৱা মগু আৰু বুট দুয়োবিধ পুষ্টিকৰ উপাদানৰ ভঁৰাল। দুয়োবিধৰে মাজত তুলনা কৰিলে গজালি ওলোৱা বুটতকৈ গজালি ওলোৱা মগু অধিক পুষ্টিকৰ বিবেচিত হয়। অৱশ্যে দুয়োটাৰে সুফল বেলেগ বেলেগ। গতিকে আপোনাৰ প্ৰয়োজন তথা পছন্দ অনুসৰি যিকোনো এবিধ বাচি ল’ব পাৰে। সম্পূৰ্ণ পুষ্টিৰ বাবে অৱশ্যে বুট আৰু মগু একেলগে খোৱাই ভাল।