ডায়েবেটিছৰ আশংকা বৃদ্ধি কৰে নেকি ম’ম আৰু চাউমিনে? জানক গৱেষণাৰ পৰা…

Diabetes: আজিকালি প্ৰায়ভাগ মানুহে টাইপ-২ ডায়েবেটিছত ভোগা দেখা যায়। বিভিন্ন কাৰণত এই ৰোগ হয়। কেৱল চেনি নহয় অন্য খাদ্যইও ডায়েবেটিছৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ক্ষেত্ৰত ম'ম', চাউমিন অন্যতম।

ডায়েবেটিছৰ আশংকা বৃদ্ধি কৰে নেকি মম আৰু চাউমিনে? জানক গৱেষণাৰ পৰা...

ডায়েবেটিছ

Published: 

15 Jan 2026 | 04:35 PM

বহুতে ভাবে কেৱল মিঠা বেছিকৈ খালে ডায়েবেটিছ হয়। কিন্তু আপুনি জানেনে, ম’ম’ আৰু চাউমিনেও এই  ৰোগৰ সৃষ্টি কৰিব পাৰে।  যাৰ ঘৰৰ ওচৰত ফাষ্টফুডৰ দোকান থাকে তেন্তে ডায়েবেটিছৰ সম্ভাৱনা বেছি। এক গৱেষণাত প্ৰকাশ পাইছে এই তথ্য। গৱেষণাৰ মতে, যি ঠাইত ফাষ্টফুড সহজে উপলব্ধ হয় তেনে অঞ্চলৰ লোকৰ টাইপ ২ ডায়েবেটিছ(Type2 Diabetes) আৰু মেদবহুলতাৰ আশংকা বৃদ্ধি পায়।

বহুতে ভাবে যে, ফাষ্টফুড খালে পেটৰ সমস্যা, ওজন বৃদ্ধি আদি হ’ব পাৰে। কিন্তু জানি আচৰিত হ’ব যে ফাষ্টফুডে ডায়েবেটিছ আৰু মেদবহুলতাৰ সম্পৰ্ক আছে। এই দৱেষণা কেইবাটাও স্থানত চলিছিল। ৪০০ মিটাৰ দূৰত্বৰ ভিতৰত ফাষ্টফুডৰ দোকান থকাসকলৰ ডায়েবেটিছ আৰু মেদবহুলতাৰ সম্ভাৱনা বৃদ্ধি পোৱা দেখা গৈছে।

ম’ম’ আৰু চাউমিন কিয় ক্ষতি কৰে?

ইয়াত বহু পৰিমাণে ময়দা থাকে। ইয়াৰোপৰি ইয়াত বেছিকৈ নিমখ আৰু ৰিফাইণ্ড অইল থাকে। ইয়াৰ ফলত ওজন বৃদ্ধি হয়। লগতে ব্লাড চুগাৰ বৃদ্ধি হোৱা দেখা যায়। বেছি নিমখ আৰু তেলৰ দ্বাৰা হৃদযন্ত্ৰৰ সম্ভাৱনা বৃদ্ধি পায়। গৱেষণাত প্ৰকাশ পাইছে যে, বিদ্যালয়ৰ আশে-পাশে ফাষ্টফুডৰ দোকান আছে, সেই অঞ্চলৰ লোকসকলৰ মেদবহুলতা বৃদ্ধি পায়। যাৰ বাবে কম বয়সৰ লোকসকলৰ মাজত টাইপ-২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গৱেষণাত দেখা গৈছে যে, শিশুৰ মাজতো মম খোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে। এনেস্থলত শিশুসকলৰ ইনচুলিন প্ৰতিৰোধ ক্ষমতাৰ সমস্যাৰ সৃষ্টি হয়।

প্ৰতিৰোধৰ উপায়

  • ফাষ্টফুড কম খাওক।
  • ঘৰত বনোৱা খাদ্য খাওক।
  • ব্যায়াম কৰক।
  • পৰ্যাপ্ত টোপনি লওক।
  • তেল, মচলাযুক্ত খাদ্য কম খাওক।

 

অন্য খবৰ পঢ়কঃকি কি ৰোগৰ বাবে ভাল পানীলাউ? জনালে বাবা ৰামদেৱে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...