Methi Benefits: মেথি শাক কি কি ৰোগৰ বাবে ভাল? জানক ইয়াৰ উপকাৰিতা…

Methi Benefits: শীতকালত বহুতে মেথি শাক খায়। এই মেথি শাকৰ বিভিন্ন উপকাৰী গুণ আছে। মেথি থাকে চুলিৰ স্বাস্থ্যৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ বিভিন্ন উপকাৰ সাধন কৰে। এই সন্দৰ্ভত জনা দৰকাৰ।

Methi Benefits: মেথি শাক কি কি ৰোগৰ বাবে ভাল? জানক ইয়াৰ উপকাৰিতা...

মেথিৰ উপকাৰিতা

Published: 

23 Nov 2025 11:27 AM

শীতকালত বিভিন্ন ধৰণৰ শাক-পাচলিৰে বজাৰ ভৰি পৰে। প্ৰতিবিধ শাক-পাচলিৰে নিজা নিজা গুণ আছে। বহু গুণেৰে সমৃদ্ধ এনে এবিধ শাক হ’ল মেথি শাক। শীতকালত বহুতে বিভিন্ন ধৰণে মেথি শাক খায়। কিছুমানে মেথিৰ পৰঠা, মেথি আলুৰ সৈতে, মেথি পনিৰৰ সৈতে খোৱা দেখা যায়। মেথিৰ পাত বিভিন্ন ধৰণৰ ভিটামিন আৰু মিনাৰেলছ থাকে। ইয়াক চুপাৰফুড বুলি কোৱা হয়। মেথি শাক খালে কি কি সুবিধা পোৱা যায় সেইসমূহ তলত উল্লেখ কৰা হ’ল।

উপকাৰিতা

ওজন হ্ৰাসঃ মেথিত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যি পাচনতন্ত্ৰ ভাল কৰে আৰু হজম প্ৰক্ৰিয়া উন্নত কৰে। এয়া খোৱাৰ ফলত পেট বেছি সময়লৈকে ভৰি থাকে। যাৰ ফলত বাৰে বাৰে খোৱাৰ ইচ্ছা কম হয়। ইয়াৰ বাবে ওজন হ্ৰাস কৰাৰ বাবে বহুতে মেথি শাক খায়।

পাচনতন্ত্ৰঃ মেথিত থকা ফাইবাৰে অন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। যাৰ ফলত কৌষ্ঠকাঠিন্যৰ পৰা সকাহ পোৱা যায়। ই এচিডিটি আৰু বুকুত জলা-পোৰা সমস্যা আদি হ্ৰাস কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালীঃ মেথিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। শীতকালত বিভিন্ন ধৰণৰ ৰোগ হয় মানুহৰ। মেথিত থকা ভিটামিন চি আৰু অন্য উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি বেমাৰৰ পৰা শৰীৰক দূৰত থাকে।

ছাল আৰু চুলিঃ মেথিত ভিটামিন এ, ভিটামিন চি, আয়ৰন, এন্টিঅক্সিডেন্টছ আজি থাকে। যিয়ে তেজ বিশুদ্ধ কৰে। ইয়াৰ ফলত ছালত ধুনীয়া আৰু উজ্বল হয়। ইয়াৰোপৰি ই চুলিৰ স্বাস্থ্যও ভাল কৰে।

ডায়েবেটিছঃ মেথিত ফাইবাৰ কাৰ্বোহাইড্ৰেট আৰু চুগাৰৰ শোষণ লেহেমীয়া কৰে,যাৰ ফলত তেজত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে।

হৃদযন্ত্ৰঃ মেথিয়ে বেয়া কলেষ্টেৰল কম কৰাত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। গতিকে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও মেথি উপকাৰী।

 

(এই লেখাটোত কিছুমান সাধাৰণ দিশ উল্লেখ কৰা হৈছে। যদি আপোনাৰ কিবা ৰোগ আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লব পাৰে।)

 

অন্য খবৰ পঢ়কঃ শীতকালত পুৱা খোজ কঢ়া ভাল নে বেয়া? জানক চিকিৎসকৰ পৰা…

মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ তিনিটা প্ৰধান লক্ষণ কি কি? জানক...
নাৰীৰ কোনবোৰ বস্তুৱে পুৰুষক আকৰ্ষণ কৰে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
পত্নীৰ সৈতে নকৰিব কাজিয়া, অভাৱ-অনাটনে দেখা দিব জীৱনত!
শীতকালত কলেষ্টেৰল কম কৰিবলৈ খাওক এই খাদ্য...