Magh Bihu Wishes: এনেকৈ আপোনজনক প্ৰেৰণ কৰক ভোগালী বিহুৰ শুভেচ্ছা…
Magh Bihu Wishes: সকলোৰে হেঁপাহৰ মাঘ বিহু। এই সময়চোৱাত সকলোৱে মিলি প্ৰীতি ভোজ খাই, আনন্দ কৰে। মাঘ বিহুক লৈ সকলোৰে নিজা প্ৰস্তুতি। এই সময়চোৱাত বিভিন্নজনে আত্মীয়ক প্ৰেৰণ কৰে হেঁপাহৰ বিহুটিৰ শুভেচ্ছা।

মাঘ বিহুৰ শুভেচ্ছা
মাজত মাত্ৰ কেইটামান দিন। আহি আছে হেঁপাহৰ মাঘ বিহু (Magh Bihu)। অহা ১৩ জানুৱাৰীত সমূহ অসমীয়াই পালন কৰিব উৰুকা। এই নিশা সকলোৱে লগে ভাগে মিলি ভেলাঘৰত বা ঘৰত মাছে মঙহে খাব। এই বিহুত খাবলৈ সকলোৰে ওচৰত কিবা অলপ থাকে, যাৰ বাবে এই বিহুক ভোগালী বিহু বুলিও কয়। উৰুকাৰ পাছত ১৪ জানুৱাৰীত সকলোৱে মেজিৰ উম লব আৰু ১৫ জানুৱাৰীত মাঘৰ ১ তাৰিখ।
এই সময়চোৱাত সকলোৱে আপোনজনক প্ৰেৰণ কৰে হেঁপাহৰ বিহুটিৰ শুভেচ্ছা। গতিকে আপুনিও তলত দিয়া ধৰণে আপোনজনক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিব পাৰে-
- আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ আটাইলৈ হেঁপাহৰ ভোগালীৰ হিয়াভৰা শুভেচ্ছা।
- উৰুকাৰে প্ৰীতি ভোজে আপোনালোকৰ মাজত দৃঢ় কৰক সম্পৰ্কৰ এনাজৰী। ভোগালীৰ শুভেচ্চা থাকিল।
- উৰুকাৰে ভোজে লৈ আনক সুখ শান্তি, মেজিৰ জুইয়ে দূৰ কৰক সকলো অসূয়া অপ্ৰীতি, হেঁপাহৰ ভোগালীৰ শুভেচ্ছা থাকিল।
- উৰুকা মানে ভোগ, ভোগ মানেই আনন্দ। আশা কৰো এই বিহুয়ে তোমাৰ আৰু তোমাৰ পৰিয়াললৈ লৈ আনক অনবিল সুখ-শান্তি, সমৃদ্ধি। হেঁপাহৰ মাঘ বিহুৰ শুভেচ্ছা।
- মেজিৰ জুইত জাহ যাওক সকলো দুখ, হিংসা, দুৰ্নীতি। সুখেৰে ভৰি পৰক সকলোৰে জীৱন। ভোগালীৰ শুভেচ্ছা থাকিল।
- নতুন শস্যক আদৰাৰ এই উৎসৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধি। মাঘ বিহুৰ শুভেচ্ছা।
- ভোগালীৰ আনন্দই সুখ-শান্তিৰে ভৰাই তোলক সকলোৰে জীৱন। সকলোলৈ হেঁপাহৰ ভোগালীৰ শুভেচ্ছা।
- বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে। হেঁপাহৰ ভোগালীৰ শুভেচ্ছা।
- উৰুকাৰ জুইৰ উত্তাপে উজ্বলাই তোলক অসমীয়াৰ জাতীয় জীৱন। মেজিৰ জুইয়ে নাশ কৰক সকলো অপায় অমংগল। সকলোলৈ হেঁপাহৰ ভোগালীৰ শুভেচ্ছা।
- ভোগালীৰ বহুত বহুত শুভেচ্ছা। আশা কৰো ভঁৰালৰ সোণগুটিৰ দৰে সকলোৰে জীৱন ভৰি পৰক সুখ-শান্তিৰে।
অন্য খবৰ পঢ়কঃ উৰুকা কেতিয়া? জানক এই দিনটোৰ ইতিহাস, পৰম্পৰা আদি সকলো…