Happy Krishna Janmashtami 2025 Quotes: শ্রীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমীত এইদৰে সকলোকে জনাওক শুভেচ্ছা
Janmashtami 2025 wishes : সমাগত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী। দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন কৰা হয় জন্মাষ্টমী মহোৎসৱ। এই শুভ অনুষ্ঠানটো ভগৱান শ্ৰীকৃষ্ণৰ জন্মবাৰ্ষিকী হিচাপে পালন কৰা হয়। এই বিশেষ দিনটোত কৃষ্ণ ভক্তসকলক দিয়ক শুভেচ্ছা...

জন্মাষ্টমীত এইদৰে সকলোকে জনাওক শুভেচ্ছা
কৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান আছিল। শ্ৰীকৃষ্ণৰ জন্ম দিন অসমীয়া বৈষ্ণৱ ধৰ্মালম্বী লোকসকলে জনমাষ্টমীৰ দিনা ৰাতি দহ মান বজাৰ পৰা কৃষ্ণক সুঁৱৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নাম ঘোষা ৰাগ গায়। এইদৰে ভক্তসকলে কৃষ্ণৰ আনন্দত মতলীয়া হয় আৰু ৰাতি বাৰ বজাৰ লগে লগে কৃষ্ণ জন্ম হোৱা বুলি কেঁচুৱা সন্তানে কন্দাৰ নিচিনা এটা শব্দ সৃষ্টি কৰে। এই নাম প্ৰসংগ পিছৰ দিনৰ ৰাতিপুৱালৈকে চলে। শেষত সকলোৱে ভগৱানৰ নামত আগবঢ়োৱা শৰাইৰ প্ৰসাদ খায়। পূৰ্ব পুৰুষ সকলৰ মতে এই জন্মাষ্টমী নাম গোৱা প্ৰথা বৈষ্ণৱযুগৰ পৰাই চলি আহিছে।
অসমত ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিহে জন্মাষ্টমী পালন কৰাৰ নিয়ম আছে। শাওণ মাহত অসমত জন্মাষ্টমী পালন নকৰে। পৌৰাণিক বিশ্বাস অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ সময়ত বাসুদেৱে তেওঁক নিজৰ মামাক কংসৰ পৰা বচাবলৈ যমুনা নদীৰ সিপাৰে গোকুলৰ নন্দ বাবা আৰু যশোদাৰ ওচৰত থৈ আহিছিল। সমগ্ৰ দেশতে অতি আড়ম্বৰেৰে পালন কৰা হিন্দু ধৰ্মৰ অন্যতম প্ৰধান উৎসৱ কৃষ্ণ জন্মাষ্টমী।
পঞ্চাঙৰ তথ্য অনুসৰি ভদ্ৰপদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি অহা ১৫ আগষ্টৰ নিশা ১১:৪৯ বজাৰ পৰা আৰম্ভ হ’ব। আনহাতে, এই তিথি ১৬ আগষ্টৰ নিশা ৯:৩৪ বজাত শেষ হ’ব। এনে ক্ষেত্ৰত যদি উদয় তিথিৰ আধাৰত দেখা যায় তেন্তে জন্মাষ্টমী ১৬ আগষ্ট। জন্মাষ্টমীৰ পূজাৰ শুভ সময় ১৬ আগষ্টৰ পুৱা ১২:০৪ বজাৰ পৰা আৰম্ভ হ’ব আৰু পুৱা ১২:৪৭ বজালৈকে চলিব। এনে ক্ষেত্ৰত পূজাৰ বাবে মুঠ ৪৩ মিনিট সময় পাব।
জন্মাষ্টমীত পূজা-দর্শনৰ বাবে প্রতিটো কৃষ্ণ মন্দিৰত ভক্তৰ দীঘলীয়া শাৰী দেখা যায়। জন্মাষ্টমীৰ এই শুভ ক্ষণ উপলক্ষে আপোনাৰ আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীলৈ প্ৰেৰণ কৰিব পাৰে জন্মাষ্টমীৰ শুভেচ্ছা।
- ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক কৃপা সদায় আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ ওপৰত পৰক। জন্মাষ্টমীৰ শুভেচ্ছা…
- শ্ৰীকৃষ্ণৰ চৰণতো শান্তি, তেওঁৰ লীলাতো শান্তি। জন্মাষ্টমীৰ এই উৎসৱত আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
- ৰাধাৰ ভক্তি, বাঁহীৰ মধুৰতা আৰু গোপীসকলৰ নৃত্য,বিশেষ হৈ পৰে জন্মাষ্টমীৰ দিনটো! কৃষ্ণৰ জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ…
- ভগৱান শ্ৰী কৃষ্ণই আপোনাৰ জীৱন সুখ, সমৃদ্ধি আৰু শান্তিৰে ভৰাই তোলক। জন্মাষ্টমীৰ বাবে শুভেচ্ছা!
- বৃন্দাবনৰ মাটিত খেলা দুষ্ট গোপাল কানহেয়া। গোপীৰ পৰা চুৰি হোৱা মাখন, মুৰলীধৰ কানহেয়া। শ্ৰী কৃষ্ণ জন্মাষ্টমীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
অৱশ্যে ১৬ আগষ্টত অসমত জন্মাষ্টমী পালন কৰা নহয়। কালচক্ৰ পুৰ্ণাংগ পঞ্জিকা অনুসৰি অসমত ২৮ ভাদত পালন কৰা হ’ব শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। ইংৰাজী কেলেণ্ডাৰৰ তাৰিখ অনুসৰি ১৪ ছেপ্তেম্বৰত পালন কৰা হ’ব। এই দিনটোত ৰাজ্য চৰকাৰেও চৰকাৰী বন্ধ ঘোষণা কৰিছে। ১৬ আগষ্ট শনিবাৰে বৃন্দাবনকে ধৰি ব্ৰজধামত কৃষ্ণ জন্মাষ্টমী উৎসৱ অতি আনন্দৰে পালন কৰা হ’ব।