মহাশিৱৰাত্ৰিত ভাঙৰ নিচা কেনেকৈ কমাব? জানক এই পদ্ধতি

মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱ আৰু দেৱী পাৰ্বতীক পূজা কৰা হয়। এই দিনটোত শিৱক বেলপাত আৰু ভাঙৰ দৰে সামগ্ৰী প্ৰদান কৰে। কেতিয়াবা অধিক ভাঙৰ প্ৰসাদ খালে মানুহৰ নিচা বাঢ়িব পাৰে। কিন্তু এই সহজ পদ্ধতিৰে নিচা আঁতৰাব পাৰি।

মহাশিৱৰাত্ৰিত ভাঙৰ নিচা কেনেকৈ কমাব? জানক এই পদ্ধতি

মহাশিৱৰাত্ৰিত ভাঙৰ নিচা কেনেকৈ কমাব?

Published: 

26 Feb 2025 | 08:56 PM

মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱক পূজা কৰা হয়। ভোলানাথক বিভিন্ন প্ৰকাৰৰ নৈবদ্য আগবঢ়োৱা হয়। ইয়াৰ ভিতৰত বেলপাত, ভাং আৰু ধতুৰা শিৱৰ বাবে অতি প্ৰিয়।

শিৱৰাত্ৰিত ভাঙৰ পৰা ঘোটা প্ৰস্তুত কৰা হয়। এই দিনটোত ভাঙৰ পৰা তৈয়াৰী পানীয় আৰু ইয়াক লাড়ু প্ৰসাদ হিচাপে আগবঢ়োৱা হয়। কিন্তু কেতিয়াবা ইয়াৰ নিচা অত্যধিক হৈ পৰে। এই নিচা আপুনি সহজে কেনেকৈ দূৰ কৰিব জানক…

নেমুৰ পানী

ভাঙৰ নিচা কমাবলৈ আপুনি নেমুৰ পানীও খাব পাৰে। ই নিচা কমাবলৈ উপযোগী বুলি গণ্য কৰা হয়। গতিকে আপোনাৰ বেছি নিচা লাগিলে নেমুৰ পানী সেৱন কৰিব পাৰে।

পানী খাওক

ভাঙৰ নিচা আঁতৰাবলৈ আটাইতকৈ ফলপ্ৰসূ উপায়টো হ’ল অধিক পানী সেৱন কৰি শৰীৰক হাইড্ৰেড কৰি ৰখা। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ আঁতৰাই নিচা কম কৰিব।

গৰম পানীৰে গা ধুব লাগে

গৰম পানীৰে গা ধোৱাটোও ভাং সেৱনৰ ফলত হোৱা নিচা হ্ৰাস কৰাত উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে, কিন্তু বেছি গৰম পানীৰ ব্যৱহাৰ নকৰিব।

নাৰিকল পানী

ভাঙৰ ফলত শৰীৰত পানীৰ অভাৱ হ’ব পাৰে। সেয়ে নাৰিকল পানীও খাব পাৰে ই শৰীৰত পানীৰ উপযুক্ত যোগান ধৰাত সহায় কৰে আৰু নিচা কম কৰাত সহায় হ’ব পাৰে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...